--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ অধিনায়কত্বক ভাৰতীয় কিংবদন্তি ক্ৰিকেটাৰ তথা প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ সৈতে তুলনা কৰিছে বীৰেন্দ্ৰ ছেহৱাগে। ভাৰতৰ বিশ্বকাপ বিজয়ী দলৰ প্ৰাক্তন তাৰকা অ’পেনাৰ ছেহৱাগে কয়, ‘সৌৰভ গাংগুলীয়ে সকলোৰে কাষত থিয় দি শক্তিশালী দল গঢ়ি তোলাত সহায় কৰিছিল। কিন্তু কোহলীয়ে তেনে কৰিবলৈ সক্ষম হ’ল নে নাই তাক লৈ  সন্দেহৰ থল আছে।’

সেহৱাগে স্প’ৰ্টছ-১৮ক জনায় যে সৌৰভে নতুন দল গঠন কৰিছিল। ভাৰতীয় দলক এক নতুন গতি দিছিল। প্ৰতিগৰাকী খেলুৱৈক যোগাত্মক চিন্তা কৰিবলৈ প্ৰেৰিত কৰিছিল। তৰুণ ক্ৰিকেটাৰ সকলক সুযোগ দিয়াত সৌৰভ আছিল সিদ্ধহস্ত। তেওঁলোকৰ কাষত সদায় থিয় দিছিল সৌৰভে।’

ছেহৱাগে লগতে কয় যে, ‘এক নম্বৰ অধিনায়ক সেইজনেই যিয়ে এটা দল গঢ়ি তুলিব পাৰে আৰু প্ৰতিজন ক্ৰিকেটাৰৰ মনত যোগাব পাৰে আত্মবিশ্বাস। কোহলীয়ে দলটোৰ বহুতকে সমৰ্থন কৰিছিল। আকৌ বহু ক্ষেত্ৰত থাকিবলগীয়া সময়ত বহু খেলুৱৈৰ কাষত নাথাকিল।’ 

অৱশ্যে, ভাৰতৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন গৰাকীৰ মন্তব্যৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সৌৰভ কিম্বা বিৰাট কোহলীয়ে। তথাপি, বীৰেন্দ্ৰ ছেহৱাগৰ এই মন্তব্যত যে দুই গৰাকী ভাৰতীয় ক্ৰিকেটাৰ ব্যক্তিত্ব প্ৰতিফলিত হৈছে সেয়া ধূৰূপ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ