--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাজিয়া লাগি পত্নীৰ নাক চিঙিলে স্বামীয়ে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পত্নী এতিয়া হাস্পতালত ভৰ্তি হৈ আছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাহৰাইচত। ভুক্তভোগী মহিলাগৰাকীৰ নাম ৰজনী দেৱী। তেওঁ বেডনাপুৰৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী। ৰজনীৰ স্বামীৰ নাম জ্ঞানদত্ত পাঠক। জ্ঞানদত্তৰ লগত প্ৰায়ে কাজিয়া হয় ৰজনী দেৱীৰ। 

এদিন কাজিয়া লাগি খং উঠাত মাতৃৰ ঘৰলৈ গুচি গৈছিল ৰজনী দেৱী। মাতৃগৃহত থাকোতে ৰজনীক ফোন কৰি ক্ষমা খোজে জ্ঞানদত্ত পাঠকে আৰু তেওঁক ঘৰলৈ ঘূৰি আহিবলৈ কয়। স্বামীৰ কথাত ভোল গৈ মাতৃগৃহৰ পৰা স্বামীগৃহলৈ যাত্ৰা কৰে ২৬ বছৰীয়া ৰজনী দেৱীয়ে। পাছে জ্ঞানদত্ত পাঠকে কৰিছিল এক ভয়ংকৰ পৰিকল্পনা। পৰিকল্পনা মতেই মহিলাগৰাকী আহি থকা পথত খাপ পিটি ৰৈ থাকে জ্ঞানদত্ত। 

তেওঁৰ লগত আছিল অন্য দুজন সংগী।  ৰজনী আহি থাকোতে বাট আগচি ধৰে জ্ঞানদত্ত আৰু তেওঁৰ সংগী দুজনে। তিনিও মিলি ৰজনী দেৱীক আক্ৰমণ কৰে। স্বামী জ্ঞানদত্তই এপাকত দাঁতেৰে কামুৰি ৰজনীৰ নাক চিঙি দিয়ে। স্থানীয় লোকে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱায় গুৰুতৰভাৱে আহত ৰজনীক। মাতৃ কুসুম তিৱাৰীয়ে জোঁৱায়েকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ঘটনাৰ পাছৰে পৰা অভিযুক্ত পলাতক হৈ আছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ জোৰদাৰ তদন্তত নামি পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ