--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী শিল্পা ছেট্টীৰ আগন্তুক চিনেমাখনৰ নাম ‘নিকম্মা’। ইতিমধ্যে এই ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। প্ৰথমবাৰৰ বাবে এখন ছবিত ছুপাৰৱ’মেনৰ চৰিত্ৰত বলিউডৰ ছেনচেশ্যন শিল্পাক দেখিবলৈ পোৱা যাব। আৰু এই ছবিখনেৰ যোগেদিয়েই ১৪ বছৰৰ পাছত পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে শিল্পা ছেট্টী।

শিল্পাৰ উপৰি ভাগ্যশ্ৰীৰ পুত্ৰ অভিমন্যু দাসানী আৰু শ্বাৰ্লী চেথিয়াইয়ো এই ছবিখনত অভিনয় কৰিছে। তদুপৰি এইবাৰ বলীউডত অভিষেক ঘটিব গেইলা শ্বাৰ্লী চেথিয়াৰ। চিনেমাখনত সম্পূৰ্ণ বেলেগ চৰিত্ৰত অভিনয় কৰিছে শিল্পাই। ছবিখনত তেওঁৰ চৰিত্ৰৰ নাম ‘অবনী’।

আৰু অভিমন্যুক এজন এলেহুৱা ব্যক্তিৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব। তেওঁৰ চৰিত্ৰৰ নাম সিদ্ধাৰ্থ। আৰু এই অকৰ্মন্য অভিমন্যুৰ জীৱনলৈ আহে ছুপাৰৱ’মেন শিল্পাই। শিল্পাই তেওঁৰ জীৱনত কিদৰে প্ৰভাৱ পেলাব? শিল্পাৰ ভূমিকা কি হ’ব? এই সকলোবোৰৰ বাবে অপেক্ষা কৰিব লাগিব অনুৰাগীয়ে।

ইফালে, চলিত বৰ্ষৰ ১৬ জুনত মুক্তি পাব ছবিখন। ছ’নী পিকচাৰ্ছ ইণ্টাৰনেশ্যনেলৰ দ্বাৰা প্ৰযোজিত আৰু ছাব্বীৰ খান ফিল্মছে প্ৰযোজনা কৰা এই ছবিখনৰ পৰিচালক ছাব্বীৰ খান। শিল্পাৰ সৈতে অভিনয় কৰিছে সমীৰ ছোনীয়ে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত