--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পুনৰ আৰক্ষীৰ খাকী পোছাকত ক'লা দাগ। এইবাৰ নুনমাটি আৰক্ষীৰ পোছাকত লাগিল হত্যাৰ দাগ। যুৱতী অপহৰণত অভিযুক্ত যুৱকক মৰিয়াই হত্যাৰ অভিযোগ পৰিয়ালৰ। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে নুনমাটি থানাত। এই লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে

ডিজিটেল ডেস্কঃ পুনৰ আৰক্ষীৰ খাকী পোছাকত ক'লা দাগ। এইবাৰ নুনমাটি আৰক্ষীৰ পোছাকত লাগিল হত্যাৰ দাগ। যুৱতী অপহৰণত অভিযুক্ত যুৱকক মৰিয়াই হত্যাৰ অভিযোগ পৰিয়ালৰ। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে নুনমাটি থানাত। এই লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।


উল্লেখ্য যে, মহানগৰী নাৰেংগীৰ কলিতাকুছি গোৰখা পথৰ বাসিন্দা অৰ্জুন শৰ্মাই (২৬) ওচৰৰ জুপিতৰা কুমাৰ নামৰ এগৰাকী যুৱতীৰ লগত দীৰ্ঘদনীয়া প্ৰেমৰ সম্পৰ্ক আছিল। বিবাহপাশত আবদ্ধ হবলৈ ৬ জুন শুকুৰবাৰে ঘৰৰ পৰা দুয়ো পলাই যায়। ঘটনা সন্দৰ্ভত যুৱতী গৰাকীৰ পিতৃয়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ওদালগুৰিত অভিযান চলাই যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


অভিযোগ অনুসৰি মঙলবাৰে যুৱক অৰ্জুন শৰ্মাক পৰিয়ালে নুনমাটি থানাত অসুস্থ অৱস্থাত প্ৰত্যক্ষ কৰি তেওঁক চিকিৎসা সেৱা কৰিবলৈ আৰক্ষীক অনুৰোধ জনায়। আজি পুৱাৰ ভাগত নুনমাতি কেন্দ্ৰীয় কাৰাগাৰত অৰ্জুনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে পৰিয়ালক অৱগত কৰে । যুৱকজনৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰি পৰিয়ালৰ লোক হতভম্ব হৈ পৰে। অৰ্জুনক নুনমাটি আৰক্ষীয়ে যুৱতীগৰাকীৰ পিতৃৰ পৰা পাঁচ লাখ টকা লৈ যুৱক জনক হত্যা কৰা হৈছে বুলি অভিযোগ কৰে। ইতিমধ্যে সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি শীৰ্ষ আৰক্ষীৰ ওচৰত দাবী জনাইছে মৃত অৰ্জুন শৰ্মাৰ পৰিয়ালে।


উল্লেখ্য যে, যুৱতীগৰাকীৰ পিতৃ ৰবীন চন্দ্ৰ কুমাৰে ফোন যোগে ৫ লাখ টকা আৰক্ষীক আদায় দি অৰ্জুনক হত্যা কৰা হ'ব বুলি পৰিয়ালক ভাবুকি দিছিল। ইতিমধ্যে এই কল ৰেকৰ্ডিং সংবাদ মাধ্যমৰ আগত অৰ্জুনৰ পৰিয়ালে যোগান ধৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ