--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটৰ জুনাগড়ৰ মাউণ্ট গিৰনাৰৰ আশে-পাশে প্ৰতি বছৰে কাৰ্তিকী একাদশীৰ পৰা আৰম্ভ হোৱা লীলি পৰিক্ৰমালৈ অহা ভক্তৰ বিপুল জনসমাগম পৰিলক্ষিত হয়৷ এই পৰিক্ৰমাৰ বাবে অহা ভক্তসকলৰ জনসমাগম আৰু উত্তাপৰ বাবে হাৰ্ট এটেকত ৯ জনকৈ লোকৰ মৃত্যু হোৱাৰ বাতৰিয়ে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। 

জুনাগড় অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কৃতাৰ্থ ব্ৰহ্মভটে সদৰি কৰা অনুসৰি দিনটোত অতিমাত্ৰা ভিৰ আৰু গৰমৰ বাবে হাৰ্ট এটেক অহা বুলি কয়।৮জন লোকৰ মৃতদেহ জুনাগড় অসামৰিক চিকিৎসালয়ত। মৃতসকলৰ ভিতৰত ৰাজকোটৰ ৩ জন, মুম্বাই আৰু আহমেদাবাদৰ ১ জনকৈ ব্যক্তি আছিল বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি গান্ধীধাম, দেৱলা আৰু আমৰাসৰৰ ১ জনকৈ লোকৰ মৃত্যুৰ খবৰ আহিছে। 

উল্লেখযোগ্য যে অতি ঘন অৰণ্য আৰু বনৰীয়া জন্তুৰ মাজেৰে গৈ কাৰ্তিকী একাদশীৰ মাজনিশাৰ পৰা আৰম্ভ হৈছে গিৰনাৰৰ লিলি পৰিক্ৰমা। ভজন, ভক্তি, আৱেগ আৰু খাদ্যৰ এই সংগমৰ পৰিক্ৰমাৰ বাবে বিশ লাখৰো অধিক লোক আহি চাৰিদিন তিনিৰাতি ঘন অৰণ্যত কটায়।

মান্যতা অনুসৰি এই পৰ্বতৰ গুহাত ভগৱান শিৱই পাৰ্বতীক আৱিষ্কাৰ কৰিছিল বুলি বিশ্বাস কৰা হয়। ৫২০০ বছৰ পূৰ্বে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে প্ৰথম এই পৰ্বত প্ৰদক্ষিণ কৰাৰ পৰাই এই পৰম্পৰা চলি আহিছে। আৰু ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পৰিক্ৰমা কাৰ্তিকী একাদশীৰ মাজনিশাৰ পৰা আৰম্ভ হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post