--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জী বৰ্তমান ভাৰতৰ আটাইতকৈ প্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী। অভিনয় জীৱনৰ আৰম্ভণিতে শ্বাহৰূখ খান আৰু অন্যান্য তাৰকাসকলৰ সৈতে ছুপাৰহিট ছবিত যেনেকৈ অভিনয় কৰিছিল তেনেদৰে এতিয়াও বলীউডত ‘মৰ্দানি’ৰ দৰে ছবিত তুলি ধৰা সাৱলীল অভিনয়েৰে সকলোকে মনোৰঞ্জন দি আহিছে ৰাণী মুখাৰ্জীয়ে। ৰাণী মুখাৰ্জী মানেই যেন সকলোৰে বাবে এক আলোড়নৰ বিষয়। আজিও তাৰ ব্যতিক্ৰম নহয়। বিভিন্ন সময়ত বিভিন্ন কথা-প্ৰসংগৰ বাবে খবৰৰ শিৰোনামলৈ আহে ৰাণী।  অভিনয় দক্ষতা জৰিয়তে ৰাণী মুখাৰ্জীয়ে শ্ৰোতা দৰ্শকক কৰি তুলিছিল দিৱানা।

অভিনয়ৰ সমান্তৰালকৈ ৰাণী মুখাৰ্জীয়ে তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ বাবে বলীউডত সদায় চৰ্চিত হৈ আহিছে। শুনিবলৈ পোৱা মতে, ৰাণী মুখাৰ্জীয়ে বলীউড অভিনেতা অভিষেক বচ্চনৰ সৈতে সম্পৰ্কত জৰিত হৈ পৰিছিল। কেৰিয়াৰৰ প্ৰথম সময়ছোৱাতে দুয়োৰে মাজত নিবিড় সম্পৰ্কই গঢ় লৈ উঠা বুলি খবৰ ওলাইছিল। তেতিয়া অভিষেক বচ্চনৰ ঐশ্বৰ্য ৰায়ৰ সৈতে বিশেষ সম্পৰ্ক নাছিল। অভিষেক বচ্চনে ৰাণী মুখাৰ্জীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰো উঠিছিল গুঞ্জন। কিন্তু শেষ মুহূৰ্তত অভিষেক বচ্চনৰ মাতৃ জয়া বচ্চনে এই বিবাহৰ প্ৰস্তাৱ পোনচাতে নস্যাত্‍ কৰিছিল। কিন্তু ৰাণী মুখাৰ্জীক কিয় বোৱাৰী হিচাপে গ্ৰহণ কৰিবলৈ অমান্তি হৈছিল জয়াই? প্ৰথম অৱস্থাত হেনো অমিতাভ-জয়াই ৰাণীৰ প্ৰতি জনাইছিল পূৰ্ণ সমৰ্থন। কিন্তু পৰৱৰ্তী সময়ত ৰাণীয়ে এটা ভুলৰ বাবে পূৰ্ব সিদ্ধান্তৰ বিপৰীতে যাবলৈ একপ্ৰকাৰ বাধ্য হৈ পৰিছিল জয়াই। 

দৰাচলতে, অভিষেকৰ সৈতে সম্পৰ্কত থকা সময়তে এখন ছবিত অমিতাভ বচ্চনৰ সৈতে এটা ৰোমাণ্টিক দৃশ্যত অভিনয় কৰিছিল ৰাণীয়ে। এই কথাটোৱে আহত কৰিছিল জয়াক। জয়াই কৈছিল, ‘এই ধৰণৰ দৃশ্যত অভিনয় কৰাৰ পাছত  যদি ৰাণীক মোৰ ঘৰৰ বোৱাৰী হিচাপে গ্ৰহণ কৰোঁ তেতিয়া মানুহে হাঁহিব। শহুৰেকৰ সৈতে বোৱাৰীয়েকে এনে ধৰণে অভিনয় কেনেকৈ কৰিব পাৰে বুলিও সৰ্বত্ৰে চৰ্চা হ’ব।’ জয়াৰ এই বক্তব্যৰ পৰাই স্পষ্ট যে, এটা ভুলৰ বাবে অভিষেকৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ