--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আম্বানী!দেশৰ আটাইতকৈ ধনী উদ্যোগপতি৷শেহতীয়াকৈ সংবাদ শিৰোনামত আহি পৰিছে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী৷ ব্লুমবাৰ্গ নিউজে প্ৰকাশ কৰা তথ্য অনুসৰি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীক ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ব’ৰ্ডত নিযুক্তি দিয়াৰ প্ৰস্তাৱৰ বিৰুদ্ধে শ্বেয়াৰহোল্ডাৰসকলে ভোটদান কৰিবলৈ দুটা পৰামৰ্শদাতা প্ৰতিষ্ঠানে পৰামৰ্শ দিছে।

গ্ল’বেল প্ৰক্সি এডভাইজাৰী ফাৰ্ম ইনষ্টিটিউশ্যনেল শ্বেয়াৰহোল্ডাৰ চাৰ্ভিচেছ ইনকৰ্পৰেশ্যন (আই এছ এছ) আৰু মুম্বাইস্থিত ইনষ্টিটিউশ্যনেল ইনভেষ্টাৰ এডভাইজাৰী চাৰ্ভিচেছ (আই আই এ এছ) দুয়োটাই অনন্ত আম্বানীৰ নিযুক্তিৰ বাবে সমৰ্থন  নকৰাৰ কাৰণ হিচাপে অনন্ত আম্বানীৰ বয়সৰ কথা উল্লেখ কৰিছে।

১২ অক্টোবৰৰ এখন টোকাত আই এছ এছে উল্লেখ কৰিছে যে অনন্ত আম্বানীৰ “প্ৰায় ছবছৰৰ সীমিত নেতৃত্ব/ব’ৰ্ডৰ অভিজ্ঞতাই” তেওঁৰ নিযুক্তিৰ বিৰুদ্ধে ভোট দিয়াৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰে।আই আই এ এছেও একেধৰণৰ উদ্বেগ প্ৰকাশ কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে, ২৮ বছৰ বয়সত অনন্ত আম্বানীৰ নিযুক্তিৰ সৈতে তেওঁলোকৰ ভোটদানৰ নিৰ্দেশনাৰ সৈতে মিল নাই।

ইপিনে দুই প্ৰতিষ্ঠান আই এছ এছ আৰু আই আই এ এছ দুয়োটাই অনন্তৰ ঈশা আৰু আকাশ আম্বানীৰ নিযুক্তিৰ সমৰ্থন কৰিছে৷ৰিলায়েন্সে প্ৰক্সি কোম্পানীসমূহৰ প্ৰতি সঁহাৰি জনাই কয় যে অনন্তৰ হাতত ব’ৰ্ডৰ আলোচনাত মূল্য অৰিহণা যোগাব পৰাকৈ প্ৰয়োজনীয় অভিজ্ঞতা আৰু পৰিপক্কতা আছে৷অৱশ্যে আন এটা প্ৰক্সি ফাৰ্ম গ্লাছ লুইছে অনন্ত আম্বানীৰ নিযুক্তিৰ সমৰ্থনত কয় যে তেওঁলোকে অনন্তৰ অভিজ্ঞতাৰ ভিত্তিত একো টিপ্পনী নিদিয়ে। 

শেহতীয়াকৈ অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত আম্বানীয়ে শ্বেয়াৰহোল্ডাৰৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ তিনি সন্তান ঈশা, আকাশ আৰু অনন্তক গোটটোৰ ব’ৰ্ডত অ-কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে।আম্বানীয়ে তেওঁৰ সন্তানসকলক মেণ্টৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে, যাৰ ফলত তেওঁলোকে সামূহিক নেতৃত্ব প্ৰদান কৰিব পাৰে, একে সময়তে তেওঁ অহা পাঁচ বছৰলৈকে অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিব।

যোৱা বছৰ আকাশ আম্বানীয়ে ৰিলায়েন্স জিঅ’ ইনফ’কমৰ অধ্যক্ষৰ ভূমিকা গ্ৰহণ কৰাৰ বিপৰীতে ৰিলায়েন্সৰ বাণিজ্য বিভাগৰ কাৰ্যবাহী সঞ্চালক ঈশাই কোম্পানীটোৰ সম্প্ৰসাৰণৰ পৰিকল্পনাত আগভাগ লৈছে, আৰু অনন্তই নতুন শক্তি ব্যৱসায়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ