--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেটৰিনা কাঈফ, দীপিকা পাডুকনৰ পৰা ছলমান খানলৈকে সকলোৱে আন চেলিব্ৰিটীৰ সাইলাখ একে ৰূপৰ মুখ আমি দেখিছো। এইবাৰ আলিয়া ভাটৰ দৰে একে মুখৰ এগৰাকী ছোৱালী পোহৰলৈ আহিছে। আলিয়াৰ দৰে দেখাত সাইলাখ একে ছোৱালীজনী অসমৰ চেলেষ্টী বৈৰাগী বুলি জানিবলৈ পৰা গৈছে। চলচ্চিত্ৰ অভিনেতাসকলৰ সৈতে সাধাৰণতে একেমুখৰ মানুহৰ ভিডিঅ’ প্ৰায়ে ইণ্টাৰনেটত ভাইৰেল হোৱা দেখা যায়। 

অভিনেত্ৰী আলিয়া ভাটৰ দৰে দেখাত সাইলাখ একে সৌন্দৰ্যৰ এজনী ছোৱালীৰ ভিডিঅ’ এইবাৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। চেলেষ্টী বৈৰাগী নামৰ এই ছোৱালীজনীয়ে এটি নৃত্যৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। একে সময়তে, কিছুমান ছবিও পোষ্ট কৰিছে চেলেষ্টী বৈৰাগীয়ে। চেলেষ্টীয়ে আপলড কৰা ভিডিঅ’, ফটোবোৰত আলিয়াৰ সৈতে তেওঁৰ সাদৃশ্য থকা দেখা গৈছে।

তেওঁ শ্বেয়াৰ কৰা ভিডিঅ’টোত, শ্বাহৰূখ খানৰ গীতত নৃত্য কৰা দেখা গৈছে চেলেষ্টী বৈৰাগীক। এই ক্লিপটোত আলিয়াৰ দৰে দেখাত সাইলাখ একে ছোৱালীজনীয়ে গঙ্গুবাই কাঠিয়াৱাড়ীৰ গেট আপত অভিনয় কৰিছে। এই ভিডিঅ’টো চকুত পৰাৰ পাছতে নেটিজেনে ছোৱালীজনীক ‘দ্বিতীয় আলিয়া ভাট’ বুলি অভিহিত কৰিছে। আলিয়া ভাটৰ দৰে দেখাত একে ছোৱালীজনী অসমৰ বুলি খবৰ ওলাইছে। এগৰাকী ব্ল’গাৰ হিচাপও বেচ জনপ্ৰিয় চেলেষ্টী বৈৰাগী।

স্বাভাৱিকতে এতিয়া চেলেষ্টীৰ এই ৰূপে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নেটিজেনেও চেলেষ্টীক ‘আলিয়া’ বুলি মাতিবলৈ লৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত