--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ সাংবাদিকতা জগতৰ এটি চিনাকি নাম যুৱ সাংবাদিক হেমন্ত শৰ্মাই নিৰ্মাণ কৰিছে তেওঁৰ নতুন ছবি “অমনিপ্ৰেজেণ্ট- এ ষ্টৰী”। বহুকেইখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱলৈ নিৰ্বাচিত হোৱা তথা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা তেওঁৰ প্ৰথমখন চুটি ছবি “টু-লেট”ৰ সফলতাৰ পাছত এটি প্ৰত্যাহ্বানমূলক তথা অতি স্পৰ্শকাতৰ বিষয়ৰ আধাৰত নিৰ্মাণ কৰিছে ছবিখনি। 

ফ’কাছ মিডিয়াৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনিৰ কাহিনী, চিত্ৰনাট্য-সংলাপ তথা পৰিচালনা কৰিছে সাংবাদিক হেমন্ত শৰ্মাই। “অমনিপ্ৰেজেণ্ট- এ ষ্টৰী” ছবিখনিৰ কাহিনী সম্পৰ্কে পৰিচালকে জানিবলৈ দিয়া অনুসৰি- “অমনিপ্ৰেজেণ্ট- এ ষ্টৰী” এটা পলিথিন বেগৰ দৃষ্টিকোণৰ পৰা কোৱা এক ব্যতিক্ৰমধর্মী কাহিনী। 

একেধৰণেৰে "অদৃশ্য উপস্থিতি" হিচাপে, পলিথিন বেগটোৱে মহানগৰৰ বিভিন্ন প্ৰান্তত যাত্ৰা কৰে। এই যাত্ৰাৰ মাজেৰে, বেগটো সাক্ষী হয় মানুহৰ অনুশাসনহীনতাৰ, গুৰুত্বহীনতাৰ তথা দায়ৱদ্ধতাৰ। কিন্তু এই নিঃশব্দ, অজান উপস্থিতি আমাৰ বাবে কোনো আশীৰ্বাদ নহয়—এক বিষাক্ত ছায়া। ছবিখনে এটা পলিথিন বেগৰ জৰিয়তে এটা সামাজিক আৰু পৰিৱেশসংগত সংকটৰ প্ৰতিফলন কৰিছে। মূলতঃ এটি পলিথিন বেগে কেনেদৰে আমাৰ ক্ষতিসাধন কৰিব পাৰি তাকে “অমনিপ্ৰেজেণ্ট- এ ষ্টৰী”ৰ জৰিয়তে দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে। 

“অমনিপ্ৰেজেণ্ট- এ ষ্টৰী” ছবিখনি গুৱাহাটীৰ বিভিন্ন লোকেচনত দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে। সহকাৰী চিনেমাটোগ্ৰাফাৰ ছিৰাজুল আলি। সম্পাদনা কৰিছে মানস কাশ্যপে। পোহৰ তথা দৃশ্যসজ্জা শংকৰ দত্তৰ। জি এফ এক্স জোনাক যুগান্তৰ বৰাৰ। ছবিখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে- ধ্ৰুৱ প্ৰসাদ বৰা, নিহাৰীকা নাথ, প্ৰাণভী মহন্ত, ধীৰাজ দাস, গৰিমা দাস আদিয়ে। সম্প্ৰতি সম্পাদনা কক্ষত থকা ছবিখনি চলিত মাহৰ ভিতৰতে চেঞ্চৰৰ কামসমূহ সম্পন্ন কৰি বিভিন্ন চলচ্চিত্ৰ মহোত্সৱলৈ প্ৰেৰণ কৰা হ’ব বুলি পৰিচালকে জানিবলৈ দিছে।

-মণিকা কৌশিক

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ