--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলেজত নতুন ছাত্ৰ-ছাত্ৰীৰ সৈতে পুৰণি ছাত্ৰ-ছাত্ৰীৰ ৰেগিংৰ গোচৰ বিষয়ে প্ৰায়ে চৰ্চিত হৈ আহিছে। ৰেগিংৰ নামত নতুন ছাত্ৰ-ছাত্ৰীক ইমানেই হাৰাশাস্তি কৰে যে কেতিয়াবা ইয়াৰ পৰিণতি বেয়াৰ দিশলৈ গতি কৰে। শেহতীয়াকৈ গুজৰাটৰ এখন চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ ৰেগিংৰ সন্মুখীন হৈ মৃত্যক আকোৱালি ল’লে এম বি বি এছৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰই।

এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ পাটনৰ ধাৰপুৰস্থিত মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ ছ’চাইটি (জিএমইআৰএছ) মেডিকেল কলেজত৷ প্ৰথম বৰ্ষৰ ছাত্ৰ অনিল মথানিয়াক তেওঁৰ ছিনিয়ৰসকলে ৩ ঘণ্টা ধৰি থিয় কৰাই থোৱাৰ লগতে প্ৰায় ৭ৰ পৰা ৮জন জ্যেষ্ঠ ছাত্ৰই মৃত ছাত্ৰজনক সকলোকে পৃথকে পৃথকে পৰিচয় দিবলৈ কোৱা হৈছিল৷ ছাত্ৰ জনে ৩ ঘন্টাতকৈ অধিক সময় থিয় হৈ থকাৰ পিছত যেতিয়া সহনশীলতাৰ সীমা অতিক্ৰম কৰাত ছাত্ৰজন অচেতন হৈ পৰে৷ যদিও ছাত্ৰ জনক চিকিৎসালয়লৈ নিয়া হৈছিল চিকিৎসালয়তে মৃত্যুক আকোৱালি লয় ছাত্ৰগৰাকীয়ে৷

ছাত্ৰজনৰ দেউতাকে সদৰি কৰা অনুসৰি তেওঁ পুত্ৰৰ সৈতে ১৬ নৱেম্বৰত কথা হৈছিল। কলেজত এডমিচন পাওঁতে সুস্থ আছিল বুলি উল্লেখ কৰে। পুত্ৰৰ সকলো মেডিকেল ৰিপৰ্ট ঠিকে আছিল বুলি জনায়। কিন্তু হঠাতে কলেজৰ এজন আৱাসী ডাক্তৰে ফোন কৰি অনিল অচেতন হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰু ৰাতিপুৱা ৪ বজাত তাত উপস্থিত হৈ পুত্ৰৰ বিয়োগৰ খবৰ পায়।

ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত ছাত্ৰকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু ১৫ জনকৈ ছাত্ৰক কলেজৰ পৰা নিলম্বিত কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ