--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হত্যাৰ দোষী সাব্যস্ত হোৱা ১০৪ বছৰীয়া এজন বৃদ্ধই উচ্চতম ন্যায়ালয়ৰ পৰা এক বৃহৎ সকাহ পালে। ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত এখন বিচাৰপীঠে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। ১৯২০ চনত পশ্চিম বংগৰ মালদা জিলাত জন্মগ্ৰহণ কৰা ৰচিক চন্দ্ৰ মণ্ডলে ১৯৮৮ চনত সংঘটিত হত্যাকাণ্ডৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে।  

সংবাদ মাধ্যমৰ মতে ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে নিজৰ আদেশত কয় যে, ‘অন্তৱৰ্তীকালীন আদেশ হিচাপে আমি নিৰ্দেশ দিওঁ যে ৰিট আবেদনৰ পেণ্ডেন্সিৰ সময়ত বিচাৰ আদালতে সিদ্ধান্ত ল’বলগীয়া চৰ্তত অন্তৱৰ্তীকালীন জামিনত মুকলি কৰি দিয়া হ’ব আবেদনকাৰী ৰসিক চন্দ্ৰ মণ্ডলক।

১৯৯৪ চনত এটা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা মণ্ডলৰ বয়স ৬৮ বছৰ আছিল আৰু তেওঁ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পাইছিল । এই শাস্তিৰ বিৰুদ্ধে তেওঁৰ আবেদন ২০১৮ চনত কলিকতা উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল। ইয়াৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়লৈ যায়। ইয়াতো তেওঁৰ আবেদন নাকচ কৰা হয়। ইয়াৰ পিছতে ২০২০ চনত উচ্চতম ন্যায়ালয়ত নতুনকৈ আবেদন দাখিল কৰে মণ্ডলে।

ইয়াত ৯৯ বছৰ বয়সত বৃদ্ধাৱস্থা আৰু বেমাৰৰ কথা উল্লেখ কৰি মুক্তিৰ বাবে তেওঁ দাবী জনায়। উচ্চতম ন্যায়ালয়ে এই বিষয়ত পশ্চিম বংগ চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছিল আৰু ২০২১ চনত গুৰুত্বসহকাৰে লয়। বৰ্তমান অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ আব্দুল নাজিৰ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে ২০২১ চনৰ ৭ মে’ত পশ্চিম বংগ চৰকাৰলৈ জাননী জাৰি কৰিছিল। জাননীখনত কাৰেকচনেল হোমৰ অধীক্ষকক মণ্ডলৰ স্বাস্থ্য সন্দৰ্ভত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ কোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ