--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেটৰিনা কাঈফ, দীপিকা পাডুকনৰ পৰা ছলমান খানলৈকে সকলোৱে আন চেলিব্ৰিটীৰ সাইলাখ একে ৰূপৰ মুখ আমি দেখিছো। এইবাৰ আলিয়া ভাটৰ দৰে একে মুখৰ এগৰাকী ছোৱালী পোহৰলৈ আহিছে। আলিয়াৰ দৰে দেখাত সাইলাখ একে ছোৱালীজনী অসমৰ চেলেষ্টী বৈৰাগী বুলি জানিবলৈ পৰা গৈছে। চলচ্চিত্ৰ অভিনেতাসকলৰ সৈতে সাধাৰণতে একেমুখৰ মানুহৰ ভিডিঅ’ প্ৰায়ে ইণ্টাৰনেটত ভাইৰেল হোৱা দেখা যায়। 

অভিনেত্ৰী আলিয়া ভাটৰ দৰে দেখাত সাইলাখ একে সৌন্দৰ্যৰ এজনী ছোৱালীৰ ভিডিঅ’ এইবাৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। চেলেষ্টী বৈৰাগী নামৰ এই ছোৱালীজনীয়ে এটি নৃত্যৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। একে সময়তে, কিছুমান ছবিও পোষ্ট কৰিছে চেলেষ্টী বৈৰাগীয়ে। চেলেষ্টীয়ে আপলড কৰা ভিডিঅ’, ফটোবোৰত আলিয়াৰ সৈতে তেওঁৰ সাদৃশ্য থকা দেখা গৈছে।

তেওঁ শ্বেয়াৰ কৰা ভিডিঅ’টোত, শ্বাহৰূখ খানৰ গীতত নৃত্য কৰা দেখা গৈছে চেলেষ্টী বৈৰাগীক। এই ক্লিপটোত আলিয়াৰ দৰে দেখাত সাইলাখ একে ছোৱালীজনীয়ে গঙ্গুবাই কাঠিয়াৱাড়ীৰ গেট আপত অভিনয় কৰিছে। এই ভিডিঅ’টো চকুত পৰাৰ পাছতে নেটিজেনে ছোৱালীজনীক ‘দ্বিতীয় আলিয়া ভাট’ বুলি অভিহিত কৰিছে। আলিয়া ভাটৰ দৰে দেখাত একে ছোৱালীজনী অসমৰ বুলি খবৰ ওলাইছে। এগৰাকী ব্ল’গাৰ হিচাপও বেচ জনপ্ৰিয় চেলেষ্টী বৈৰাগী।

স্বাভাৱিকতে এতিয়া চেলেষ্টীৰ এই ৰূপে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নেটিজেনেও চেলেষ্টীক ‘আলিয়া’ বুলি মাতিবলৈ লৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ