--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মুখ্যমন্ত্ৰী তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি ড॰ হিমন্ত বিশ্ব শৰ্মা সৰ্বসন্মতি মৰ্মে পুনৰবাৰ অসম বেডমিণ্টন সন্থাৰ সভাপতিৰূপে নিৰ্বাচিত হৈছে৷ দেওবাৰে গুৱাহাটীত অনুষ্ঠিত অসম বেডমিণ্টন সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত সন্থাটোৰ নতুন কাৰ্যনিৰ্বাহক কমিটিখন গঠন কৰা হয়৷ সেই অনুসৰি ওমৰ ৰছিদক পুনৰ সম্পাদক হিচাপে মনোনীত কৰাৰ লগতে গৌতম মহন্তক আকৌ এবাৰ কোষাধ্যক্ষ হিচাপে সভাই সৰ্বসন্মতি মৰ্মে নিৰ্বাচিত কৰে৷

ইফালে, তুলিৰাম ৰংহাং কাৰ্যকৰী সভাপতি, শীৰ্ষ আই পি এছ বিষয়া পাৰ্থ সাৰথি মহন্ত জ্যেষ্ঠ উপসভাপতি তথা প্ৰাক্তন খেলুৱৈ মল্লিকা বৰুৱা শৰ্মা উপদেষ্টা ৰূপে থকা কমিটিখনৰ নিৰ্বাচিত দহগৰাকী উপসভাপতি হ’ল ঃ তৰংগ গগৈ, প্ৰদীপ কুমাৰ হাজৰিকা, এল হেমন্ত সিং, বদন চন্দ্ৰ বৰা, বিনিত গগৈ, ৰিতুবৰণ শৰ্মা, ইফতিকাৰ আলী, পুৰঞ্জয় শৰ্মা, প্ৰনৱজ্যোতি গগৈ আৰু অমিতাভ দে৷

আনহাতে, দিগন্ত বুঢ়াগোহাই, নবৰ’জি মনোৱাৰ, নৱজ্যোতি বৰা, ৰিতুৰাজ চেতিয়া আৰু হেমন্ত কুমাৰ দাস যুটিয়া সম্পাদক নিৰ্বাচিত হোৱাৰ বিপৰীতে নতুন কমিটিৰ পাঁচ সহঃসম্পাদক হ’ল- অভিজিত বৰুৱা, বিদ্যুৎ বিকাশ দেউৰী, ইমটিয়াজুৰ ৰহমান, মযুৰ বৰা আৰু অনিল দাস৷

উপেন চক্ৰৱৰ্তীক কাৰ্যালয় সম্পাদক হিচাপে দায়িত্ব দিয়া সন্থাটোৰ দহগৰাকী নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য হ’ল- বসন্ত ডেকা, মাধৱ বৰা, মুকতাৰ হুছেইন, বিক্ৰম সিনহা, ভূপেন ফুকন, চন্দন মেধি, বিকাশ পাঠক, অনিমেশ চন্দ্ৰ, ময়দুল ইছলাম বৰা আৰু ৰাজ কুমাৰ কলিতা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post