--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতত হতাশা এটা ডাঙৰ সমস্যা হৈ পৰিছে। শেহতীয়া এক সমীক্ষাত দেখা গৈছে যে ভাৰতৰ প্ৰায় ১৪ শতাংশ লোকেই হতাশাত ভোগে। ইয়াৰ পৰা দেখা যায় যে প্ৰতি ৭জন ভাৰতীয় লোকৰ ভিতৰত প্ৰায় এজন লোক হতাশাৰ বলি হয়। ডিপ্ৰেছন বা হতাশা হৈছে এক মানসিক ৰোগ। এই ৰোগৰ ফলত দুখ, হতাশা, ভাগৰ আৰু উদ্বেগ আদি লক্ষণে দেখা দিয়ে। বহু সময়ত মানুহে আত্মহত্যাও কৰা দেখা যায়। ভাৰতত ডিপ্ৰেছনৰ সমস্যা দিনকদিনে বাঢ়িছে কাৰণ এই বিষয়ত সচেতনতাৰ অভাৱ। আজি সমগ্ৰ বিশ্বতে বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হৈছে। আমি সকলোৱে একত্ৰিত হৈ হতাশাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা উচিত যাতে সকলো লোকেই সঠিক সময়ত চিকিৎসা লাভ কৰিব পাৰে আৰু এই ৰোগৰ পৰা ৰক্ষা পাব পাৰে।

দৌৰিলে কেনেকৈ দূৰ হয় হতাশা-
গৱেষণাৰ পৰা দেখা গৈছে যে হতাশাৰ পৰা হাত সাৰিবলৈ দৌৰাটো অতি উপকাৰী। দৌৰাৰ ফলত শৰীৰ আৰু মনৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে মানসিক চাপো হ্ৰাস হয়। ইয়াৰ উপৰি দৌৰাৰ ফলত আমাৰ শৰীৰত এণ্ড’ৰ্ফিন নামৰ এক হৰম’ন উৎপন্ন হয়। এই হৰম’নবিধে আমাক সুখী আৰু ইতিবাচক অৱস্থাক অনুভৱ কৰোৱায়।আনহাতে কৰ্টিছল নামৰ হৰম’ন কমি যায় যাৰ ফলত মানসিক চাপ আৰু উদ্বেগ হ্ৰাস পায়। প্ৰতিদিনে  দৌৰিলে আমাৰ আত্মবিশ্বাস বাঢ়িবলৈ ধৰে। দৌৰাৰ ফলত নিদ্ৰাৰ লগত জড়িত সমস্যা কাম হয় আৰু মনোযোগ ক্ষমতাও বৃদ্ধি পায়। যদি আপুনিও হতাশা অনুভৱ কৰে তেন্তে দৌৰিবলৈ আৰম্ভ কৰক। লাহে লাহে দৌৰাৰ সময় আৰু দূৰত্ব বৃদ্ধি কৰক। কিছুদিনৰ ভিতৰতে আপুনি পাৰ্থক্য দেখিব আৰু হতাশাৰ পৰা সুস্থ হ’বলৈ আৰম্ভ কৰিব। দৌৰাটো হতাশাৰ বিৰুদ্ধে যুঁজিবলৈ সহজ আৰু ফলপ্ৰসূ উপায় বুলি গৱেষণাত প্ৰকাশ।

ডিপ্ৰেছন হ’লে কেনেকৈ বুজিব?
* একেৰাহে ২ সপ্তাহতকৈ অধিক সময় নিৰাশ বা হতাশ অনুভৱ কৰা।
* দৈনন্দিন কাম-কাজৰ প্ৰতি আগ্ৰহৰ অভাৱ।
* ভোকৰ পৰিৱৰ্তন-হয়তো অতি বেছি ভোক অনুভৱ কৰা বা একেবাৰে ভোক অনুভৱ নকৰা।
* টোপনিৰ সমস্যা–অনিদ্ৰা বা অত্যধিক টোপনি।
* ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰা।
* কোনো কাৰণ নোহোৱাকৈ কান্দিবৰ মন যোৱা বা কান্দি থকা।
* সিদ্ধান্ত লোৱাত অসুবিধা।
* কোনো কাৰণ নোহোৱাকৈ খং উঠা।
* আত্মবিশ্বাসৰ অভাৱ।
* নিজৰ ক্ষতিৰ কথা চিন্তা কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এই ৩ টা বনৌষধি পেটৰ বাবে অতি উপকাৰী
আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে একলম
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত