--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী শিল্পা ছেট্টীৰ আগন্তুক চিনেমাখনৰ নাম ‘নিকম্মা’। ইতিমধ্যে এই ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। প্ৰথমবাৰৰ বাবে এখন ছবিত ছুপাৰৱ’মেনৰ চৰিত্ৰত বলিউডৰ ছেনচেশ্যন শিল্পাক দেখিবলৈ পোৱা যাব। আৰু এই ছবিখনেৰ যোগেদিয়েই ১৪ বছৰৰ পাছত পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে শিল্পা ছেট্টী।

শিল্পাৰ উপৰি ভাগ্যশ্ৰীৰ পুত্ৰ অভিমন্যু দাসানী আৰু শ্বাৰ্লী চেথিয়াইয়ো এই ছবিখনত অভিনয় কৰিছে। তদুপৰি এইবাৰ বলীউডত অভিষেক ঘটিব গেইলা শ্বাৰ্লী চেথিয়াৰ। চিনেমাখনত সম্পূৰ্ণ বেলেগ চৰিত্ৰত অভিনয় কৰিছে শিল্পাই। ছবিখনত তেওঁৰ চৰিত্ৰৰ নাম ‘অবনী’।

আৰু অভিমন্যুক এজন এলেহুৱা ব্যক্তিৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব। তেওঁৰ চৰিত্ৰৰ নাম সিদ্ধাৰ্থ। আৰু এই অকৰ্মন্য অভিমন্যুৰ জীৱনলৈ আহে ছুপাৰৱ’মেন শিল্পাই। শিল্পাই তেওঁৰ জীৱনত কিদৰে প্ৰভাৱ পেলাব? শিল্পাৰ ভূমিকা কি হ’ব? এই সকলোবোৰৰ বাবে অপেক্ষা কৰিব লাগিব অনুৰাগীয়ে।

ইফালে, চলিত বৰ্ষৰ ১৬ জুনত মুক্তি পাব ছবিখন। ছ’নী পিকচাৰ্ছ ইণ্টাৰনেশ্যনেলৰ দ্বাৰা প্ৰযোজিত আৰু ছাব্বীৰ খান ফিল্মছে প্ৰযোজনা কৰা এই ছবিখনৰ পৰিচালক ছাব্বীৰ খান। শিল্পাৰ সৈতে অভিনয় কৰিছে সমীৰ ছোনীয়ে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ