--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঐতিহাসিক ইডেন গাৰ্ডেনত ২৪ আৰু ২৫ মে’ত অনুষ্ঠিত হ’ব প্লে’ অফৰ দুখন হাইভল্টেজ খেল। শনিবাৰে গোটেই ষ্টেডিয়াম পৰিদৰ্শন কৰে আৰক্ষীয়ে। কিন্তু  হঠাত্‍ প্ৰবল বৃষ্টিপাত। সতৰ্কতামূলক ব্যৱস্থা হিচাপে কেবে পূৰ্বে নতুন আৱৰণেৰে ঢাকি দিছিল খেলপথাৰ। কিন্তু ধুমুহা-বৰষুণে পথাৰৰ আৱৰণৰ এটা অংশ উৰুৱাই নিয়ে! ভাঙি গ’ল প্ৰেছ বক্সৰ আইনা।

বতৰ বিজ্ঞান বিভাগৰ মতে, প্লে’ অফৰ দিনটোত ইডেনৰ ক্ৰিকেট অনুৰাগী নিশ্চিন্ত হৈ থকাৰ কোনো উপায় নাই। কাৰণ, ২৪ মে’ অৰ্থাৎ ইডেনত অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ প্ৰথম কোৱালিফায়াৰৰ দিনটোত ধুমুহাৰ লগতে লঘু আৰু মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। পিছদিনা অৰ্থাৎ ২৫ মে’ত ইডেনত এলিমিনেটৰ যুঁজৰ দিনটোতো লঘু বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে। ব’ৰ্ডৰ পৰা কেবলৈকে মহানগৰীৰ বতৰক লৈ সকলোৱে যথেষ্ট চিন্তিত হৈ পৰিছে। বৃহস্পতিবাৰে কেব পৰিদৰ্শন কৰে ভাৰতীয় ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে। তেওঁকো যথেষ্ট চিন্তিত যেন লাগিছিল। এতিয়া প্ৰশ্ন হয়, ইডেনত বৰষুণৰ বাবে যদি মেচ বাতিল হয়, তেতিয়া কি হ’ব?

খেলৰ আৰম্ভণিতে বৰষুণ দিলে ন্যূনতম অ’ভাৰ অন্ততঃ খেলা হ’ব বুলি খবৰ ওলাইছে। সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব প্লে’ অফৰ খেল। বৰষুণ দিলে নিৰ্দিষ্ট সময়ৰ পিছত অতিমাত্ৰা অ’ভাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হ’ব। জানিবলৈ পোৱা মতে, বৰষুণে বিধি-পথালি দিলে নূন্যতম পাঁচ বা দহ অ’ভাৰৰ মেচহে হ’ব। ইয়াৰ পূৰ্বে আইপিএলৰ ইতিহাসত ইডেনত ৬-৭ অ’ভাৰৰ খেল অনুষ্ঠিত হৈছিল। প্ৰশ্ন হয়, যদি তাকো সম্ভৱ নহয় তেতিয়া কি হ’ব?

আইপিএলৰ নিয়ম অনুসৰি তেনে ক্ষেত্ৰত গুজৰাট টাইটানছে পোনে পোনে বাট ল’ব ফাইনেললৈ। ২৪ মে’ত ইডেনত গুজৰাট টাইটানছৰ সৈতে ৰাজস্থান ৰয়েলছে প্ৰথমবাৰৰ বাবে কোৱালিফায়াৰ খেলিব। সেই মেচৰ এটাও বল খেলা নহ’লে গ্ৰুপ পৰ্যায়ত এক নম্বৰত থকাৰ সুবাদতে গুজৰাটে ফাইনেললৈ বাট ল’ব। দ্বিতীয় কোৱালিফায়াৰ খেলিবলৈ আহমেদাবাদলৈ যাব তালিকাৰ দ্বিতীয় স্থানত থকা ৰাজস্থান ৰয়েলছ। 

ইডেনৰ দ্বিতীয়খন মেচ হ’ব এলিমিনেটৰৰ যুঁজ। এইখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বিৰুদ্ধে খেলিব আৰচিবিয়ে। সেই মেচৰ এটাও বল খেলা নহ’লে লক্ষ্ণৌ দ্বিতীয় কোৱালিফায়াৰ খেলিবলৈ যাব। গ্ৰুপ তালিকাৰ তৃতীয় স্থানত থকা বাবে এই সুযোগ লাভ কৰিব লক্ষ্ণৌৱে। ফাইনেল খেলিব লাগিব গুজৰাটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
'বিহাৰত ব্যাপক হাৰত হৈছিল ভোট চুৰি', শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ চিন্তন বৈঠকত অভিযোগ
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?