--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ ছিনিয়ৰ ক্ৰিকেট দলৰ বাবে গাব্বা ক্ৰিকেট গ্ৰাউণ্ড আছিল প্ৰধান দুৰ্গ। প্ৰায় তিনি দশক পাছত ভাৰতে ব্রিজবেন টেষ্টত জয়লাভ কৰাৰ লগতে শেষৰটো অষ্ট্ৰেলিয়া ভ্ৰমণত ২-১ৰ ব্যৱধানত টেষ্ট ছিৰিজত জয়লাভ কৰে৷ সেই ছিৰিজত বিশেষকৈ গাব্বাত ভাৰতৰ মিডিল অৰ্ডাৰ বেটছমেন চেতেশ্বৰ পূজাৰাই নিজৰ শৰীৰত এটাৰ পিছত এটা বলৰ আঘাত সহ্য কৰি খেলি গৈইছল স্মৰণীয় ইনিংছ। আঘাতৰ বেদনা সহ্য কৰি শেষ দিনৰ যুঁজত ভাৰতৰ বাবে এক অবিস্মৰণীয় জয়ৰ ভেটি স্থাপন কৰিছিল চেতেশ্বৰ পূজাৰাই।

চতুৰ্থ ইনিংছত ৩২৬ ৰান কৰি ভাৰতে ১৬ টা বল বাকী থকা অৱস্থাত ৩ উইকেটত টেষ্টমেচখনত জয়লাভ কৰিছিল। ১৯৮৬ চনত গাব্বাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিমবাৰৰ বাবে টেষ্টত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়াই। তাৰপাছত আৰু গাব্বাত আন কোনে দলে তেওঁলোকক পৰাস্ত কৰিব পৰা নাছিল। অৰ্থাৎ ৩১ বছৰ ধৰি অক্ষত অভিলেখ ভংগ কৰিছিল ভাৰতে। শৃংখলাত শুভমন গীলে ৯১ ৰান সংগ্ৰহ কৰে। ১৩৭টা বলত ৬৯ ৰানৰ অপৰাজিত ইনিংছ খেলি পণ্টে ভাৰতক জয়ৰ দিশে আগুৱাই লৈ গৈছিল। সেই মেচখনৰ চতুৰ্থ ইনিংছত ২১১টা বলত ৫৮ ৰানৰ অনবদ্য ইনিংছ খেলিছিল  চেতেশ্বৰ পূজাৰাই। 

শেহতীয়াকৈ, সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পূজাৰাই কয় যে, ‘মই ভাবো এই কথাটোৱে মোক আৰু ভাল কিবা এটা কৰিবলৈ প্ৰেৰণা দিয়ে। প্ৰথম দুটা আঘাতৰ বাবে মই প্ৰচণ্ড বিষ অনুভৱ কৰিছিলো। একে ঠাইতে ২-৩ বাৰ আঘাত পাইছিলো। এটা সময়ত বলটো মোৰ আঙুলিৰ ওচৰত জোৰেৰে খুন্দা মাৰিছিল। অসহ্যকৰ আছিল সেই বেদনা। ফিজিঅ’ৰ সৈতে মই কথা পাতিছিলো। ফিজিঅ’ই মোক সুধিছিল পেইন কিলাৰ লম নে নাই? মই অস্বীকাৰ কৰিছিলো। খেলচলাকালীন সময়ত ঔষধ সেৱন কৰিলে মোৰ একাগ্ৰতা হেৰাই যায়। বলে আঘাত কৰিলেও পৰাজয় স্বীকাৰ কৰিব নোৱাৰো বুলি নিজকে নিজে বুজনি দিছিলো। কাৰণ, মোৰ লক্ষ্যই হৈছে দেশৰ হৈ মেচখনত জয়ী হোৱা বা ড্ৰ’ কৰা।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ