--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মন্দিৰ মছজিদৰ বিতৰ্কই এতিয়া দেশত তোলপাৰ লগাই আছে। তাৰ মাজতে এটা পুৰণি খবৰে পুনৰ দেশত চৰ্চা লাভ কৰিছে। আমাৰ দেশত মন্দিৰতকৈ পবিত্ৰ স্থান আৰু সাধু-সন্যাসীসকলতকৈ সন্মানীয় হয়তো আন কোনো নাই। নেতা-মন্ত্ৰীৰ পৰা আৰম্ভ কৰি সমাজৰ সকলো উচ্চস্তৰীয় লোকলৈ সকলোৱে সন্মান-সম্ভ্ৰম প্ৰদৰ্শন কৰে এইসকল লোকৰ প্ৰতি। কিন্তু তেওঁলোকৰ একাংশৰ ভণ্ডামি আৰু দুষ্কাৰ্যৰ কথা পোহৰলৈ আহিলে মানুহে তাজ্জ্বৱ মানিব লাগে। তেনে এক ঘটনাৰ চৰ্চাই এতিয়া তোলপাৰ লগাই আছে ছ’চিয়েল মিডিয়াত।

 

গুজৰাটৰ এটা মন্দিৰৰ পৰা আৰক্ষীৰ অপৰাধ শাখাই পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছিল। এইসকলৰ মাজত আছিল মন্দিৰটোৰ এজন সাধুও। তেওঁলোকৰ অপৰাধৰ কথা সদৰি হোৱাৰ পাছতে সকলোৰে চকু কপালত উঠিছিল। কাৰণ মন্দিৰটোৰ পৰা আৰক্ষীয়ে ৫,০১৩খন জাল নোট জব্দ কৰিছিল। যাৰ মূল্য আছিল ১ কোটি। এই ঘটনাৰ কথা সদৰি হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বহুতে এই তথ্য ভুৱা বুলি দাবী কৰিছিল যদিও বিভিন্ন সংবাদ মাধ্যমৰ ‘ফেক্ট চেক’ৰ জৰিয়তে এইকথা প্ৰমাণিত হয় যে, এই তথ্য সত্য।

 

গুজৰাটৰ এই মন্দিৰটোৰ পৰা গ্ৰেপ্তাৰ কৰা লোককেইজন আছিল প্ৰতীক চোড়বাদিয়া, ৰাধাৰমণ স্বামী, প্ৰবীন চোপ্ৰা, কানু চোপ্ৰা আৰু খেড়াৰ অমভৱ নামৰ এটা মন্দিৰৰ এজন পুৰোহিত। আৰক্ষীয়ে অভিযোগ কৰে যে, এই অভিযুক্তকেইজনে ২০০০টকীয়া জালনোট ছপা কৰিছিল। আৰক্ষীয়ে মন্দিৰটোত অভিযান চলাই ভুৱা নোট আৰু ছপা মেছিনো জব্দ কৰিবলৈ সক্ষম হৈছিল।

 

ছুৰাত আৰক্ষীৰ অপৰাধ শাখাই সদৰি কৰা মতে, তেওঁলোকে প্ৰথমে চোড়বাদিয়াক গ্ৰেপ্তাৰ কৰিছিল, তেওঁৰ হাতৰ পৰা ৪,০৬,০০০ টকা মূল্যৰ ২০৩খন খন জাল নোট জব্দ কৰিবলৈ সক্ষম হৈছিল। লোকজনক জেৰা কৰাৰ পাছতে তেওঁ বাকী সংগীসকলৰ কথা সদৰি কৰে। তাৰ পাছতে পৰ্যায়ক্ৰমে অভিযান চলাই আৰক্ষীয়ে বাকী লোকসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে ১ কোটিৰ জাল নোট আৰু নোট ছপা কৰা যন্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।

 

এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু সাধুৰ বেশধাৰী একাংশ দুষ্কৃতিকাৰীৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আনে। সাধুৰ বেশ ধৰি ভগৱানক সাক্ষী কৰি এনেদৰে দুষ্কাৰ্য চলাই যোৱা লোকসকলৰ স্বৰূপ উন্মোচিত হোৱাটো সমাজৰ কাৰণেই অতি প্ৰয়োজনীয়। অৱশ্যে গুজৰাটত তোলপাৰ লগোৱা এই ঘটনা সংঘটিত হৈছিল ২০১৯ চনৰ নৱেম্বৰ মাহতহে। এই ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু ঘটনাক লৈ নান প্ৰচাৰ অপপ্ৰচাৰো চলিছিল। কিন্তু পাছত এই ঘটনাৰ সত্যতা প্ৰমাণ হয় আৰু সাধুৰ বেশধাৰী এই দুষ্কৃতিকাৰীৰ মুখা খোল খাই পৰে। আজিও পিছে সাধুৰ বেশধাৰী বিভিন্নজন লোকৰ নানা দুষ্কাৰ্য, অপকৰ্ম আমাৰ চকুৰ সম্মুখতে ঘটি আহিছে। ধৰ্ষণৰ পৰা নাৰী নিৰ্যাতনলৈকে নানা দুষ্কাৰ্য সংঘটিত কৰি আহিছে এইসকল লোকে। এনে পৰিপ্ৰেক্ষিতত এইলকল লোকৰ প্ৰকৃত স্বৰূপ প্ৰকট হোৱাটো নিশ্চয় অতি প্ৰয়োজনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ