--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হনীমুনৰ সময়ত অভিনেতা জনী ডেপে এম্বাৰ হাৰ্ডক পৃথিৱীৰ পৰা আঁতৰাই পঠিয়াব বিচাৰিছিল। আনকি ড্ৰাগছ আসক্ত জনীয়ে এম্বাৰৰ শৰীৰত জলন্ত চিগাৰেটো দলিয়াই দিছিল। জনী ডেপৰ প্ৰাক্তন পত্নী এম্বাৰে আদালতত এনে অভিযোগ উত্থাপন কৰা দেখা গৈছে।

সোমবাৰে মানহানিৰ গোচৰত সাক্ষ্য দিয়া সময়তে এম্বাৰ হাৰ্ডে তেওঁৰ প্ৰাক্তন স্বামী জনী ডেপক ড্ৰাগছ আৰু হিংসাত্মক পৰিস্থিতিত জুৰুলা কৰা ব্যক্তি বুলি অভিহিত কৰে।

জনী ডেপ আৰু এম্বাৰৰ মাজত এসময়ত গভীৰ প্ৰেমৰ সম্পৰ্ক আছিল। সেই কথা মনত পেলাই উচুপি উঠে এম্বাৰ। তেওঁ কয়, ‘ভাবিব নোৱাৰি, সকলো শেষ হ’ব এনেকৈয়ে!’ জানিবলৈ পোৱা মতে, এতিয়াও জনীক ভাল পায় এম্বাৰ হাৰ্ডে। কিন্তু তিক্ততা ইমানেই বৃদ্ধি পাইছে যে, নিৰাপত্তা নোহোৱা হৈ পৰিছে। আদালতত গোচৰ ৰুজু কৰা হৈছে। পাৰস্পৰিক অভিযোগ আৰু প্ৰতি-অভিযোগ উঠাও পৰিলক্ষিত হৈছে।

২০১৬ চনত বিচ্ছেদৰ পিছতো কন্দোনৰ শেষ নাই। ৫০ লাখ ডলাৰ খৰচ কৰি এম্বাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এম্বাৰে। ভাৰ্জিনিয়াৰ আদালতত এই গোচৰৰ শুনানি চলি আছে। তাৰকা হৈয়ো ঘৰুৱা হিংসাৰ বলি হোৱা দাবীৰে কাকতত এটা লেখা লেখনিৰ বাবে তেওঁৰ বিৰুদ্ধে ৫০ মিলিয়ন মাৰ্কিন ডলাৰৰ মানহানিৰ গোচৰ ৰুজু কৰিছিল ‘পাইৰেট অৱ দ্য কেৰিবিয়ান’ৰ তাৰকা জনী ডেপে। পত্নীৰ শৰীৰত আঘাত কৰা কথাকো বাৰে বাৰে অস্বীকাৰ কৰি আহিছে তেওঁ।

জনীৰ বিৰুদ্ধে এম্বাৰৰ একে অভিযোগ, তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা হৈছিল। সোমবাৰে তেওঁ কয় যে, ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত বিয়াৰ পিছত হনীমুনলৈ যোৱাৰ পথত অৰিয়েণ্ট এক্সপ্ৰেছ ৰে’লত যাত্ৰা কৰা সময়তে জনীয়ে তেওঁক প্ৰহাৰ কৰিছিল।

এম্বাৰে কয়, ‘তেওঁ মোৰ ডিঙিত বহু সময় চেপি ধৰিছিল। মই ভাবিছিলো সেই মোক জনীয়ে মাৰি পেলাব। মই আতংকিত হৈ পৰিছিলো, কিন্তু বিশ্বাস কৰিব পৰা নাছিলো যে তেওঁ মোক মাৰিব পাৰিব।’ এম্বাৰৰ দাবী, ‘সেইটোৱেই আছিল আৰম্ভণি। তেতিয়াৰ পৰা প্ৰায় প্ৰতিদিনেই ঘৰুৱা হিংসাৰ বলি হৈ আহিছো। জনীয়ে মোক অত্যাচাৰ কৰিছিল চৰমভাৱে।’ একে সময়তে তেওঁৰ প্ৰাক্তন পত্নীয়েও জনীক ড্ৰাগছ আসক্ত আৰু স্বেচ্ছাচাৰী বুলি উল্লেখ কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ