--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধী নেচনেল হেৰাল্ড গোচৰৰ সৈতে সম্পৰ্কিত এটা ধনৰ অবৈধ সৰবৰাহৰ ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে৷ আজি ইডিৰ বিষয়াৰ সন্মুখত প্ৰদান কৰা তেওঁৰ ভাষ্য মানি লণ্ডাৰিং প্ৰতিৰোধ (পিএমএল) আইনৰ ধাৰা ৫০ৰ অধীনত লিপিবদ্ধ কৰা হ’ব।

সূত্ৰ অনুসৰি, এজন সহকাৰী সঞ্চালক যি গোচৰটোৰ তদন্তকাৰী বিষয়া, তেওঁ প্ৰশ্নবোৰ সুধিব আৰু এজন উপ-সঞ্চালকে প্ৰশ্নটোৰ তদাৰক কৰিব। আন এজন বিষয়াই তেওঁৰ ভাষ্য লিপিবদ্ধ কৰিব। এক বিশেষ সূত্ৰৰ পৰা উপলব্ধ হোৱা ৰাহুল গান্ধীক সুধিবপৰা সম্ভাৱ্য প্ৰশ্নৰ এখন তালিকা এটি ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে৷ জেৰাত ৰাহুল গান্ধীয়ে মুখামুখি হ’বলগীয়া প্ৰশ্নকেইটা এনেধৰণৰ-

১) এছ’চিয়েটেড জাৰ্নেল লিমিটেডত আপোনাৰ স্থিতি কি আছিল?

২) আপুনি ইয়ং ইণ্ডিয়া লিমিটেডৰ সৈতে কেনেদৰে জড়িত?

৩) আপুনি আপোনাৰ নামত কিয় শ্বেয়াৰ ৰাখিছিল?

৪) আপুনি আগৰ শ্বেয়াৰহোল্ডাৰসকলৰ সৈতে বৈঠক কৰিছিল নেকি? যদি কৰা নাছিল, তেন্তে কিয়?

৫) কংগ্ৰেছে ইয়ং ইণ্ডিয়া লিমিটেডক ঋণ দিয়াৰ সিদ্ধান্ত কিয় লৈছিল?

৬) কংগ্ৰেছে নেচনেল হেৰাল্ডক কিয় পুনৰুজ্জীৱিত কৰিব বিচাৰিছিল?

৭) আপুনি কংগ্ৰেছে দিয়া ঋণৰ বিৱৰণ দিব পাৰিবনে?

৮) আপুনি এছ’চিয়েটেড জাৰ্নেলছ লিমিটেড আৰু নেচনেল হেৰাল্ডৰ সম্পত্তিৰ বিৱৰণ দিব পাৰিবনে?

আজি দিল্লীৰ ইডি কাৰ্যালয়ত ৰাহুল গান্ধীক ৪-৬ ঘণ্টাপৰ্যন্ত জেৰা চলোৱা হ’ব পাৰে আৰু কাইলৈ অধিক সোধা-পোছাৰ বাবে মাতি পঠোৱা হ’ব পাৰে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত