--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীয়ে আয়োজন কৰা অনুৰ্দ্ধ ৭বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতাৰ অনুৰ্দ্ধ ৭বছৰ শাখাত ধান্যতা গোস্বামীয়ে দ্বিতীয় ৰাউণ্ডৰ শেষত ২পইণ্ট সংগ্ৰহ কৰি শীৰ্ষ স্থানত আছে।  এই শাখাত পাৰ্থিৱ শংকৰছানাই ১.৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে।

দ্বিতীয় ৰাউণ্ডৰ খেলত ধান্যতাই শ্বানায়া ভৌমিকক আৰু পাৰ্থিৱে আকৃতি মহন্তক পৰাস্ত কৰে।আনহাতে অনুৰ্দ্ধ ১১বছৰ শাখাত স্বপ্নীল কৰ, আৰাধ্যা ভৰদ্বাজ,  অথৰ্ৱ মহন্ত আৰু হৃয়ান কৌশিক ঠাকুৰীয়াই দ্বিতীয় ৰাউণ্ডৰ শেষত ২পইণ্টকৈ সংগ্ৰহ কৰি যুটীয়া ভাবে শীৰ্ষ স্থানত আছে।

দ্বিতীয় ৰাউণ্ডত আৰাধ্যা ভৰদ্বাজে কানিস্কা মেধিক, স্বপ্নীল কৰে অৰ্ণৱ চেতিয়াক, অথৰ্ৱ মহন্তই নীহাৰ দাসক আৰু হৃয়ান কৌশিক ঠাকুৰীয়াই ভিভান আৰিজ ঠাকুৰীয়াক পৰাস্ত কৰে।

প্ৰতিযোগিতা খন ৩জুনৰ পৰা আৰ জি বৰুৱা পথত অৱষ্ঠিত গুৱাহাটী দবাএকাদেমীত অনুষ্ঠিত হৈ আছে। প্ৰতিযোগিতা খন অনুৰ্দ্ধ ৭বছৰ শাখাত ৰাউণ্ড ৰবীন পদ্ধতিত আৰু অনুৰ্দ্ধ ১১বছৰ শাখাত ছুইছ লীগ পদ্ধতিত অনুষ্ঠিত হৈ আছে। 

ৰাষ্ট্ৰীয় আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে প্ৰতিযোগিতা খন মূখ্য পৰিচালক হিচাপে পৰিচালনা কৰি আছে।  ৫ জুন দেওবাৰে প্ৰতিযোগিতাখন অন্ত পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ