--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জলপ্ৰপাতটোত গা ধুই থকা অৱস্থাতে ভাৰতীয় তেল নিগমে ব্যৱহাৰ কৰা এটা পানী নিষ্কাশন মেচিনত লাগি আনিনৰ মূৰত গুৰুতৰভাৱে আঘাত লাগে আৰু তেওঁ পানীত ডুব যায়।

ডিজিটেল ডেস্ক: তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত নাজিৰাটিং তামুলী পৰ্যটনস্থলীৰ জলপ্ৰপাতত সলিল সমাধি ঘটা লোহীয়া কলেজৰ ছাত্ৰ আনিন বৰুৱাৰ কৰুণ মৃত্যুৰ প্ৰকৃত ৰহস্য আজিও পোহৰলৈ নাহিল।


জিলাখনৰ ডুমডুমা থানাৰ অন্তৰ্গত ১ নং চোটাহাপজানৰ বাসিন্দা নিলু বৰুৱাৰ ২০ বছৰীয়া পুত্ৰ আনিনৰ এই অস্বাভাৱিক মৃত্যুৰ বাবে ভাৰতীয় তেল নিগম (IOCL) কৰ্তৃপক্ষক পোনপটীয়াকৈ জগৰীয়া কৰিছে দুৰ্ভগীয়া পিতৃয়ে।


পিতৃ নিলু বৰুৱাই জানিবলৈ দিয়া মতে, ২০২৫ চনৰ ১৫ আগষ্টত আনিন বৰুৱাই তেওঁৰ ৮ জন সতীৰ্থৰ সৈতে নাজিৰাটিং তামুলী পৰ্যটনস্থলীলৈ পিকনিক খাবলৈ গৈছিল। কিন্তু বিয়লি প্ৰায় ৪ বজাত জলপ্ৰপাতটোত গা ধুই থকা অৱস্থাতে ভাৰতীয় তেল নিগমে ব্যৱহাৰ কৰা এটা পানী নিষ্কাশন মেচিনত লাগি আনিনৰ মূৰত গুৰুতৰভাৱে আঘাত লাগে আৰু তেওঁ পানীত ডুব যায়।


ঘটনাৰ পিছদিনাই পিতৃয়ে ডিগবৈ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। এজাহাৰ লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত SDRF-ৰ এটা দলে অভিযান চলাই ঘটনাস্থলীৰ পৰা প্ৰায় ২০০ মিটাৰ আঁতৰত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


পিতৃৰ এজাহাৰৰ ভিত্তিত ডিগবৈ আৰক্ষী থানাত ০৯/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰা হয়। ইয়াৰ পিছতে আৰক্ষীয়ে ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।


হাস্পতালখনৰ ফৰেনছিক মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ উজ্জ্বল চুতীয়াই দাখিল কৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল। কিন্তু আশ্চৰ্যজনকভাৱে, এই গুৰুত্বপূৰ্ণ প্ৰমাণ লাভ কৰাৰ পিছতো আৰক্ষীয়ে আজিলৈকে ভাৰতীয় তেল নিগমৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে মৃত ছাত্ৰজনৰ পিতৃয়ে।


পুত্ৰৰ মৃত্যুৰ এক নিৰপেক্ষ আৰু সঠিক তদন্তৰ দাবীৰে দুৰ্ভগীয়া পিতৃ নিলু বৰুৱাই ধাৰাবাহিকভাৱে প্ৰয়াস চলাই আহিছে। তেওঁ এই সন্দৰ্ভত ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, ডিগবৈৰ বিধায়ক সুৰেন ফুকন আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছিল।


কিন্তু দুৰ্ভাগ্যবশতঃ, ইমান দিনৰ পাছতো কোনো এগৰাকী জনপ্ৰতিনিধি বা চৰকাৰী পক্ষৰ পৰা পৰিয়ালটোৱে কোনো সঁহাৰি বা ন্যায় লাভ নকৰিলে। ইয়াক লৈ সমগ্ৰ অঞ্চলটোৰ লগতে ছাত্ৰজনৰ পৰিয়ালৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। তথাপিও, দেশৰ ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস ৰাখি পিতৃ নিলু বৰুৱাই আজিও পুত্ৰৰ অকাল মৃত্যুৰ উচিত ন্যায় পাব বুলি আশাপালি দিন কটাইছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান