--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলেজত নতুন ছাত্ৰ-ছাত্ৰীৰ সৈতে পুৰণি ছাত্ৰ-ছাত্ৰীৰ ৰেগিংৰ গোচৰ বিষয়ে প্ৰায়ে চৰ্চিত হৈ আহিছে। ৰেগিংৰ নামত নতুন ছাত্ৰ-ছাত্ৰীক ইমানেই হাৰাশাস্তি কৰে যে কেতিয়াবা ইয়াৰ পৰিণতি বেয়াৰ দিশলৈ গতি কৰে। শেহতীয়াকৈ গুজৰাটৰ এখন চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ ৰেগিংৰ সন্মুখীন হৈ মৃত্যক আকোৱালি ল’লে এম বি বি এছৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰই।

এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ পাটনৰ ধাৰপুৰস্থিত মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ ছ’চাইটি (জিএমইআৰএছ) মেডিকেল কলেজত৷ প্ৰথম বৰ্ষৰ ছাত্ৰ অনিল মথানিয়াক তেওঁৰ ছিনিয়ৰসকলে ৩ ঘণ্টা ধৰি থিয় কৰাই থোৱাৰ লগতে প্ৰায় ৭ৰ পৰা ৮জন জ্যেষ্ঠ ছাত্ৰই মৃত ছাত্ৰজনক সকলোকে পৃথকে পৃথকে পৰিচয় দিবলৈ কোৱা হৈছিল৷ ছাত্ৰ জনে ৩ ঘন্টাতকৈ অধিক সময় থিয় হৈ থকাৰ পিছত যেতিয়া সহনশীলতাৰ সীমা অতিক্ৰম কৰাত ছাত্ৰজন অচেতন হৈ পৰে৷ যদিও ছাত্ৰ জনক চিকিৎসালয়লৈ নিয়া হৈছিল চিকিৎসালয়তে মৃত্যুক আকোৱালি লয় ছাত্ৰগৰাকীয়ে৷

ছাত্ৰজনৰ দেউতাকে সদৰি কৰা অনুসৰি তেওঁ পুত্ৰৰ সৈতে ১৬ নৱেম্বৰত কথা হৈছিল। কলেজত এডমিচন পাওঁতে সুস্থ আছিল বুলি উল্লেখ কৰে। পুত্ৰৰ সকলো মেডিকেল ৰিপৰ্ট ঠিকে আছিল বুলি জনায়। কিন্তু হঠাতে কলেজৰ এজন আৱাসী ডাক্তৰে ফোন কৰি অনিল অচেতন হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰু ৰাতিপুৱা ৪ বজাত তাত উপস্থিত হৈ পুত্ৰৰ বিয়োগৰ খবৰ পায়।

ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত ছাত্ৰকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু ১৫ জনকৈ ছাত্ৰক কলেজৰ পৰা নিলম্বিত কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post