--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতত হতাশা এটা ডাঙৰ সমস্যা হৈ পৰিছে। শেহতীয়া এক সমীক্ষাত দেখা গৈছে যে ভাৰতৰ প্ৰায় ১৪ শতাংশ লোকেই হতাশাত ভোগে। ইয়াৰ পৰা দেখা যায় যে প্ৰতি ৭জন ভাৰতীয় লোকৰ ভিতৰত প্ৰায় এজন লোক হতাশাৰ বলি হয়। ডিপ্ৰেছন বা হতাশা হৈছে এক মানসিক ৰোগ। এই ৰোগৰ ফলত দুখ, হতাশা, ভাগৰ আৰু উদ্বেগ আদি লক্ষণে দেখা দিয়ে। বহু সময়ত মানুহে আত্মহত্যাও কৰা দেখা যায়। ভাৰতত ডিপ্ৰেছনৰ সমস্যা দিনকদিনে বাঢ়িছে কাৰণ এই বিষয়ত সচেতনতাৰ অভাৱ। আজি সমগ্ৰ বিশ্বতে বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হৈছে। আমি সকলোৱে একত্ৰিত হৈ হতাশাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা উচিত যাতে সকলো লোকেই সঠিক সময়ত চিকিৎসা লাভ কৰিব পাৰে আৰু এই ৰোগৰ পৰা ৰক্ষা পাব পাৰে।

দৌৰিলে কেনেকৈ দূৰ হয় হতাশা-
গৱেষণাৰ পৰা দেখা গৈছে যে হতাশাৰ পৰা হাত সাৰিবলৈ দৌৰাটো অতি উপকাৰী। দৌৰাৰ ফলত শৰীৰ আৰু মনৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে মানসিক চাপো হ্ৰাস হয়। ইয়াৰ উপৰি দৌৰাৰ ফলত আমাৰ শৰীৰত এণ্ড’ৰ্ফিন নামৰ এক হৰম’ন উৎপন্ন হয়। এই হৰম’নবিধে আমাক সুখী আৰু ইতিবাচক অৱস্থাক অনুভৱ কৰোৱায়।আনহাতে কৰ্টিছল নামৰ হৰম’ন কমি যায় যাৰ ফলত মানসিক চাপ আৰু উদ্বেগ হ্ৰাস পায়। প্ৰতিদিনে  দৌৰিলে আমাৰ আত্মবিশ্বাস বাঢ়িবলৈ ধৰে। দৌৰাৰ ফলত নিদ্ৰাৰ লগত জড়িত সমস্যা কাম হয় আৰু মনোযোগ ক্ষমতাও বৃদ্ধি পায়। যদি আপুনিও হতাশা অনুভৱ কৰে তেন্তে দৌৰিবলৈ আৰম্ভ কৰক। লাহে লাহে দৌৰাৰ সময় আৰু দূৰত্ব বৃদ্ধি কৰক। কিছুদিনৰ ভিতৰতে আপুনি পাৰ্থক্য দেখিব আৰু হতাশাৰ পৰা সুস্থ হ’বলৈ আৰম্ভ কৰিব। দৌৰাটো হতাশাৰ বিৰুদ্ধে যুঁজিবলৈ সহজ আৰু ফলপ্ৰসূ উপায় বুলি গৱেষণাত প্ৰকাশ।

ডিপ্ৰেছন হ’লে কেনেকৈ বুজিব?
* একেৰাহে ২ সপ্তাহতকৈ অধিক সময় নিৰাশ বা হতাশ অনুভৱ কৰা।
* দৈনন্দিন কাম-কাজৰ প্ৰতি আগ্ৰহৰ অভাৱ।
* ভোকৰ পৰিৱৰ্তন-হয়তো অতি বেছি ভোক অনুভৱ কৰা বা একেবাৰে ভোক অনুভৱ নকৰা।
* টোপনিৰ সমস্যা–অনিদ্ৰা বা অত্যধিক টোপনি।
* ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰা।
* কোনো কাৰণ নোহোৱাকৈ কান্দিবৰ মন যোৱা বা কান্দি থকা।
* সিদ্ধান্ত লোৱাত অসুবিধা।
* কোনো কাৰণ নোহোৱাকৈ খং উঠা।
* আত্মবিশ্বাসৰ অভাৱ।
* নিজৰ ক্ষতিৰ কথা চিন্তা কৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি