--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হাড় সুস্থ আৰু মজবুত কৰি তোলাৰ বাবে ভিটামিন-‘ডি’ অতি প্ৰয়োজন। ভিটামিন-‘ডি’য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰক ৰোগৰ পৰা দূৰত ৰাখে। শৰীৰত ভিটামিন-‘ডি’ৰ অভাৱ হোৱাটোও বহু সময়ত গম পোৱা নাযায়। যদি আপোনাৰ বহুত ভাগৰ, দুৰ্বল আৰু হাড়ৰ বিষ হয়, তেন্তে ই ভিটামিন-‘ডি’ৰ অভাৱ হ’ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰাটোৱেও ভিটামিন-‘ডি’ৰ অভাৱৰ ইংগিত দিয়ে। ভিটামিন-‘ডি’ৰ অভাৱত দাঁতৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়। ভিটামিন-‘ডি’ৰ দীৰ্ঘদিনীয়া অভাৱে হতাশাৰ সৃষ্টি কৰে। শৰীৰত যে ভিটামিন-‘ডি’ৰ অভাৱ, সেই কথা আপুনি কেনেকৈ চিনি পাব জানো আহক।

 ভিটামিন ডিৰ অভাৱৰ লক্ষণ-

শৰীৰত ভিটামিন-‘ডি’ৰ অভাৱৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ ধৰে। এই লক্ষণসমূহৰ দ্বাৰা আপুনি শৰীৰত ভিটামিন-‘ডি’ৰ অভাৱ চিনাক্ত কৰিব পাৰে। আপুনিও পৰীক্ষাৰ জৰিয়তে ভিটামিন-‘ডি’ৰ অভাৱৰ বিষয়ে জানিব পাৰে, কিন্তু ভিটামিন –‘ডি’ৰ অভাৱৰ বিষয়েও এই লক্ষণসমূহৰ দ্বাৰা বুজিব পাৰি।

 ১. ভিটামিন-‘ডি’ৰ অভাৱৰ বাবে হাড় আৰু পিঠিত বিষ হয়।

২. মানসিকভাৱে হতাশা হয়।

৩. বেছিকৈ সৰা বা পকিবলৈ আৰম্ভ কৰা, তেন্তে ই ভিটামিন-‘ডি’ৰ অভাৱৰ লক্ষণ।

৪. মাংসপেশীত বিষ অনুভৱ কৰা, তেন্তে ই ভিটামিন-‘ডি’ৰ অভাৱৰ লক্ষণ।

৫. ভিটামিন-‘ডি’ৰ অভাৱত ঘাঁ পলমকৈ শুকায়।

৬. ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে সোনকালে অসুস্থ হৈ পৰে।

৭. ভিটামিন-‘ডি’ৰ অভাৱত গোটেই দিনটো অলস আৰু এলাহ অনুভৱ কৰা।

৮. শৰীৰত ভিটামিন-‘ডি’ৰ অভাৱৰ বাবে হাড়ৰ বিষৰ সমস্যা আৰম্ভ হয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ