--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শ্বাহৰুখ তনয় ৰিয়ানৰ ড্ৰাগছ কাণ্ডক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত পুনৰ অনুৰূপ ঘটনা ঘটিছে। আৰিয়ানে ড্ৰাগছৰ গোচৰৰ পৰা দোমমুক্ত হোৱাৰ পাছত এই সম্পৰ্কীয় ঘটনাৰ পুনৰাবৃত্তি নহ’ব বুলি ধাৰণা কৰা হৈছিল যদিও পুনৰ ড্ৰাগছ কাণ্ডই তোলপাৰ লগাইছে বলীউডক। এইবাৰ ড্ৰাগছ কাণ্ডৰে সাঙোৰ খাইছে শক্তি কাপুৰৰ পুত্ৰ, অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ জ্যেষ্ঠ ভাতৃ সিদ্ধান্ত কাপুৰৰ নাম। দেওবাৰে বেংগালুৰুৰ এখন বিলাসী হোটেলত অনুষ্ঠিত এটা ৰেভ পাৰ্টীৰ সময়ত সিদ্ধান্ত আৰক্ষীৰ জালত পৰিছে। সিদ্ধান্ত তাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি, স্বস্থ্য পৰীক্ষাৰ সময়ত সিদ্ধান্তৰ শৰীৰত ড্ৰাগছৰ উপস্থিতি পোৱা গৈছিল।
 
দেওবাৰে নিশা পাৰ্ক হোটেলপাবত চলিছিল এই ড্ৰাগছ পাৰ্টী। সেই পাৰ্টীত সিদ্ধান্ত কাপুৰক ডিজে হিচাপে প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। পাৰ্টীটোত ব্যাপক হাৰত ড্ৰাগছ ব্যৱহাৰৰ বিষয়ে এক গোপন সূত্ৰৰ জৰিয়তে বাংগালুৰুৰ উলছুৰ আৰক্ষী থানাই জানিব পাৰি তাত অতৰ্কিতে অভিযান চলায়। এই অভিযানতে শক্তি কাপুৰৰ পুত্ৰ আৰু শ্ৰদ্ধা কাপুৰৰ ভাতৃ সিদ্ধান্তক দলৰ পৰা আন ৩৫জন লোকৰ সৈতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ কৰা সকলো লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল। তাৰ ভিতৰত, সিদ্ধান্তসহ জন লোকৰ তেজত ড্ৰাগছৰ উপস্থিতি পোৱা গৈছিল।
 
এই বাতৰি প্ৰকাশ হোৱাৰ পাছতে তোলপাৰ লাগিছে বলীউডত। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে মূৰত আকাশী সৰগ ভাঙি পৰিছে বলীউডৰ তাৰকা অভিনেতা শক্তি কাপুৰৰ। ঘটনাৰ আকস্মিকতাত হতচকিত হৈ পৰা শক্তি কাপুৰে সংবাদ মাধ্যমৰ আগত কয়, মই কেৱল ইয়াকে ক'ম যে এনে হ'ব নোৱাৰে। উল্লেখ্য যে, ২০২০ চনত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত, এনচিবিয়ে ড্ৰাগ কেলেংকাৰীৰ সন্দৰ্ভত শ্ৰদ্ধা কাপুৰকো সোধা-পোছা কৰিছিল। অৱশ্যে, তেওঁ কৈছিল যে তেওঁ কেতিয়াও ড্ৰাগছ গ্ৰহণ কৰা নাছিল। শ্ৰদ্ধাক কেইবাবাৰো জেৰা কৰাৰ পাছত গোচৰটোৰ পৰা ৰেহাই দিয়া হৈছিল।


ইফালে, শ্ৰদ্ধা আৰু পিতৃৰ পদাংক অনুসৰণ কৰি সিদ্ধান্ত কাপুৰেও অভিনয় জগতত ভৰি থৈছে। তেওঁ 'ভৌকাল'ত অভিনয় কৰিছিল। ইয়াৰ উপৰি, তেওঁ 'শ্বুটআউট এট ৱাডালা', 'অগলী', 'হাছিনা পাৰেকাৰ', 'চেহৰে'ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ ভালেমান চলচ্চিত্ৰত সহকাৰী পৰিচালক হিচাপেও কাম কৰিছে। উল্লেখ্য যে, শ্ৰদ্ধা বৰ্তমান ৰণবীৰ কাপুৰৰ সৈতে স্পেইনত তেওঁৰ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণত ব্যস্ত। ভাতৃৰ গ্ৰেপ্তাৰ সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া এতিয়ালৈ পোহৰলৈ অহা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু