--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমৃদ্ধিৰ বাট কেনি? ফেংছুইয়ে দিছে সমৃদ্ধি লাভৰ উপায়। সঠিক ৰূপত যদি ফেংছুইৰ বিধি- বিধানসমূহ মানি চলা হয় তেন্তে মানুহে অতি কম দিনৰ ভিতৰতে সমৃদ্ধিৰ মুখ দেখিবলৈ সক্ষম হয়। ফেংছুই শাস্ত্ৰত সমৃদ্ধি বৃদ্ধিৰ বাবে দিয়া কেইটামান বিধি-বিধানৰ কথা ইয়াত চমুকৈ উল্লেখ কৰা হৈছে। এনে বিধি-বিধানসমূহ যথাযথভাৱে পালন কৰিব পাৰিলে মানুহ এজন কম দিনৰ ভিতৰতে সম্পদশালী হৈ উঠিব পাৰে।

ঘৰত ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ ফেছুইয়ে দিয়া বিধান অনুসৰি আলহী বহা কোঠাত এটা টাবত মানি প্লেণ্ট ৰোপণ কৰক। এই মানি প্লেন্ট ফেংছুইৰ বিভিন্ন সামগ্রী পোৱা বিপণীসমূহত বিচাৰিলেই আপুনি পাব। এই মানি প্লেন্ট ৰোপণ কৰা টাবটো আলহী বহা ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে। ফেছুইৰ মতে দক্ষিণ-পূব দিশটো হৈছে ধন-সম্পত্তি লাভৰ দিশ। মানি প্লেণ্ট ঘৰৰ পূব বা দক্ষিণ দিশত ৰাখিলেও একে ফলেই পোৱা যায়।
মানি প্লেণ্ট কেতিয়াও শোৱনি কোঠা বা স্নানাগাৰত নাৰাখিব।

সৌভাগ্য বৃদ্ধিৰ বাবে ঘৰত তিনিঠেঙীয়া ভেকুলীৰ প্ৰতিকৃতি ৰাখিব পাৰে।এনে তিনিঠেঙীয়া ভেকুলী অষ্টপদী আধাৰৰ ওপৰত ৰাখিব লাগে। এনে ভেকুলীৰ প্ৰতিকৃতিত চীনা মুদ্ৰা থাকে। চীনা মুদ্ৰাৰ এটা ফালে চাৰিটা আৰু আনটো ফালে দুটা চীনা ভাষাত লিখা সংকেত থাকে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল  ভেকুলীৰ মুখত থকা মুদ্ৰাটোৰ ওপৰপিনে যাতে চাৰিটা সংকেত থকা ফালটোহে ৰখা হয়। এনেধৰণৰ ভেকুলী ঘৰৰ মূল প্ৰৱেশব্দৰৰ পৰা  কৌণিকভাবে দুৱাৰৰ দিশলৈ মুখ কৰি ৰাখিব লাগে। 


ঘৰৰ আলহী বহা কোঠাত তিনিঠেঙীয়া ভেকুলী ৰাখিব পাৰি। অৱশ্যে এইক্ষেত্ৰত ভেকুলীৰ সংখ্যাৰ ওপৰত সৌভাগ্য বৃদ্ধিৰ কথাটো নিৰ্ভৰ কৰে। ঘৰৰ আলহী বহা কোঠাত সাধাৰণতে ৯টা, ৩টা বা ৬টা তিনি ঠেঙীয়া ভেকুলী ৰাখিব পাৰি। আলহী বহা কোঠাত ৰখা এই ভেকুলীবোৰ কেতিয়াও আনৰ চকুত পৰাকৈ ৰাখিব নালাগে। এনে ভেকুলী চকী মেজৰ তলত, চোফাৰ তলত ৰাখিব লাগে। মনত ৰাখিব যে শোৱনি কোঠাত কেতিয়াও এনে তিনিঠেঙীয়া ভেকুলী ৰাখিব নালাগে। 

যদি ঘৰৰ সদস্যসকলৰ মাজত অথবা কাৰ্যালয়ৰ কৰ্মীসকলৰ মাজত সদায় সৰু কথাক লৈয়ে কাজিয়া-পেচাল হৈ থাকে তেন্তে এটা ঘূৰণীয়া আকৃতিৰ পাত্ৰত পানী ৰাখি তাত অগৰু আৰু গোলাপৰ পানী মিহলাই ল'ব লাগে। সেই পানীত সজীৱ ফুলৰ পাহি থ'ব লাগে। পিছত সেই পাত্ৰটো মানুহে দেখাকৈ থব লাগে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল এয়ে যে ঘৰ বা কার্যালয়ৰ পশ্চিম অথবা উত্তৰ পশ্চিম দিশত এনে পানীপূর্ণ পাত্র ৰাখিব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ