--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ সাংবাদিকতা জগতৰ এটি চিনাকি নাম যুৱ সাংবাদিক হেমন্ত শৰ্মাই নিৰ্মাণ কৰিছে তেওঁৰ নতুন ছবি “অমনিপ্ৰেজেণ্ট- এ ষ্টৰী”। বহুকেইখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱলৈ নিৰ্বাচিত হোৱা তথা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা তেওঁৰ প্ৰথমখন চুটি ছবি “টু-লেট”ৰ সফলতাৰ পাছত এটি প্ৰত্যাহ্বানমূলক তথা অতি স্পৰ্শকাতৰ বিষয়ৰ আধাৰত নিৰ্মাণ কৰিছে ছবিখনি। 

ফ’কাছ মিডিয়াৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনিৰ কাহিনী, চিত্ৰনাট্য-সংলাপ তথা পৰিচালনা কৰিছে সাংবাদিক হেমন্ত শৰ্মাই। “অমনিপ্ৰেজেণ্ট- এ ষ্টৰী” ছবিখনিৰ কাহিনী সম্পৰ্কে পৰিচালকে জানিবলৈ দিয়া অনুসৰি- “অমনিপ্ৰেজেণ্ট- এ ষ্টৰী” এটা পলিথিন বেগৰ দৃষ্টিকোণৰ পৰা কোৱা এক ব্যতিক্ৰমধর্মী কাহিনী। 

একেধৰণেৰে "অদৃশ্য উপস্থিতি" হিচাপে, পলিথিন বেগটোৱে মহানগৰৰ বিভিন্ন প্ৰান্তত যাত্ৰা কৰে। এই যাত্ৰাৰ মাজেৰে, বেগটো সাক্ষী হয় মানুহৰ অনুশাসনহীনতাৰ, গুৰুত্বহীনতাৰ তথা দায়ৱদ্ধতাৰ। কিন্তু এই নিঃশব্দ, অজান উপস্থিতি আমাৰ বাবে কোনো আশীৰ্বাদ নহয়—এক বিষাক্ত ছায়া। ছবিখনে এটা পলিথিন বেগৰ জৰিয়তে এটা সামাজিক আৰু পৰিৱেশসংগত সংকটৰ প্ৰতিফলন কৰিছে। মূলতঃ এটি পলিথিন বেগে কেনেদৰে আমাৰ ক্ষতিসাধন কৰিব পাৰি তাকে “অমনিপ্ৰেজেণ্ট- এ ষ্টৰী”ৰ জৰিয়তে দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে। 

“অমনিপ্ৰেজেণ্ট- এ ষ্টৰী” ছবিখনি গুৱাহাটীৰ বিভিন্ন লোকেচনত দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে। সহকাৰী চিনেমাটোগ্ৰাফাৰ ছিৰাজুল আলি। সম্পাদনা কৰিছে মানস কাশ্যপে। পোহৰ তথা দৃশ্যসজ্জা শংকৰ দত্তৰ। জি এফ এক্স জোনাক যুগান্তৰ বৰাৰ। ছবিখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে- ধ্ৰুৱ প্ৰসাদ বৰা, নিহাৰীকা নাথ, প্ৰাণভী মহন্ত, ধীৰাজ দাস, গৰিমা দাস আদিয়ে। সম্প্ৰতি সম্পাদনা কক্ষত থকা ছবিখনি চলিত মাহৰ ভিতৰতে চেঞ্চৰৰ কামসমূহ সম্পন্ন কৰি বিভিন্ন চলচ্চিত্ৰ মহোত্সৱলৈ প্ৰেৰণ কৰা হ’ব বুলি পৰিচালকে জানিবলৈ দিছে।

-মণিকা কৌশিক

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত