--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শ্বাহৰুখ তনয় ৰিয়ানৰ ড্ৰাগছ কাণ্ডক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত পুনৰ অনুৰূপ ঘটনা ঘটিছে। আৰিয়ানে ড্ৰাগছৰ গোচৰৰ পৰা দোমমুক্ত হোৱাৰ পাছত এই সম্পৰ্কীয় ঘটনাৰ পুনৰাবৃত্তি নহ’ব বুলি ধাৰণা কৰা হৈছিল যদিও পুনৰ ড্ৰাগছ কাণ্ডই তোলপাৰ লগাইছে বলীউডক। এইবাৰ ড্ৰাগছ কাণ্ডৰে সাঙোৰ খাইছে শক্তি কাপুৰৰ পুত্ৰ, অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ জ্যেষ্ঠ ভাতৃ সিদ্ধান্ত কাপুৰৰ নাম। দেওবাৰে বেংগালুৰুৰ এখন বিলাসী হোটেলত অনুষ্ঠিত এটা ৰেভ পাৰ্টীৰ সময়ত সিদ্ধান্ত আৰক্ষীৰ জালত পৰিছে। সিদ্ধান্ত তাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি, স্বস্থ্য পৰীক্ষাৰ সময়ত সিদ্ধান্তৰ শৰীৰত ড্ৰাগছৰ উপস্থিতি পোৱা গৈছিল।
 
দেওবাৰে নিশা পাৰ্ক হোটেলপাবত চলিছিল এই ড্ৰাগছ পাৰ্টী। সেই পাৰ্টীত সিদ্ধান্ত কাপুৰক ডিজে হিচাপে প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। পাৰ্টীটোত ব্যাপক হাৰত ড্ৰাগছ ব্যৱহাৰৰ বিষয়ে এক গোপন সূত্ৰৰ জৰিয়তে বাংগালুৰুৰ উলছুৰ আৰক্ষী থানাই জানিব পাৰি তাত অতৰ্কিতে অভিযান চলায়। এই অভিযানতে শক্তি কাপুৰৰ পুত্ৰ আৰু শ্ৰদ্ধা কাপুৰৰ ভাতৃ সিদ্ধান্তক দলৰ পৰা আন ৩৫জন লোকৰ সৈতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ কৰা সকলো লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল। তাৰ ভিতৰত, সিদ্ধান্তসহ জন লোকৰ তেজত ড্ৰাগছৰ উপস্থিতি পোৱা গৈছিল।
 
এই বাতৰি প্ৰকাশ হোৱাৰ পাছতে তোলপাৰ লাগিছে বলীউডত। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে মূৰত আকাশী সৰগ ভাঙি পৰিছে বলীউডৰ তাৰকা অভিনেতা শক্তি কাপুৰৰ। ঘটনাৰ আকস্মিকতাত হতচকিত হৈ পৰা শক্তি কাপুৰে সংবাদ মাধ্যমৰ আগত কয়, মই কেৱল ইয়াকে ক'ম যে এনে হ'ব নোৱাৰে। উল্লেখ্য যে, ২০২০ চনত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত, এনচিবিয়ে ড্ৰাগ কেলেংকাৰীৰ সন্দৰ্ভত শ্ৰদ্ধা কাপুৰকো সোধা-পোছা কৰিছিল। অৱশ্যে, তেওঁ কৈছিল যে তেওঁ কেতিয়াও ড্ৰাগছ গ্ৰহণ কৰা নাছিল। শ্ৰদ্ধাক কেইবাবাৰো জেৰা কৰাৰ পাছত গোচৰটোৰ পৰা ৰেহাই দিয়া হৈছিল।


ইফালে, শ্ৰদ্ধা আৰু পিতৃৰ পদাংক অনুসৰণ কৰি সিদ্ধান্ত কাপুৰেও অভিনয় জগতত ভৰি থৈছে। তেওঁ 'ভৌকাল'ত অভিনয় কৰিছিল। ইয়াৰ উপৰি, তেওঁ 'শ্বুটআউট এট ৱাডালা', 'অগলী', 'হাছিনা পাৰেকাৰ', 'চেহৰে'ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ ভালেমান চলচ্চিত্ৰত সহকাৰী পৰিচালক হিচাপেও কাম কৰিছে। উল্লেখ্য যে, শ্ৰদ্ধা বৰ্তমান ৰণবীৰ কাপুৰৰ সৈতে স্পেইনত তেওঁৰ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণত ব্যস্ত। ভাতৃৰ গ্ৰেপ্তাৰ সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া এতিয়ালৈ পোহৰলৈ অহা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ