--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অভিযুক্তই নিশাৰ আহাৰত বিষাক্ত দ্ৰব্য মিলাই তেওঁৰ পৰিয়ালক খুৱাই দিছিল। বিহক্ৰিয়াৰ ফলত পত্নী আৰু চাৰিটা সন্তানৰ থিতাতে মৃত্যু হয়।

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ গুৰুগ্ৰামৰ পালাম বিহাৰ অঞ্চলত অতি ভয়ংকৰ তথা হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। এজন ব্যক্তিয়ে নিজৰ পত্নী আৰু চাৰিজনী কন্যাক বিহ খুৱাই হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছে। পৰিয়ালটোক নিঃশেষ কৰাৰ পিছত অভিযুক্ত ব্যক্তিজনে নিজেও আত্মহত্যাৰ চেষ্টা চলায়।


আৰক্ষীৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, অভিযুক্তই নিশাৰ আহাৰত বিষাক্ত দ্ৰব্য মিলাই তেওঁৰ পৰিয়ালক খুৱাই দিছিল। বিহক্ৰিয়াৰ ফলত পত্নী আৰু চাৰিটা সন্তানৰ থিতাতে মৃত্যু হয়। মৃত কন্যা সন্তানকেইটিৰ বয়স অতি কম আছিল বুলি জানিব পৰা গৈছে।


পৰিয়ালৰ সদস্যসকলৰ মৃত্যু নিশ্চিত কৰি ব্যক্তিজনে নিজেও বিহপান কৰে। পুৱা চুবুৰীয়াই ঘটনাটোৰ বিষয়ে গম পাই লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পাঁচোটা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে অৰ্ধচেতন অৱস্থাত থকা ব্যক্তিজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়।


আৰক্ষীয়ে জনোৱা মতে, মৃতদেহকেইটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বৰ্তমানলৈকে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে দুটা দিশত গুৰুত্ব দিছে । প্ৰথমটো আৰ্থিক সংকট, পৰিয়ালটো দীৰ্ঘদিন ধৰি কোনো আৰ্থিক সমস্যাত ভুগি আছিল নেকি, সেইটো পৰীক্ষা কৰা হৈছে। দ্বিতীয়টো ঘৰুৱা বিবাদ, স্বামী-পত্নীৰ মাজত থকা পাৰিবাৰিক কন্দলো এই কাণ্ডৰ আঁৰৰ কাৰণ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।


অভিযুক্ত ব্যক্তিজনৰ অৱস্থা বৰ্তমান সংকটজনক। তেওঁ সুস্থ হৈ উঠিলেহে এই বিৰল আৰু নৃশংস হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ফৰেনচিক বিশেষজ্ঞৰ দলেও ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান