--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মন্দিৰ মছজিদৰ বিতৰ্কই এতিয়া দেশত তোলপাৰ লগাই আছে। তাৰ মাজতে এটা পুৰণি খবৰে পুনৰ দেশত চৰ্চা লাভ কৰিছে। আমাৰ দেশত মন্দিৰতকৈ পবিত্ৰ স্থান আৰু সাধু-সন্যাসীসকলতকৈ সন্মানীয় হয়তো আন কোনো নাই। নেতা-মন্ত্ৰীৰ পৰা আৰম্ভ কৰি সমাজৰ সকলো উচ্চস্তৰীয় লোকলৈ সকলোৱে সন্মান-সম্ভ্ৰম প্ৰদৰ্শন কৰে এইসকল লোকৰ প্ৰতি। কিন্তু তেওঁলোকৰ একাংশৰ ভণ্ডামি আৰু দুষ্কাৰ্যৰ কথা পোহৰলৈ আহিলে মানুহে তাজ্জ্বৱ মানিব লাগে। তেনে এক ঘটনাৰ চৰ্চাই এতিয়া তোলপাৰ লগাই আছে ছ’চিয়েল মিডিয়াত।

 

গুজৰাটৰ এটা মন্দিৰৰ পৰা আৰক্ষীৰ অপৰাধ শাখাই পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছিল। এইসকলৰ মাজত আছিল মন্দিৰটোৰ এজন সাধুও। তেওঁলোকৰ অপৰাধৰ কথা সদৰি হোৱাৰ পাছতে সকলোৰে চকু কপালত উঠিছিল। কাৰণ মন্দিৰটোৰ পৰা আৰক্ষীয়ে ৫,০১৩খন জাল নোট জব্দ কৰিছিল। যাৰ মূল্য আছিল ১ কোটি। এই ঘটনাৰ কথা সদৰি হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বহুতে এই তথ্য ভুৱা বুলি দাবী কৰিছিল যদিও বিভিন্ন সংবাদ মাধ্যমৰ ‘ফেক্ট চেক’ৰ জৰিয়তে এইকথা প্ৰমাণিত হয় যে, এই তথ্য সত্য।

 

গুজৰাটৰ এই মন্দিৰটোৰ পৰা গ্ৰেপ্তাৰ কৰা লোককেইজন আছিল প্ৰতীক চোড়বাদিয়া, ৰাধাৰমণ স্বামী, প্ৰবীন চোপ্ৰা, কানু চোপ্ৰা আৰু খেড়াৰ অমভৱ নামৰ এটা মন্দিৰৰ এজন পুৰোহিত। আৰক্ষীয়ে অভিযোগ কৰে যে, এই অভিযুক্তকেইজনে ২০০০টকীয়া জালনোট ছপা কৰিছিল। আৰক্ষীয়ে মন্দিৰটোত অভিযান চলাই ভুৱা নোট আৰু ছপা মেছিনো জব্দ কৰিবলৈ সক্ষম হৈছিল।

 

ছুৰাত আৰক্ষীৰ অপৰাধ শাখাই সদৰি কৰা মতে, তেওঁলোকে প্ৰথমে চোড়বাদিয়াক গ্ৰেপ্তাৰ কৰিছিল, তেওঁৰ হাতৰ পৰা ৪,০৬,০০০ টকা মূল্যৰ ২০৩খন খন জাল নোট জব্দ কৰিবলৈ সক্ষম হৈছিল। লোকজনক জেৰা কৰাৰ পাছতে তেওঁ বাকী সংগীসকলৰ কথা সদৰি কৰে। তাৰ পাছতে পৰ্যায়ক্ৰমে অভিযান চলাই আৰক্ষীয়ে বাকী লোকসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে ১ কোটিৰ জাল নোট আৰু নোট ছপা কৰা যন্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।

 

এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু সাধুৰ বেশধাৰী একাংশ দুষ্কৃতিকাৰীৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আনে। সাধুৰ বেশ ধৰি ভগৱানক সাক্ষী কৰি এনেদৰে দুষ্কাৰ্য চলাই যোৱা লোকসকলৰ স্বৰূপ উন্মোচিত হোৱাটো সমাজৰ কাৰণেই অতি প্ৰয়োজনীয়। অৱশ্যে গুজৰাটত তোলপাৰ লগোৱা এই ঘটনা সংঘটিত হৈছিল ২০১৯ চনৰ নৱেম্বৰ মাহতহে। এই ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু ঘটনাক লৈ নান প্ৰচাৰ অপপ্ৰচাৰো চলিছিল। কিন্তু পাছত এই ঘটনাৰ সত্যতা প্ৰমাণ হয় আৰু সাধুৰ বেশধাৰী এই দুষ্কৃতিকাৰীৰ মুখা খোল খাই পৰে। আজিও পিছে সাধুৰ বেশধাৰী বিভিন্নজন লোকৰ নানা দুষ্কাৰ্য, অপকৰ্ম আমাৰ চকুৰ সম্মুখতে ঘটি আহিছে। ধৰ্ষণৰ পৰা নাৰী নিৰ্যাতনলৈকে নানা দুষ্কাৰ্য সংঘটিত কৰি আহিছে এইসকল লোকে। এনে পৰিপ্ৰেক্ষিতত এইলকল লোকৰ প্ৰকৃত স্বৰূপ প্ৰকট হোৱাটো নিশ্চয় অতি প্ৰয়োজনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement