--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খানৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা সুৰুঙাৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ ওলাইছে। যোৱা বুধবাৰে ছলমান খানৰ ঘৰত আন এক ঘটনা সংঘটিত হয়, য’ত এগৰাকী মহিলাই তেওঁৰ অট্টালিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। অচিনাকি মহিলাগৰাকীয়ে ছলমান খানৰ ফ্লেটৰ ওচৰ পালেগৈ। মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি অবৈধ প্ৰবেশৰ গোচৰ ৰুজু কৰা হৈছে। মহিলাগৰাকী ৩৬ বছৰীয়া ঈশা ছাব্ৰা।

মুম্বাইৰ এটা আড়ম্বৰপূৰ্ণ অঞ্চল বান্দ্ৰাৰ গেলাক্সি এপাৰ্টমেণ্টত থাকে ছলমান খান। ছলমান খানৰ নিৰাপত্তা ভংগৰ এয়া দ্বিতীয়টো ঘটনা। তেওঁৰ নিৰাপত্তাৰ বাবে আৰক্ষী জোৱান নিয়োগ কৰা হৈছে, এনে পৰিস্থিতিত এগৰাকী অচিনাকি মহিলাই ছলমানৰ ঘৰত উপস্থিত হোৱাটো চিন্তাৰ বিষয়। বৰ্তমান আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰি আছে যে তেওঁৰ এই কাম কৰাৰ আঁৰত কি উদ্দেশ্য আছিল।

ইয়াৰ পূৰ্বে ছলমান খানে লৰেন্স বিষ্ণয় গেঙৰ পৰা বহু ভাবুকি লাভ কৰিছিল। আনকি তেওঁৰ ঘৰত গুলীচালনাৰ ঘটনাও সংঘটিত হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰৰ গৃহ ৰাজ্য মন্ত্ৰী যোগেশ কদমে ছলমান খানৰ ঘৰত সংঘটিত অনুপ্ৰৱেশৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। 

ইয়াৰ পূৰ্বেও গেলাক্সি এপাৰ্টমেণ্টত এজন ব্যক্তিয়ে অবৈধভাৱে প্ৰৱেশ কৰিছিল। ইয়াকে লৈ ছলমানৰ অনুৰাগীসকলো চিন্তিত হ’বলৈ ধৰিলে। সূত্ৰ অনুসৰি এই ঘটনা ২০ মে’ৰ সন্ধিয়া ৭:১৫ বজাত সংঘটিত হয়। এই গোচৰত আৰক্ষীয়ে জিতেন্দ্ৰ কুমাৰ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। জিতেন্দ্ৰ কুমাৰ ছত্তীশগড়ৰ বাসিন্দা।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ভাৰতীয় দণ্ডবিধিৰ ৩২৯(১) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ছলমানৰ নিৰাপত্তাৰ বাবে নিয়োজিত এজন আৰক্ষী বিষয়াই বান্দ্ৰা আৰক্ষীক দিয়া বিবৃতিত জনোৱা মতে, ২০ মে’ৰ পুৱা প্ৰায় ০৯:৪৫ বজাত গেলাক্সি এপাৰ্টমেণ্টৰ আশে-পাশে এজন অচিনাকি ব্যক্তিক ঘূৰি ফুৰা দেখা গৈছিল। তেনেতে অফিচাৰে বুজাই দি তাৰ পৰা যাবলৈ ক’লে। এই কথাত ব্যক্তিজনে খঙত মোবাইলটো মাটিত পেলাই ভাঙি পেলালে।

ইয়াৰ পিছত সন্ধিয়া প্ৰায় ৭:১৫ বজাত পুনৰ একেজন ব্যক্তি গেলাক্সি এপাৰ্টমেণ্টৰ মূল গেটলৈ আহি এজন আৱাসীৰ গাড়ীৰে ভিতৰলৈ সোমাই যায়। সেই সময়ত স্থানত উপস্থিত থকা আৰক্ষী কনিষ্টবল সকলে লগে লগে তেওঁক জিম্মাত লৈ বান্দ্ৰা আৰক্ষীৰ হাতত গতাই দিয়ে। সেই ব্যক্তিজনে যেতিয়া ছলমান খানৰ ঘৰত প্ৰৱেশ কৰি ধৰা পৰিল, তেতিয়া তেওঁ কয়, ‘মই ছলমান খানক লগ কৰিব বিচাৰো, কিন্তু আৰক্ষীয়ে মোক লগ কৰিবলৈ দিয়া নাছিল, গতিকে মই লুকাই আহিবলৈ চেষ্টা কৰি আছিলো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?