--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মাহেকীয়াৰ সময়ত স্বচ্ছতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ পালন কৰা দিৱস হৈছে ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা ঋতুচক্ৰ স্বচ্ছতা দিৱস৷ ঋতুচক্ৰৰ সময়ত লবলগীয়া সাৱধানতা আৰু স্বাস্থ্যজনিত বিধানৰ বিষয়ে বিশেষভাৱে সজাগতাৰ বাবে প্ৰতি বছৰে ২৮ মে' তাৰিখে এই দিৱস পালন কৰা হয়। 

২০১৪ চনত জাৰ্মানীৰ এক বেচৰকাৰী সংস্থা ৱাশ্ব ইউনাইটেডে পোন প্ৰথমে বিশ্বৰ মহিলাসকলৰ হিতৰ বাবে এই দিৱস পালনৰ সিদ্ধান্ত লৈছিল। ঋতুচক্ৰৰ গড় হিচাপত ২৮ দিনৰ হোৱাৰ বাবে মে' মাহৰ ২৮ তাৰিখ বাছনি কৰা হৈছিল।

মাহেকীয়া কি?

মহিলা বা কিশোৰীৰ ঋতুচক্ৰ বা মাহেকীয়া হৈছে এক প্ৰজনন চক্ৰ৷ কিশোৰীকাল ১১ – ১৩ বছৰৰ পৰা আৰম্ভ হৈ ৪৫ – ৫৫ বছৰ বয়সলৈকে প্ৰতিমাহে এবাৰকৈ হয়। এই চক্ৰৰ আৰম্ভণি হয় নাৰীদেহত সহজাত প্ৰাকৃতিক হৰম’নৰ প্ৰভাৱত। বহুতে এই মাহেকীয়া বা ঋতুচক্ৰক সমস্যা বুলি ধাৰণা কৰে যদিও সেয়া সম্পূৰ্ণ মিছা৷ ঋতুচক্ৰ কোনো সমস্যা নহয়, মাথো প্ৰজনন চক্ৰৰ অপৰিহাৰ্য অংশহে৷ এই সময়ছোৱাত এগৰাকী মহিলা বা কিশোৰীৰ প্ৰজনন চক্ৰৰ বাবে পৈনত হৈ উঠে৷ 

লোক বিশ্বাস, মাহেকীয়া সমস্যা আৰু বৈজ্ঞানিক বিশ্লেষণ –

বিজ্ঞানৰ দ্ৰুত বিকাশৰ ফলত মাহেকীয়াৰ তেজ শৰীৰত জমা হৈ থকা দূষিত তেজ বুলি বহুতেই ধাৰণা কৰে৷ মাহেকীয়াৰ আৰম্ভণি শৰীৰৰ এক হৰম'ন সঞ্চালিত জৈৱিক প্ৰক্ৰিয়া৷ প্ৰজনন বয়সৰ গোটৰ মহিলাৰ শৰীৰত মাহেকীয়াৰ অনুপস্থিতিয়ে গৰ্ভাৱস্থা বা কোনো ভিতৰুৱা ৰোগ সূচায়। 

এইখিনি সময়ত মহিলা বা কিশোৰীগৰাকীৰ দেহত মানসিক অস্থিৰতাই দেখা দিয়ে৷ ৰক্তক্ষৰণৰ ফলত শাৰীৰিক দুৰ্বলতাৰো সৃষ্টি হয়৷ গতিকে এই সময়ছোৱাত সহযোগিতা, সঠিক নিদৰ্শন, বৈজ্ঞানিক চিন্তাৰ লগতে সুষম আহাৰ, আৰামৰ প্ৰয়োজন। সঠিকভাৱে চাফ চিকুণতা বজাই ৰখাৰ লগতে এই সময়ছোৱাত মানসিকভাৱে সবল হৈ থকাটোও অতি প্ৰয়োজন৷

মানুহৰ অজ্ঞানতা আৰু কু সংস্কাৰৰ কবলত পৰি মহিলাসকলে ভয়ংকৰ ৰোগ যেনে UTI, RTI, BACTERIAL VAGINOSIS, LEUCORRHREA, CERVICAL CANCER, PIDৰ দৰে মাৰাত্মক ৰোগৰ চিকাৰ হ'ব লগা হৈছে। মাহেকীয়াৰ প্ৰাক্মুহূৰ্তটো এক জটিল, হৰম'ন সঞ্চালিত প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ সময়ত শৰীৰত কিছুমান অস্বাভাৱিকতা যেনে মূৰৰ বিষ, কঁকাল-পেটৰ বিষ, খিংখিঙীয়া স্বভাৱ, হতাশা, ভাগৰ লগা, স্তনৰ জড়তা, আভোক, টোপনিৰ তাৰতম্য ঘটা দেখা যায়।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ