--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মুখ্যমন্ত্ৰী তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি ড॰ হিমন্ত বিশ্ব শৰ্মা সৰ্বসন্মতি মৰ্মে পুনৰবাৰ অসম বেডমিণ্টন সন্থাৰ সভাপতিৰূপে নিৰ্বাচিত হৈছে৷ দেওবাৰে গুৱাহাটীত অনুষ্ঠিত অসম বেডমিণ্টন সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত সন্থাটোৰ নতুন কাৰ্যনিৰ্বাহক কমিটিখন গঠন কৰা হয়৷ সেই অনুসৰি ওমৰ ৰছিদক পুনৰ সম্পাদক হিচাপে মনোনীত কৰাৰ লগতে গৌতম মহন্তক আকৌ এবাৰ কোষাধ্যক্ষ হিচাপে সভাই সৰ্বসন্মতি মৰ্মে নিৰ্বাচিত কৰে৷

ইফালে, তুলিৰাম ৰংহাং কাৰ্যকৰী সভাপতি, শীৰ্ষ আই পি এছ বিষয়া পাৰ্থ সাৰথি মহন্ত জ্যেষ্ঠ উপসভাপতি তথা প্ৰাক্তন খেলুৱৈ মল্লিকা বৰুৱা শৰ্মা উপদেষ্টা ৰূপে থকা কমিটিখনৰ নিৰ্বাচিত দহগৰাকী উপসভাপতি হ’ল ঃ তৰংগ গগৈ, প্ৰদীপ কুমাৰ হাজৰিকা, এল হেমন্ত সিং, বদন চন্দ্ৰ বৰা, বিনিত গগৈ, ৰিতুবৰণ শৰ্মা, ইফতিকাৰ আলী, পুৰঞ্জয় শৰ্মা, প্ৰনৱজ্যোতি গগৈ আৰু অমিতাভ দে৷

আনহাতে, দিগন্ত বুঢ়াগোহাই, নবৰ’জি মনোৱাৰ, নৱজ্যোতি বৰা, ৰিতুৰাজ চেতিয়া আৰু হেমন্ত কুমাৰ দাস যুটিয়া সম্পাদক নিৰ্বাচিত হোৱাৰ বিপৰীতে নতুন কমিটিৰ পাঁচ সহঃসম্পাদক হ’ল- অভিজিত বৰুৱা, বিদ্যুৎ বিকাশ দেউৰী, ইমটিয়াজুৰ ৰহমান, মযুৰ বৰা আৰু অনিল দাস৷

উপেন চক্ৰৱৰ্তীক কাৰ্যালয় সম্পাদক হিচাপে দায়িত্ব দিয়া সন্থাটোৰ দহগৰাকী নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য হ’ল- বসন্ত ডেকা, মাধৱ বৰা, মুকতাৰ হুছেইন, বিক্ৰম সিনহা, ভূপেন ফুকন, চন্দন মেধি, বিকাশ পাঠক, অনিমেশ চন্দ্ৰ, ময়দুল ইছলাম বৰা আৰু ৰাজ কুমাৰ কলিতা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement