--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা কিছুমান আচৰিত ঘটনা সংঘটিত হয়। যিবোৰ ঘটনাৰ কাৰণ ব্যাখ্যা কৰা সম্ভৱ নহয়। বিজ্ঞানো হাৰি যায় কিছুমান আচৰিত ঘটনাৰ ৰহস্য উদঘাটনত। ইংলেণ্ডৰ(England) বাথত এটা আচৰিত ঘটনা পোহৰলৈ আহিছে, য'ত এজনী ছোৱালীয়ে শুই থকা অৱস্থাত ভৰিত পিন আৰু বেজীৰে বিন্ধা অনুভৱ কৰিছিল আৰু তাৰপাছতেই  পেৰালাইছিছ হৈ পৰিছিল। ছোৱালীজনীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসকসকলে পৰীক্ষা কৰিছিল, কিন্তু এতিয়াও জানিব পৰা নাই যে এই ছোৱালীজনীৰ সৈতে কিয় এনে হৈছিল।

শুই থকা অৱস্থাত এক ঘটিছিল আচৰিত ঘটনা

ইংলেণ্ডৰ ১৩ বছৰীয়া কিশোৰী নেন্সি জুবে বিচনাত শুই আছিল। শুই থকাৰ সময়তে হঠাতে তেওঁ ভৰিত এক সংবেদন অনুভৱ কৰিছিল, যাৰপিছত নেন্সিয়ে অনুভৱ কৰিছিল যে কোনোবাই তেওঁৰ ভৰি পিন আৰু বেজীৰে বিন্ধি আছিল। ইয়াৰ পাছতেই নেন্সিৰ  অৱস্থা অতি বেয়া হৈ পৰিছিল আৰু তেওঁ বিচনাৰ পৰা উঠি আহিব পৰা নাছিল।

ৰহস্যময় মেৰুদণ্ডৰ ষ্ট্ৰোক

নানা পৰীক্ষাৰ পাছত চিকিৎসকসকলে কয় যে নেন্সিৰ মেৰুদণ্ডৰ ৰহস্যজনক ষ্ট্ৰোক হৈছিল। অৱশ্যে  চিকিৎসকসকলে এতিয়াও ক'ব পৰা নাই যে এই ৰহস্যজনক মেৰুদণ্ডৰ ষ্ট্ৰোকৰ কাৰণ কি। নেন্সিক ২০ ফেব্ৰুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তেতিয়াৰ পৰাই মাত্ৰ কেইদিনমানৰ বাবেহে তেওঁ ঘৰত আছিল আৰু বেছিভাগ সময় নেন্সিয়ে চিকিৎসালয়ত কটাইছে।

নেন্সিয়ে এতিয়াও হাঁহি আছে

নেন্সিৰ মাক কেথেৰিন জুবে কৈছিল যে তেওঁ বিচনাত শুই আছিল আৰু ভৰিত পিন আৰু বেজীয়ে বিন্ধাৰ দৰে অনুভৱ কৰিছিল। সেই সময়ত বিষটো বেছি নাছিল, আমি ভাবিছিলো যে স্নায়ুবোৰ ওপৰলৈ গৈছে, কিন্তু প্ৰায় ছয় ঘণ্টাৰ পিছত পৰিস্থিতি অধিক বেয়া হৈ গৈছিল আৰু তেওঁ সম্পূৰ্ণৰূপে খোজ কাঢ়িব নোৱাৰা হৈ থাকিল। মই নেন্সিৰ অৱস্থা দেখি বহুত কান্দিছোঁ, কিন্তু নেন্সি ইমান শক্তিশালী যে ইমানবোৰ হৈ যোৱাৰ পাছতো আৰু ইমানবোৰ ঔষধ গ্ৰহণ কৰাৰ পিছতো তেওঁ হাঁহি আছে।

উল্লেখ্য যে চিকিৎসকসকলে নেন্সিৰ ৰোগৰ কাৰণ উদঘাটন কৰিবলৈ চেষ্টা কৰি আছে যদিও ব্যৰ্থ হৈছে। কিশোৰীগৰাকীক সুস্থ কৰি তুলিবলৈ চিকিৎসকৰ দলে আপ্ৰাণ চেষ্টা চলাই আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ