--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ অভ্যৰ্থনাৰ পাছত হনীমুনৰ বাবে সময় নাই ৰণবীৰ-আলিয়াৰ! বিয়াৰ আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পাছতে নিজ কামত মনোনিৱেশ কৰিছে ৰণবীৰ কাপুৰে। আলিয়াইয়ো অতিশীঘ্ৰে কৰণ জোহৰৰ ছেটলৈ উভতিব বুলি জানিবলৈ পোৱা গৈছে। 'ৰকী ঔৰ ৰাণী কি প্ৰেমকাহানী'ৰ দৃশ্যগ্ৰহণৰ বাবে আলিয়াই দুই এদিনতে শহুৰৰ ঘৰ এৰাৰ খবৰ ওলাইছে।

ইফালে, ৰণবীৰ-আলিয়াৰ সম্পৰ্কই পালে আনুষ্ঠানিকতা। পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ সৈতে মুঠ ১০০ জন সাক্ষী দুই তাৰকাৰ বিয়াৰ। তাৰকা দম্পতীৰ সাধাৰণ বিবাহ অনুষ্ঠানে মুগ্ধ কৰি তুলিছে সকলোকে। শনিবাৰে, বলীউডৰ বহু তাৰকাৰ বাবে ঘৰুৱা অভ্যৰ্থনাৰ আয়োজন কৰা হৈছিল। শ্বাহৰূখ-গৌৰী, কৰিশ্মা-কৰীণা, অৰ্জুন-মালাইকা, আদিত্য ৰয় কাপুৰ, প্ৰীতম আৰু আন বহুতো লোক উপস্থিত হৈছিল ৰণবীৰ-আলিয়াৰ অভ্যৰ্থনাত। অৱশ্যে, বচ্চন পৰিয়ালৰ কাকো দেখা পোৱা নগ’ল। আনকি আলিয়াৰ 'গঙ্গুবাই'ৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ো নাহিল অভ্যৰ্থনা অনুষ্ঠানলৈ। বিবাখনক লৈ ইমান বেছি জাকজমকতা দেখিবলৈ পোৱা নগ’ল তাৰকা যুটিৰ মাজত। তেওঁলোকৰ এনে পদক্ষেপে এতিয়া পাইছেগৈ আলোচনাৰ মজিয়া।

শনিবাৰে নিশাৰ অভ্যৰ্থনাৰ পাছত দেওবাৰে কাহিলী পুৱাতে কামলৈ ৰাওনা হয় কাপুৰ নন্দন। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত দেখিবলৈ পোৱা গ’ল ৰণবীৰক। নৱ-বিবাহিত তাৰকাগৰাকীয়ে গাড়ীৰ পৰা ওলাই অহা সেই মুহূৰ্তটো ধৰি ৰাখিবলৈ হেতা ওপৰা লাগে প্ৰত্যক্ষদৰ্শীৰ। পলকতে ভাইৰেল হৈ পৰে ভিডিঅ’। সম্প্ৰতি, এই ভিডিঅ’টোক কেন্দ্ৰ কৰিয়েই হৈছে চৰ্চা। ৰণবীৰৰ সাধাৰণ জীৱনশৈলীয়ে এতিয়া দৃষ্টি কাঢ়িছে অনুৰাগীৰ। একাংশই যদি ৰণবীৰক মাটিৰ মানুহ বুলি প্ৰশংসা কৰিছে একাংশই আকৌ ভালপোৱাৰ ইম’জীৰে নিজৰ প্ৰেম প্ৰকাশ কৰিছে।

উল্লেখ্য যে, আগন্তুক ছেপ্টেম্বৰ মাহতে মুক্তি পাব নতুন ছবি ‘ব্ৰহ্মাস্ত্ৰ’। ছবিখনত ৰণবীৰ-আলিয়াৰ অভিনয়ে শ্ৰোতা-দৰ্শকক ৰোমাঞ্চিত কৰি তুলিব বুলি আশাবাদী প্ৰযোজক-পৰিচালক। আনহাতে, অভিনেতাৰ হাতত আছে আন এখন ছবি ‘ছামছেৰা’। হাতত সময় কম, দায়িত্ব অলেখ। ‘ডাৰ্লিংছ’ আৰু ‘ৰকী ঔৰ ৰাণী কি প্ৰেমকাহিনী’ৰ কামো অতি শীঘ্ৰে শেষ কৰিব লাগিব আলিয়াই। চলিত বৰ্ষত ইতিমধ্যে বক্স অফিছত অভূতপূৰ্ব সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে আলিয়া অভিনীত ‘গঙ্গুৱাঈ কাঠিয়াৱাড়ী’ আৰু ‘আৰআৰআৰ’-এ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ