--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মাহেকীয়াৰ সময়ত স্বচ্ছতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ পালন কৰা দিৱস হৈছে ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা ঋতুচক্ৰ স্বচ্ছতা দিৱস৷ ঋতুচক্ৰৰ সময়ত লবলগীয়া সাৱধানতা আৰু স্বাস্থ্যজনিত বিধানৰ বিষয়ে বিশেষভাৱে সজাগতাৰ বাবে প্ৰতি বছৰে ২৮ মে' তাৰিখে এই দিৱস পালন কৰা হয়। 

২০১৪ চনত জাৰ্মানীৰ এক বেচৰকাৰী সংস্থা ৱাশ্ব ইউনাইটেডে পোন প্ৰথমে বিশ্বৰ মহিলাসকলৰ হিতৰ বাবে এই দিৱস পালনৰ সিদ্ধান্ত লৈছিল। ঋতুচক্ৰৰ গড় হিচাপত ২৮ দিনৰ হোৱাৰ বাবে মে' মাহৰ ২৮ তাৰিখ বাছনি কৰা হৈছিল।

মাহেকীয়া কি?

মহিলা বা কিশোৰীৰ ঋতুচক্ৰ বা মাহেকীয়া হৈছে এক প্ৰজনন চক্ৰ৷ কিশোৰীকাল ১১ – ১৩ বছৰৰ পৰা আৰম্ভ হৈ ৪৫ – ৫৫ বছৰ বয়সলৈকে প্ৰতিমাহে এবাৰকৈ হয়। এই চক্ৰৰ আৰম্ভণি হয় নাৰীদেহত সহজাত প্ৰাকৃতিক হৰম’নৰ প্ৰভাৱত। বহুতে এই মাহেকীয়া বা ঋতুচক্ৰক সমস্যা বুলি ধাৰণা কৰে যদিও সেয়া সম্পূৰ্ণ মিছা৷ ঋতুচক্ৰ কোনো সমস্যা নহয়, মাথো প্ৰজনন চক্ৰৰ অপৰিহাৰ্য অংশহে৷ এই সময়ছোৱাত এগৰাকী মহিলা বা কিশোৰীৰ প্ৰজনন চক্ৰৰ বাবে পৈনত হৈ উঠে৷ 

লোক বিশ্বাস, মাহেকীয়া সমস্যা আৰু বৈজ্ঞানিক বিশ্লেষণ –

বিজ্ঞানৰ দ্ৰুত বিকাশৰ ফলত মাহেকীয়াৰ তেজ শৰীৰত জমা হৈ থকা দূষিত তেজ বুলি বহুতেই ধাৰণা কৰে৷ মাহেকীয়াৰ আৰম্ভণি শৰীৰৰ এক হৰম'ন সঞ্চালিত জৈৱিক প্ৰক্ৰিয়া৷ প্ৰজনন বয়সৰ গোটৰ মহিলাৰ শৰীৰত মাহেকীয়াৰ অনুপস্থিতিয়ে গৰ্ভাৱস্থা বা কোনো ভিতৰুৱা ৰোগ সূচায়। 

এইখিনি সময়ত মহিলা বা কিশোৰীগৰাকীৰ দেহত মানসিক অস্থিৰতাই দেখা দিয়ে৷ ৰক্তক্ষৰণৰ ফলত শাৰীৰিক দুৰ্বলতাৰো সৃষ্টি হয়৷ গতিকে এই সময়ছোৱাত সহযোগিতা, সঠিক নিদৰ্শন, বৈজ্ঞানিক চিন্তাৰ লগতে সুষম আহাৰ, আৰামৰ প্ৰয়োজন। সঠিকভাৱে চাফ চিকুণতা বজাই ৰখাৰ লগতে এই সময়ছোৱাত মানসিকভাৱে সবল হৈ থকাটোও অতি প্ৰয়োজন৷

মানুহৰ অজ্ঞানতা আৰু কু সংস্কাৰৰ কবলত পৰি মহিলাসকলে ভয়ংকৰ ৰোগ যেনে UTI, RTI, BACTERIAL VAGINOSIS, LEUCORRHREA, CERVICAL CANCER, PIDৰ দৰে মাৰাত্মক ৰোগৰ চিকাৰ হ'ব লগা হৈছে। মাহেকীয়াৰ প্ৰাক্মুহূৰ্তটো এক জটিল, হৰম'ন সঞ্চালিত প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ সময়ত শৰীৰত কিছুমান অস্বাভাৱিকতা যেনে মূৰৰ বিষ, কঁকাল-পেটৰ বিষ, খিংখিঙীয়া স্বভাৱ, হতাশা, ভাগৰ লগা, স্তনৰ জড়তা, আভোক, টোপনিৰ তাৰতম্য ঘটা দেখা যায়।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ