--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ অভ্যৰ্থনাৰ পাছত হনীমুনৰ বাবে সময় নাই ৰণবীৰ-আলিয়াৰ! বিয়াৰ আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পাছতে নিজ কামত মনোনিৱেশ কৰিছে ৰণবীৰ কাপুৰে। আলিয়াইয়ো অতিশীঘ্ৰে কৰণ জোহৰৰ ছেটলৈ উভতিব বুলি জানিবলৈ পোৱা গৈছে। 'ৰকী ঔৰ ৰাণী কি প্ৰেমকাহানী'ৰ দৃশ্যগ্ৰহণৰ বাবে আলিয়াই দুই এদিনতে শহুৰৰ ঘৰ এৰাৰ খবৰ ওলাইছে।

ইফালে, ৰণবীৰ-আলিয়াৰ সম্পৰ্কই পালে আনুষ্ঠানিকতা। পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ সৈতে মুঠ ১০০ জন সাক্ষী দুই তাৰকাৰ বিয়াৰ। তাৰকা দম্পতীৰ সাধাৰণ বিবাহ অনুষ্ঠানে মুগ্ধ কৰি তুলিছে সকলোকে। শনিবাৰে, বলীউডৰ বহু তাৰকাৰ বাবে ঘৰুৱা অভ্যৰ্থনাৰ আয়োজন কৰা হৈছিল। শ্বাহৰূখ-গৌৰী, কৰিশ্মা-কৰীণা, অৰ্জুন-মালাইকা, আদিত্য ৰয় কাপুৰ, প্ৰীতম আৰু আন বহুতো লোক উপস্থিত হৈছিল ৰণবীৰ-আলিয়াৰ অভ্যৰ্থনাত। অৱশ্যে, বচ্চন পৰিয়ালৰ কাকো দেখা পোৱা নগ’ল। আনকি আলিয়াৰ 'গঙ্গুবাই'ৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ো নাহিল অভ্যৰ্থনা অনুষ্ঠানলৈ। বিবাখনক লৈ ইমান বেছি জাকজমকতা দেখিবলৈ পোৱা নগ’ল তাৰকা যুটিৰ মাজত। তেওঁলোকৰ এনে পদক্ষেপে এতিয়া পাইছেগৈ আলোচনাৰ মজিয়া।

শনিবাৰে নিশাৰ অভ্যৰ্থনাৰ পাছত দেওবাৰে কাহিলী পুৱাতে কামলৈ ৰাওনা হয় কাপুৰ নন্দন। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত দেখিবলৈ পোৱা গ’ল ৰণবীৰক। নৱ-বিবাহিত তাৰকাগৰাকীয়ে গাড়ীৰ পৰা ওলাই অহা সেই মুহূৰ্তটো ধৰি ৰাখিবলৈ হেতা ওপৰা লাগে প্ৰত্যক্ষদৰ্শীৰ। পলকতে ভাইৰেল হৈ পৰে ভিডিঅ’। সম্প্ৰতি, এই ভিডিঅ’টোক কেন্দ্ৰ কৰিয়েই হৈছে চৰ্চা। ৰণবীৰৰ সাধাৰণ জীৱনশৈলীয়ে এতিয়া দৃষ্টি কাঢ়িছে অনুৰাগীৰ। একাংশই যদি ৰণবীৰক মাটিৰ মানুহ বুলি প্ৰশংসা কৰিছে একাংশই আকৌ ভালপোৱাৰ ইম’জীৰে নিজৰ প্ৰেম প্ৰকাশ কৰিছে।

উল্লেখ্য যে, আগন্তুক ছেপ্টেম্বৰ মাহতে মুক্তি পাব নতুন ছবি ‘ব্ৰহ্মাস্ত্ৰ’। ছবিখনত ৰণবীৰ-আলিয়াৰ অভিনয়ে শ্ৰোতা-দৰ্শকক ৰোমাঞ্চিত কৰি তুলিব বুলি আশাবাদী প্ৰযোজক-পৰিচালক। আনহাতে, অভিনেতাৰ হাতত আছে আন এখন ছবি ‘ছামছেৰা’। হাতত সময় কম, দায়িত্ব অলেখ। ‘ডাৰ্লিংছ’ আৰু ‘ৰকী ঔৰ ৰাণী কি প্ৰেমকাহিনী’ৰ কামো অতি শীঘ্ৰে শেষ কৰিব লাগিব আলিয়াই। চলিত বৰ্ষত ইতিমধ্যে বক্স অফিছত অভূতপূৰ্ব সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে আলিয়া অভিনীত ‘গঙ্গুৱাঈ কাঠিয়াৱাড়ী’ আৰু ‘আৰআৰআৰ’-এ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ