--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঐতিহাসিক ইডেন গাৰ্ডেনত ২৪ আৰু ২৫ মে’ত অনুষ্ঠিত হ’ব প্লে’ অফৰ দুখন হাইভল্টেজ খেল। শনিবাৰে গোটেই ষ্টেডিয়াম পৰিদৰ্শন কৰে আৰক্ষীয়ে। কিন্তু  হঠাত্‍ প্ৰবল বৃষ্টিপাত। সতৰ্কতামূলক ব্যৱস্থা হিচাপে কেবে পূৰ্বে নতুন আৱৰণেৰে ঢাকি দিছিল খেলপথাৰ। কিন্তু ধুমুহা-বৰষুণে পথাৰৰ আৱৰণৰ এটা অংশ উৰুৱাই নিয়ে! ভাঙি গ’ল প্ৰেছ বক্সৰ আইনা।

বতৰ বিজ্ঞান বিভাগৰ মতে, প্লে’ অফৰ দিনটোত ইডেনৰ ক্ৰিকেট অনুৰাগী নিশ্চিন্ত হৈ থকাৰ কোনো উপায় নাই। কাৰণ, ২৪ মে’ অৰ্থাৎ ইডেনত অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ প্ৰথম কোৱালিফায়াৰৰ দিনটোত ধুমুহাৰ লগতে লঘু আৰু মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। পিছদিনা অৰ্থাৎ ২৫ মে’ত ইডেনত এলিমিনেটৰ যুঁজৰ দিনটোতো লঘু বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে। ব’ৰ্ডৰ পৰা কেবলৈকে মহানগৰীৰ বতৰক লৈ সকলোৱে যথেষ্ট চিন্তিত হৈ পৰিছে। বৃহস্পতিবাৰে কেব পৰিদৰ্শন কৰে ভাৰতীয় ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে। তেওঁকো যথেষ্ট চিন্তিত যেন লাগিছিল। এতিয়া প্ৰশ্ন হয়, ইডেনত বৰষুণৰ বাবে যদি মেচ বাতিল হয়, তেতিয়া কি হ’ব?

খেলৰ আৰম্ভণিতে বৰষুণ দিলে ন্যূনতম অ’ভাৰ অন্ততঃ খেলা হ’ব বুলি খবৰ ওলাইছে। সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব প্লে’ অফৰ খেল। বৰষুণ দিলে নিৰ্দিষ্ট সময়ৰ পিছত অতিমাত্ৰা অ’ভাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হ’ব। জানিবলৈ পোৱা মতে, বৰষুণে বিধি-পথালি দিলে নূন্যতম পাঁচ বা দহ অ’ভাৰৰ মেচহে হ’ব। ইয়াৰ পূৰ্বে আইপিএলৰ ইতিহাসত ইডেনত ৬-৭ অ’ভাৰৰ খেল অনুষ্ঠিত হৈছিল। প্ৰশ্ন হয়, যদি তাকো সম্ভৱ নহয় তেতিয়া কি হ’ব?

আইপিএলৰ নিয়ম অনুসৰি তেনে ক্ষেত্ৰত গুজৰাট টাইটানছে পোনে পোনে বাট ল’ব ফাইনেললৈ। ২৪ মে’ত ইডেনত গুজৰাট টাইটানছৰ সৈতে ৰাজস্থান ৰয়েলছে প্ৰথমবাৰৰ বাবে কোৱালিফায়াৰ খেলিব। সেই মেচৰ এটাও বল খেলা নহ’লে গ্ৰুপ পৰ্যায়ত এক নম্বৰত থকাৰ সুবাদতে গুজৰাটে ফাইনেললৈ বাট ল’ব। দ্বিতীয় কোৱালিফায়াৰ খেলিবলৈ আহমেদাবাদলৈ যাব তালিকাৰ দ্বিতীয় স্থানত থকা ৰাজস্থান ৰয়েলছ। 

ইডেনৰ দ্বিতীয়খন মেচ হ’ব এলিমিনেটৰৰ যুঁজ। এইখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বিৰুদ্ধে খেলিব আৰচিবিয়ে। সেই মেচৰ এটাও বল খেলা নহ’লে লক্ষ্ণৌ দ্বিতীয় কোৱালিফায়াৰ খেলিবলৈ যাব। গ্ৰুপ তালিকাৰ তৃতীয় স্থানত থকা বাবে এই সুযোগ লাভ কৰিব লক্ষ্ণৌৱে। ফাইনেল খেলিব লাগিব গুজৰাটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ