--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ‘ৰণাংগন প্ৰকাশন’-এ অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক ‘ৰণাংগন সন্মান’ প্ৰদান কৰি আহিছে৷ এই বৰ্ষৰ ‘ৰণাংগন সন্মান’ প্ৰদানৰ বাবে পাঁচজনীয়া নিৰ্বাচক মণ্ডলীয়ে অসমৰ ক্ৰীড়া জগত তথা তৰুণ প্ৰজন্মৰ আদৰ্শ স্বৰূপ অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক নিৰ্বাচিত কৰিছে৷ 


ইতিমধ্যে দুগৰাকী বৰেণ্য ব্যক্তিক ‘ৰণাংগন সন্মান’ প্ৰদান কৰিছে৷ ৰাষ্ট্ৰীয় অৰ্জুন বঁটা, মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰাৰ উপৰি অতি সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় বস্কিং এছ’চিয়েচনৰ এথলীট কমিটীৰ অধ্যক্ষ আৰু ভোটিং মেম্বাৰ হিচাপে নিৰ্বাচিত লাভলীনা বৰগোহাঁইক এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই সন্মানেৰে সন্মানিত কৰিব। এই ৰণাংগন বঁটাত আছে এটি স্মাৰক, এখন প্ৰশস্তি পত্ৰ, শৰাই, অংগবস্ত্ৰ আৰু ১০ হাজাৰ টকাৰ ধনৰ টোপোলা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত