--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লিভ-ইন ৰিলেচনশ্বিপত কোনো প্ৰত্যক্ষ বাধা নাথাকিব যদিও, কেইবাটাও অত্যন্ত কঠোৰ আইনী নিয়ম মানি চলিব লাগিব। সংগীৰ অধিকাৰ সুৰক্ষিত কৰা আৰু সন্তানৰ পিতৃ-মাতৃৰ পৰিচয় নিশ্চিত কৰাৰ স্বাৰ্থত এই নিয়মসমূহ বান্ধি দিয়া হৈছে।

ডিজিটেল ডেস্ক: অৱশেষত সোমবাৰে অসম বিধানসভাত উত্থাপন হ’ল বহুচৰ্চিত সম নাগৰিক সংহিতা (UCC) বিধেয়ক। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই সদনত এই ঐতিহাসিক বিধেয়কখন উত্থাপন কৰে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকত এই Uniform Civil Code চমুকৈ UCC-ৰ খচৰাত অনুমোদন জনোৱা হৈছিল।


প্ৰথম কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল যে, জনজাতীয় লোকসকলক আৰু ধৰ্মীয় পৰম্পৰাসমূহক এই UCC বিধেয়কৰ আওতাৰ পৰা সম্পূৰ্ণ আঁতৰাই ৰখা হ’ব। সামাজিক ন্যায় আৰু সমতা প্ৰদানৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কত বিবাহৰ ন্যূনতম বয়স, বহুবিবাহ নিষিদ্ধকৰণ আৰু ছোৱালীৰ বাবে সম্পত্তিৰ অধিকাৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।


লিভ-ইন ৰিলেচনশ্বিপৰ ক্ষেত্ৰত কঠোৰ নিয়ম


UCC প্ৰযোজ্য হ’লে বিবাহ অবিহনে ল’ৰা-ছোৱালী একেলগে থকা অৰ্থাৎ লিভ-ইন ৰিলেচনশ্বিপৰ (Live-in Relationship) ক্ষেত্ৰত কোনো প্ৰত্যক্ষ বাধা নাথাকিব যদিও, কেইবাটাও অত্যন্ত কঠোৰ আইনী নিয়ম মানি চলিব লাগিব। সংগীৰ অধিকাৰ সুৰক্ষিত কৰা আৰু সন্তানৰ পিতৃ-মাতৃৰ পৰিচয় নিশ্চিত কৰাৰ স্বাৰ্থত এই নিয়মসমূহ বান্ধি দিয়া হৈছে:


পঞ্জীয়ন বাধ্যতামূলক: উপ পঞ্জীয়কৰ (Sub-Registrar) অনুমতি লৈ আৰু পঞ্জীয়ন কৰিহে যুৱক-যুৱতী লিভ-ইনত থাকিব পাৰিব। উপ পঞ্জীয়কে এই সন্দৰ্ভত স্থানীয় থানাত অৱগত কৰিব লাগিব।


বিবাহিত হ’ব নোৱাৰিব: কোনো এজন সংগী ইতিমধ্যে বিবাহিত হৈ থাকিলে তেওঁলোক লিভ-ইনত থাকিব নোৱাৰিব।


বয়সৰ সীমা: সহবাস কৰিব বিচৰা যুৱকৰ বয়স ২১ বছৰ আৰু যুৱতীৰ বয়স ১৮ বছৰৰ তলৰ হ’লে তেনে লিভ-ইন সম্পৰ্কৰ পঞ্জীয়ন কৰা নহ’ব। আনহাতে, সংগীৰ বয়স ২১ বছৰতকৈ কম হ’লে অভিভাৱকক অৱগত কৰাটো বাধ্যতামূলক।


বহিঃৰাজ্যৰ ক্ষেত্ৰতো প্ৰযোজ্য: অসমৰ বাহিৰৰ কোনো যুৱক-যুৱতীয়ে আহি অসমত লিভ-ইনত থাকিলেও এই একেই নিয়ম প্ৰযোজ্য হ’ব আৰু পঞ্জীয়ন কৰিব লাগিব।


জৰিমনা আৰু শাস্তি: উপ পঞ্জীয়কক নজনোৱাকৈ এমাহতকৈ অধিক সময় লিভ-ইনত থাকিলে সেয়া অপৰাধ বুলি গণ্য হ’ব। পঞ্জীয়ন অবিহনে সহবাস কৰিলে দোষীক ১০ হাজাৰ টকাৰ জৰিমনা অথবা ৩ মাহৰ কাৰাবাস বিহা হ’ব।


বিচ্ছেদ, ভৰণ-পোষণ আৰু সন্তানৰ আইনী অধিকাৰ


সন্তানৰ বৈধতা: পঞ্জীয়নভুক্ত লিভ-ইন ৰিলেচনশ্বিপত থকা অৱস্থাত যদি কোনো সন্তানৰ জন্ম হয়, তেন্তে সেই সন্তান আইনগতভাৱে সম্পূৰ্ণ বৈধ বুলি গণ্য হ’ব।


সম্পৰ্কৰ অৱসান: পঞ্জীয়নভুক্ত লিভ-ইনত থকা কোনো যুৱক-যুৱতীয়ে ইচ্ছা কৰিলে পঞ্জীয়কৰ যোগেদিহে আনুষ্ঠানিকভাৱে সেই সম্পৰ্কৰ অৱসান ঘটাব পাৰিব। অৰ্থাৎ দুয়ো পক্ষৰ সন্মতিতহে বিচ্ছেদ হ’ব।


ভৰণ-পোষণৰ অধিকাৰ: লিভ-ইনত থকা মহিলা সংগীৰ সন্মতি অবিহনে যদি পুৰুষজনে তেওঁক এৰি থৈ যায়, তেন্তে যুৱতীগৰাকীয়ে ভৰণ-পোষণ বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব আৰু ল’ৰাজনে তেওঁৰ ভৰণ-পোষণ দিবলৈ বাধ্য হ’ব।


এই সকলোবোৰ আইনী নিয়ম-কানুন মানি চলিলেহে ভৱিষ্যতে অসমত কোনো ল’ৰা-ছোৱালীয়ে লিভ-ইন সম্পৰ্কত বৈধভাৱে বসবাস কৰিব পাৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান