--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হত্যাৰ দোষী সাব্যস্ত হোৱা ১০৪ বছৰীয়া এজন বৃদ্ধই উচ্চতম ন্যায়ালয়ৰ পৰা এক বৃহৎ সকাহ পালে। ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত এখন বিচাৰপীঠে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। ১৯২০ চনত পশ্চিম বংগৰ মালদা জিলাত জন্মগ্ৰহণ কৰা ৰচিক চন্দ্ৰ মণ্ডলে ১৯৮৮ চনত সংঘটিত হত্যাকাণ্ডৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে।  

সংবাদ মাধ্যমৰ মতে ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে নিজৰ আদেশত কয় যে, ‘অন্তৱৰ্তীকালীন আদেশ হিচাপে আমি নিৰ্দেশ দিওঁ যে ৰিট আবেদনৰ পেণ্ডেন্সিৰ সময়ত বিচাৰ আদালতে সিদ্ধান্ত ল’বলগীয়া চৰ্তত অন্তৱৰ্তীকালীন জামিনত মুকলি কৰি দিয়া হ’ব আবেদনকাৰী ৰসিক চন্দ্ৰ মণ্ডলক।

১৯৯৪ চনত এটা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা মণ্ডলৰ বয়স ৬৮ বছৰ আছিল আৰু তেওঁ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পাইছিল । এই শাস্তিৰ বিৰুদ্ধে তেওঁৰ আবেদন ২০১৮ চনত কলিকতা উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল। ইয়াৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়লৈ যায়। ইয়াতো তেওঁৰ আবেদন নাকচ কৰা হয়। ইয়াৰ পিছতে ২০২০ চনত উচ্চতম ন্যায়ালয়ত নতুনকৈ আবেদন দাখিল কৰে মণ্ডলে।

ইয়াত ৯৯ বছৰ বয়সত বৃদ্ধাৱস্থা আৰু বেমাৰৰ কথা উল্লেখ কৰি মুক্তিৰ বাবে তেওঁ দাবী জনায়। উচ্চতম ন্যায়ালয়ে এই বিষয়ত পশ্চিম বংগ চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছিল আৰু ২০২১ চনত গুৰুত্বসহকাৰে লয়। বৰ্তমান অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ আব্দুল নাজিৰ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে ২০২১ চনৰ ৭ মে’ত পশ্চিম বংগ চৰকাৰলৈ জাননী জাৰি কৰিছিল। জাননীখনত কাৰেকচনেল হোমৰ অধীক্ষকক মণ্ডলৰ স্বাস্থ্য সন্দৰ্ভত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ কোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post