--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হনীমুনৰ সময়ত অভিনেতা জনী ডেপে এম্বাৰ হাৰ্ডক পৃথিৱীৰ পৰা আঁতৰাই পঠিয়াব বিচাৰিছিল। আনকি ড্ৰাগছ আসক্ত জনীয়ে এম্বাৰৰ শৰীৰত জলন্ত চিগাৰেটো দলিয়াই দিছিল। জনী ডেপৰ প্ৰাক্তন পত্নী এম্বাৰে আদালতত এনে অভিযোগ উত্থাপন কৰা দেখা গৈছে।

সোমবাৰে মানহানিৰ গোচৰত সাক্ষ্য দিয়া সময়তে এম্বাৰ হাৰ্ডে তেওঁৰ প্ৰাক্তন স্বামী জনী ডেপক ড্ৰাগছ আৰু হিংসাত্মক পৰিস্থিতিত জুৰুলা কৰা ব্যক্তি বুলি অভিহিত কৰে।

জনী ডেপ আৰু এম্বাৰৰ মাজত এসময়ত গভীৰ প্ৰেমৰ সম্পৰ্ক আছিল। সেই কথা মনত পেলাই উচুপি উঠে এম্বাৰ। তেওঁ কয়, ‘ভাবিব নোৱাৰি, সকলো শেষ হ’ব এনেকৈয়ে!’ জানিবলৈ পোৱা মতে, এতিয়াও জনীক ভাল পায় এম্বাৰ হাৰ্ডে। কিন্তু তিক্ততা ইমানেই বৃদ্ধি পাইছে যে, নিৰাপত্তা নোহোৱা হৈ পৰিছে। আদালতত গোচৰ ৰুজু কৰা হৈছে। পাৰস্পৰিক অভিযোগ আৰু প্ৰতি-অভিযোগ উঠাও পৰিলক্ষিত হৈছে।

২০১৬ চনত বিচ্ছেদৰ পিছতো কন্দোনৰ শেষ নাই। ৫০ লাখ ডলাৰ খৰচ কৰি এম্বাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এম্বাৰে। ভাৰ্জিনিয়াৰ আদালতত এই গোচৰৰ শুনানি চলি আছে। তাৰকা হৈয়ো ঘৰুৱা হিংসাৰ বলি হোৱা দাবীৰে কাকতত এটা লেখা লেখনিৰ বাবে তেওঁৰ বিৰুদ্ধে ৫০ মিলিয়ন মাৰ্কিন ডলাৰৰ মানহানিৰ গোচৰ ৰুজু কৰিছিল ‘পাইৰেট অৱ দ্য কেৰিবিয়ান’ৰ তাৰকা জনী ডেপে। পত্নীৰ শৰীৰত আঘাত কৰা কথাকো বাৰে বাৰে অস্বীকাৰ কৰি আহিছে তেওঁ।

জনীৰ বিৰুদ্ধে এম্বাৰৰ একে অভিযোগ, তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা হৈছিল। সোমবাৰে তেওঁ কয় যে, ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত বিয়াৰ পিছত হনীমুনলৈ যোৱাৰ পথত অৰিয়েণ্ট এক্সপ্ৰেছ ৰে’লত যাত্ৰা কৰা সময়তে জনীয়ে তেওঁক প্ৰহাৰ কৰিছিল।

এম্বাৰে কয়, ‘তেওঁ মোৰ ডিঙিত বহু সময় চেপি ধৰিছিল। মই ভাবিছিলো সেই মোক জনীয়ে মাৰি পেলাব। মই আতংকিত হৈ পৰিছিলো, কিন্তু বিশ্বাস কৰিব পৰা নাছিলো যে তেওঁ মোক মাৰিব পাৰিব।’ এম্বাৰৰ দাবী, ‘সেইটোৱেই আছিল আৰম্ভণি। তেতিয়াৰ পৰা প্ৰায় প্ৰতিদিনেই ঘৰুৱা হিংসাৰ বলি হৈ আহিছো। জনীয়ে মোক অত্যাচাৰ কৰিছিল চৰমভাৱে।’ একে সময়তে তেওঁৰ প্ৰাক্তন পত্নীয়েও জনীক ড্ৰাগছ আসক্ত আৰু স্বেচ্ছাচাৰী বুলি উল্লেখ কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত