--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীয়ে আয়োজন কৰা অনুৰ্দ্ধ ৭বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতাৰ অনুৰ্দ্ধ ৭বছৰ শাখাত ধান্যতা গোস্বামীয়ে দ্বিতীয় ৰাউণ্ডৰ শেষত ২পইণ্ট সংগ্ৰহ কৰি শীৰ্ষ স্থানত আছে।  এই শাখাত পাৰ্থিৱ শংকৰছানাই ১.৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে।

দ্বিতীয় ৰাউণ্ডৰ খেলত ধান্যতাই শ্বানায়া ভৌমিকক আৰু পাৰ্থিৱে আকৃতি মহন্তক পৰাস্ত কৰে।আনহাতে অনুৰ্দ্ধ ১১বছৰ শাখাত স্বপ্নীল কৰ, আৰাধ্যা ভৰদ্বাজ,  অথৰ্ৱ মহন্ত আৰু হৃয়ান কৌশিক ঠাকুৰীয়াই দ্বিতীয় ৰাউণ্ডৰ শেষত ২পইণ্টকৈ সংগ্ৰহ কৰি যুটীয়া ভাবে শীৰ্ষ স্থানত আছে।

দ্বিতীয় ৰাউণ্ডত আৰাধ্যা ভৰদ্বাজে কানিস্কা মেধিক, স্বপ্নীল কৰে অৰ্ণৱ চেতিয়াক, অথৰ্ৱ মহন্তই নীহাৰ দাসক আৰু হৃয়ান কৌশিক ঠাকুৰীয়াই ভিভান আৰিজ ঠাকুৰীয়াক পৰাস্ত কৰে।

প্ৰতিযোগিতা খন ৩জুনৰ পৰা আৰ জি বৰুৱা পথত অৱষ্ঠিত গুৱাহাটী দবাএকাদেমীত অনুষ্ঠিত হৈ আছে। প্ৰতিযোগিতা খন অনুৰ্দ্ধ ৭বছৰ শাখাত ৰাউণ্ড ৰবীন পদ্ধতিত আৰু অনুৰ্দ্ধ ১১বছৰ শাখাত ছুইছ লীগ পদ্ধতিত অনুষ্ঠিত হৈ আছে। 

ৰাষ্ট্ৰীয় আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে প্ৰতিযোগিতা খন মূখ্য পৰিচালক হিচাপে পৰিচালনা কৰি আছে।  ৫ জুন দেওবাৰে প্ৰতিযোগিতাখন অন্ত পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত