--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজ্যখনৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি মনোহৰমায়ুম বৰিশ শৰ্মাৰ আৰক্ষী জিম্মাৰ ম্যাদ আজি অন্ত পৰিব৷ 

ইম্ফলত ১৪ অক্টোবৰৰ চেগা ৰোড গুলীচালনাৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল মনোহৰমায়ুম বৰিশ শৰ্মাক৷ চেগা ৰোডৰ গুলীচালনাৰ ঘটনাত এগৰাকী মহিলাসহ পাঁচজন লোক আঘাতপ্ৰাপ্ত হৈছিল।

২১ অক্টোবৰত গ্ৰেপ্তাৰ হোৱা মনোহৰমায়ুম বৰিশ শৰ্মাক ২৭ অক্টোবৰলৈকে ছদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল৷ শনিবাৰে নিশা ইম্ফল আৰক্ষীৰ এটা দলে তেওঁক ইম্ফল পূব জিলাৰ ৱাংখেই নিংথেম পুখৰী মাপালত থকা তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। 

বৰিশক অস্ত্ৰ আইন, সান্ধ্য আইন উলংঘন, অপৰাধমূলক ভাবুকি আৰু হত্যাৰ চেষ্টাৰ অধীনত অভিযুক্ত কৰা হৈছে। মণিপুৰ আৰক্ষীয়ে ইতিমধ্যে ১৪ অক্টোবৰৰ গুলীচালনাৰ ঘটনাসন্দৰ্ভত বিজেৱাইএম মণিপুৰৰ বৰ্তমানৰ উপ-সভাপতি নংথমবাম টনি মেইটেই (৩৬), লাংথাবাল লেপ মায়াই লেইকাইকে ধৰি পাঁচজন লোককো গ্ৰেপ্তাৰ কৰিছে। 

ব্ৰহ্মপুৰ লালজিলাকপা লেইকাইৰ এলেক্স নিঙ্গোমবাম আৰু গুৰুমায়ুম ৰায়বানক ১৫ অক্টোবৰৰ নিশা প্ৰায় ৯ বজাত তেওঁলোকৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। বিজেৱাইএম মণিপুৰ প্ৰদেশৰ উপ-সভাপতি নিংথৌজাম বিকি (৩০) আৰু খাইদেম নিবাছ (৩৩)কে ধৰি আন তিনিজন অভিযুক্তকো পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকক ২৫ অক্টোবৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ