--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ অধিনায়কত্বক ভাৰতীয় কিংবদন্তি ক্ৰিকেটাৰ তথা প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ সৈতে তুলনা কৰিছে বীৰেন্দ্ৰ ছেহৱাগে। ভাৰতৰ বিশ্বকাপ বিজয়ী দলৰ প্ৰাক্তন তাৰকা অ’পেনাৰ ছেহৱাগে কয়, ‘সৌৰভ গাংগুলীয়ে সকলোৰে কাষত থিয় দি শক্তিশালী দল গঢ়ি তোলাত সহায় কৰিছিল। কিন্তু কোহলীয়ে তেনে কৰিবলৈ সক্ষম হ’ল নে নাই তাক লৈ  সন্দেহৰ থল আছে।’

সেহৱাগে স্প’ৰ্টছ-১৮ক জনায় যে সৌৰভে নতুন দল গঠন কৰিছিল। ভাৰতীয় দলক এক নতুন গতি দিছিল। প্ৰতিগৰাকী খেলুৱৈক যোগাত্মক চিন্তা কৰিবলৈ প্ৰেৰিত কৰিছিল। তৰুণ ক্ৰিকেটাৰ সকলক সুযোগ দিয়াত সৌৰভ আছিল সিদ্ধহস্ত। তেওঁলোকৰ কাষত সদায় থিয় দিছিল সৌৰভে।’

ছেহৱাগে লগতে কয় যে, ‘এক নম্বৰ অধিনায়ক সেইজনেই যিয়ে এটা দল গঢ়ি তুলিব পাৰে আৰু প্ৰতিজন ক্ৰিকেটাৰৰ মনত যোগাব পাৰে আত্মবিশ্বাস। কোহলীয়ে দলটোৰ বহুতকে সমৰ্থন কৰিছিল। আকৌ বহু ক্ষেত্ৰত থাকিবলগীয়া সময়ত বহু খেলুৱৈৰ কাষত নাথাকিল।’ 

অৱশ্যে, ভাৰতৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন গৰাকীৰ মন্তব্যৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সৌৰভ কিম্বা বিৰাট কোহলীয়ে। তথাপি, বীৰেন্দ্ৰ ছেহৱাগৰ এই মন্তব্যত যে দুই গৰাকী ভাৰতীয় ক্ৰিকেটাৰ ব্যক্তিত্ব প্ৰতিফলিত হৈছে সেয়া ধূৰূপ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ