--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খানৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা সুৰুঙাৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ ওলাইছে। যোৱা বুধবাৰে ছলমান খানৰ ঘৰত আন এক ঘটনা সংঘটিত হয়, য’ত এগৰাকী মহিলাই তেওঁৰ অট্টালিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। অচিনাকি মহিলাগৰাকীয়ে ছলমান খানৰ ফ্লেটৰ ওচৰ পালেগৈ। মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি অবৈধ প্ৰবেশৰ গোচৰ ৰুজু কৰা হৈছে। মহিলাগৰাকী ৩৬ বছৰীয়া ঈশা ছাব্ৰা।

মুম্বাইৰ এটা আড়ম্বৰপূৰ্ণ অঞ্চল বান্দ্ৰাৰ গেলাক্সি এপাৰ্টমেণ্টত থাকে ছলমান খান। ছলমান খানৰ নিৰাপত্তা ভংগৰ এয়া দ্বিতীয়টো ঘটনা। তেওঁৰ নিৰাপত্তাৰ বাবে আৰক্ষী জোৱান নিয়োগ কৰা হৈছে, এনে পৰিস্থিতিত এগৰাকী অচিনাকি মহিলাই ছলমানৰ ঘৰত উপস্থিত হোৱাটো চিন্তাৰ বিষয়। বৰ্তমান আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰি আছে যে তেওঁৰ এই কাম কৰাৰ আঁৰত কি উদ্দেশ্য আছিল।

ইয়াৰ পূৰ্বে ছলমান খানে লৰেন্স বিষ্ণয় গেঙৰ পৰা বহু ভাবুকি লাভ কৰিছিল। আনকি তেওঁৰ ঘৰত গুলীচালনাৰ ঘটনাও সংঘটিত হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰৰ গৃহ ৰাজ্য মন্ত্ৰী যোগেশ কদমে ছলমান খানৰ ঘৰত সংঘটিত অনুপ্ৰৱেশৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। 

ইয়াৰ পূৰ্বেও গেলাক্সি এপাৰ্টমেণ্টত এজন ব্যক্তিয়ে অবৈধভাৱে প্ৰৱেশ কৰিছিল। ইয়াকে লৈ ছলমানৰ অনুৰাগীসকলো চিন্তিত হ’বলৈ ধৰিলে। সূত্ৰ অনুসৰি এই ঘটনা ২০ মে’ৰ সন্ধিয়া ৭:১৫ বজাত সংঘটিত হয়। এই গোচৰত আৰক্ষীয়ে জিতেন্দ্ৰ কুমাৰ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। জিতেন্দ্ৰ কুমাৰ ছত্তীশগড়ৰ বাসিন্দা।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ভাৰতীয় দণ্ডবিধিৰ ৩২৯(১) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ছলমানৰ নিৰাপত্তাৰ বাবে নিয়োজিত এজন আৰক্ষী বিষয়াই বান্দ্ৰা আৰক্ষীক দিয়া বিবৃতিত জনোৱা মতে, ২০ মে’ৰ পুৱা প্ৰায় ০৯:৪৫ বজাত গেলাক্সি এপাৰ্টমেণ্টৰ আশে-পাশে এজন অচিনাকি ব্যক্তিক ঘূৰি ফুৰা দেখা গৈছিল। তেনেতে অফিচাৰে বুজাই দি তাৰ পৰা যাবলৈ ক’লে। এই কথাত ব্যক্তিজনে খঙত মোবাইলটো মাটিত পেলাই ভাঙি পেলালে।

ইয়াৰ পিছত সন্ধিয়া প্ৰায় ৭:১৫ বজাত পুনৰ একেজন ব্যক্তি গেলাক্সি এপাৰ্টমেণ্টৰ মূল গেটলৈ আহি এজন আৱাসীৰ গাড়ীৰে ভিতৰলৈ সোমাই যায়। সেই সময়ত স্থানত উপস্থিত থকা আৰক্ষী কনিষ্টবল সকলে লগে লগে তেওঁক জিম্মাত লৈ বান্দ্ৰা আৰক্ষীৰ হাতত গতাই দিয়ে। সেই ব্যক্তিজনে যেতিয়া ছলমান খানৰ ঘৰত প্ৰৱেশ কৰি ধৰা পৰিল, তেতিয়া তেওঁ কয়, ‘মই ছলমান খানক লগ কৰিব বিচাৰো, কিন্তু আৰক্ষীয়ে মোক লগ কৰিবলৈ দিয়া নাছিল, গতিকে মই লুকাই আহিবলৈ চেষ্টা কৰি আছিলো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ