--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আম্বানী!দেশৰ আটাইতকৈ ধনী উদ্যোগপতি৷শেহতীয়াকৈ সংবাদ শিৰোনামত আহি পৰিছে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী৷ ব্লুমবাৰ্গ নিউজে প্ৰকাশ কৰা তথ্য অনুসৰি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীক ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ব’ৰ্ডত নিযুক্তি দিয়াৰ প্ৰস্তাৱৰ বিৰুদ্ধে শ্বেয়াৰহোল্ডাৰসকলে ভোটদান কৰিবলৈ দুটা পৰামৰ্শদাতা প্ৰতিষ্ঠানে পৰামৰ্শ দিছে।

গ্ল’বেল প্ৰক্সি এডভাইজাৰী ফাৰ্ম ইনষ্টিটিউশ্যনেল শ্বেয়াৰহোল্ডাৰ চাৰ্ভিচেছ ইনকৰ্পৰেশ্যন (আই এছ এছ) আৰু মুম্বাইস্থিত ইনষ্টিটিউশ্যনেল ইনভেষ্টাৰ এডভাইজাৰী চাৰ্ভিচেছ (আই আই এ এছ) দুয়োটাই অনন্ত আম্বানীৰ নিযুক্তিৰ বাবে সমৰ্থন  নকৰাৰ কাৰণ হিচাপে অনন্ত আম্বানীৰ বয়সৰ কথা উল্লেখ কৰিছে।

১২ অক্টোবৰৰ এখন টোকাত আই এছ এছে উল্লেখ কৰিছে যে অনন্ত আম্বানীৰ “প্ৰায় ছবছৰৰ সীমিত নেতৃত্ব/ব’ৰ্ডৰ অভিজ্ঞতাই” তেওঁৰ নিযুক্তিৰ বিৰুদ্ধে ভোট দিয়াৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰে।আই আই এ এছেও একেধৰণৰ উদ্বেগ প্ৰকাশ কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে, ২৮ বছৰ বয়সত অনন্ত আম্বানীৰ নিযুক্তিৰ সৈতে তেওঁলোকৰ ভোটদানৰ নিৰ্দেশনাৰ সৈতে মিল নাই।

ইপিনে দুই প্ৰতিষ্ঠান আই এছ এছ আৰু আই আই এ এছ দুয়োটাই অনন্তৰ ঈশা আৰু আকাশ আম্বানীৰ নিযুক্তিৰ সমৰ্থন কৰিছে৷ৰিলায়েন্সে প্ৰক্সি কোম্পানীসমূহৰ প্ৰতি সঁহাৰি জনাই কয় যে অনন্তৰ হাতত ব’ৰ্ডৰ আলোচনাত মূল্য অৰিহণা যোগাব পৰাকৈ প্ৰয়োজনীয় অভিজ্ঞতা আৰু পৰিপক্কতা আছে৷অৱশ্যে আন এটা প্ৰক্সি ফাৰ্ম গ্লাছ লুইছে অনন্ত আম্বানীৰ নিযুক্তিৰ সমৰ্থনত কয় যে তেওঁলোকে অনন্তৰ অভিজ্ঞতাৰ ভিত্তিত একো টিপ্পনী নিদিয়ে। 

শেহতীয়াকৈ অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত আম্বানীয়ে শ্বেয়াৰহোল্ডাৰৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ তিনি সন্তান ঈশা, আকাশ আৰু অনন্তক গোটটোৰ ব’ৰ্ডত অ-কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে।আম্বানীয়ে তেওঁৰ সন্তানসকলক মেণ্টৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে, যাৰ ফলত তেওঁলোকে সামূহিক নেতৃত্ব প্ৰদান কৰিব পাৰে, একে সময়তে তেওঁ অহা পাঁচ বছৰলৈকে অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিব।

যোৱা বছৰ আকাশ আম্বানীয়ে ৰিলায়েন্স জিঅ’ ইনফ’কমৰ অধ্যক্ষৰ ভূমিকা গ্ৰহণ কৰাৰ বিপৰীতে ৰিলায়েন্সৰ বাণিজ্য বিভাগৰ কাৰ্যবাহী সঞ্চালক ঈশাই কোম্পানীটোৰ সম্প্ৰসাৰণৰ পৰিকল্পনাত আগভাগ লৈছে, আৰু অনন্তই নতুন শক্তি ব্যৱসায়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি