--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটৰ জুনাগড়ৰ মাউণ্ট গিৰনাৰৰ আশে-পাশে প্ৰতি বছৰে কাৰ্তিকী একাদশীৰ পৰা আৰম্ভ হোৱা লীলি পৰিক্ৰমালৈ অহা ভক্তৰ বিপুল জনসমাগম পৰিলক্ষিত হয়৷ এই পৰিক্ৰমাৰ বাবে অহা ভক্তসকলৰ জনসমাগম আৰু উত্তাপৰ বাবে হাৰ্ট এটেকত ৯ জনকৈ লোকৰ মৃত্যু হোৱাৰ বাতৰিয়ে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। 

জুনাগড় অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কৃতাৰ্থ ব্ৰহ্মভটে সদৰি কৰা অনুসৰি দিনটোত অতিমাত্ৰা ভিৰ আৰু গৰমৰ বাবে হাৰ্ট এটেক অহা বুলি কয়।৮জন লোকৰ মৃতদেহ জুনাগড় অসামৰিক চিকিৎসালয়ত। মৃতসকলৰ ভিতৰত ৰাজকোটৰ ৩ জন, মুম্বাই আৰু আহমেদাবাদৰ ১ জনকৈ ব্যক্তি আছিল বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি গান্ধীধাম, দেৱলা আৰু আমৰাসৰৰ ১ জনকৈ লোকৰ মৃত্যুৰ খবৰ আহিছে। 

উল্লেখযোগ্য যে অতি ঘন অৰণ্য আৰু বনৰীয়া জন্তুৰ মাজেৰে গৈ কাৰ্তিকী একাদশীৰ মাজনিশাৰ পৰা আৰম্ভ হৈছে গিৰনাৰৰ লিলি পৰিক্ৰমা। ভজন, ভক্তি, আৱেগ আৰু খাদ্যৰ এই সংগমৰ পৰিক্ৰমাৰ বাবে বিশ লাখৰো অধিক লোক আহি চাৰিদিন তিনিৰাতি ঘন অৰণ্যত কটায়।

মান্যতা অনুসৰি এই পৰ্বতৰ গুহাত ভগৱান শিৱই পাৰ্বতীক আৱিষ্কাৰ কৰিছিল বুলি বিশ্বাস কৰা হয়। ৫২০০ বছৰ পূৰ্বে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে প্ৰথম এই পৰ্বত প্ৰদক্ষিণ কৰাৰ পৰাই এই পৰম্পৰা চলি আহিছে। আৰু ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পৰিক্ৰমা কাৰ্তিকী একাদশীৰ মাজনিশাৰ পৰা আৰম্ভ হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ