--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যোৱা ৭৫ দিন ধৰি যুদ্ধ চলি আছে আৰু ইয়াৰ মাজতে আজি (৯ মে') মস্কোত বিজয় দিৱসৰ কুচকাৱাজ আৰম্ভ হৈছে। ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন(Vladimir Putin) সোনকালেই পিতৃ হোৱাৰ বাতৰিয়ে আকৌ এবাৰ পূৰ্ণ গতিত চৰ্চা লাভ কৰিছে। 

পুটিনৰ কথিত প্ৰেমিকা আৰু প্ৰাক্তন জিমনাষ্ট এলিনা কাবায়েভা গৰ্ভৱতী বুলি জানিব পৰা গৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি এই বছৰৰ অক্টোবৰত ৭০ বছৰীয়া হ'ব। ৰাছিয়াৰ নিউজ চেনেল জেনেৰেল এছভিআৰ টেলিগ্ৰামে কয় যে ৩৮ বছৰীয়া এলিনা কাবায়েভা পুনৰ গৰ্ভৱতী হৈছে। অৱশ্যে ভ্লাদিমিৰ পুটিনে তেওঁৰ প্ৰেমিকা পুনৰ গৰ্ভৱতী বুলি জানি স্তম্ভিত হৈ পৰিছিল। 


প্ৰতিবেদন অনুসৰি বিজয় দিৱসৰ কুচকাৱাজৰ বাবে প্ৰস্তুতি চলাই থকা পুটিনে এলিনা কাবেৱাৰ গৰ্ভধাৰণৰ বিষয়ে জানিবলৈ পোৱাৰ পিছত খং উঠিছিল, কিয়নো তেওঁ আগতীয়াকৈ ইয়াৰ বাবে সাজু নাছিল আৰু কোনো পৰিকল্পনা কৰা নাছিল। সূত্ৰ অনুসৰি পুটিনে বিজয় দিৱসৰ কুচকাৱাজৰ সময়ত তেওঁৰ ক্ষেপণাস্ত্ৰ প্ৰদৰ্শন কৰা প্ৰতিযোগিতাত ব্যাঘাত জন্মাব নিবিচাৰে।

উল্লেখ্য যে ভ্লাদিমিৰ পুটিনে দীৰ্ঘদিন ধৰি ৩৮ বছৰীয়া প্ৰাক্তন জিমনাষ্ট এলিনা কাবায়েভাৰ সৈতে ডেটিং কৰি আহিছে। এলিনা এগৰাকী জিমনাষ্ট আছিল আৰু অলিম্পিকত দুবাৰ, ১৪ টা বিশ্ব চেম্পিয়নশ্বিপ আৰু ২৫ টা ইউৰোপীয় চেম্পিয়নশ্বিপত সোণৰ পদক জিকিছিল। খেলৰ পৰা অৱসৰ লোৱাৰ পাছত, এলিনাই ৰাজনীতিত যোগদান কৰে আৰু পুটিনৰ ইউনাইটেড ৰাছিয়া দলৰ সাংসদ হয়।


ভ্লাদিমিৰ পুটিন আৰু এলিনা কাবায়েভাৰ ইতিমধ্যে দুটা পুত্ৰ আছে। আলিনাই ২০১৫ চনত তেওঁৰ প্ৰথম পুত্ৰ আৰু ২০১৯ চনত তেওঁৰ দ্বিতীয় পুত্ৰৰ জন্ম দিছিল। অৱশ্যে পুটিনে কেতিয়াও তেওঁৰ আৰু এলিনাৰ সম্পৰ্কক স্বীকাৰ কৰা নাই।





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ