--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খানৰ ভাতৃ আৰবাজ খানৰ পাছত এতিয়া খান পৰিয়ালত আন এক বিবাহ বিচ্ছেদ হ'বলৈ গৈ আছে। ছোহেইল খানেও (Sohail Khan) তেওঁৰ পত্নী সীমা খানৰ (Seema Khan) পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছে আৰু দুয়োকে অলপতে বান্দ্ৰা আদালতত দেখা গৈছিল। য'ত দুয়ো আইনীভাৱে বিবাহ বিচ্ছেদৰ কাম আগবঢ়াই নিবৰ বাবে উপস্থিত হৈছিল। ছোহেইল আৰু সীমাৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি তিক্ত হৈ আছিল সেইবাবেই অৱশেষত দুয়ো পৃথক হোৱাৰ সিদ্ধান্ত লয়।


ছোহেইল আৰু সীমা ১৯৯৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুটা পুত্ৰ আছে-নিৰ্বাণ আৰু ইয়োহান। যোৱা কেইদিনমানৰ পৰা এক বাতৰি পোহৰলৈ আহিছিল যে সীমাই ছোহেইলৰ পৰা পৃথকে বাস কৰি আছে। কিন্তু কাৰো কোনো ধাৰণা নাছিল যে দুয়োৰে বিবাহ বিচ্ছেদ হ'ব। বিয়াৰ ইমান বছৰৰ পাছত হঠাতে বিবাহ বিচ্ছেদ হোৱা খবৰে সকলোকে আচৰিত কৰি তুলিছে। ছোহেইল খানৰ আগতে আৰবাজ খানেও তেওঁৰ পত্নী মালাইকা অৰোৰাক বিবাহ বিচ্ছেদ দিছিল। 

আৰবাজ খান আৰু মালাইকা অৰোৰাই তেওঁলোকৰ ১৮ বছৰীয়া বৈবাহিক সম্পৰ্ক ভংগ কৰে আৰু নিজৰ নিজৰ পথেৰে আগবাঢ়ে। এতিয়া দেখা গৈছে যে ককায়েকৰ পথ অনুসৰণ কৰি ৫১ বছৰীয়া ছোহেইলেও তেওঁৰ বৈবাহিক সম্পৰ্কৰ অন্ত পেলাই নিজৰ বাবে এক বেলেগ পথ গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে। ৪৫ বছৰীয়া সীমা খান পেছাত এগৰাকী ফেশ্বন ডিজাইনাৰ। 


ছোহেইল খান আৰু সীমা সচদেৱৰ প্ৰেমকাহিনী এখন চলচ্চিত্ৰৰ দৰে। তেওঁলোক দুয়ো প্ৰথম দৰ্শনতে ইজনে সিজনৰ প্ৰেমত পৰিছিল। ছোহেইল মুছলিম আৰু সীমা হিন্দু হোৱাৰ বাবে তেওঁলোকৰ বিবাহত সমস্যা হৈছিল। সীমা ঘৰৰ পৰা পলাই গৈ ছোহেইললৈ গৈছিল আৰু আনকি এজন মৌলৱীকো বিয়াৰ বাবে অপহৰণ কৰা হৈছিল। প্ৰেমত ইমানখিনি উন্মাদনা থকাৰ পাছতো ২৪ বছৰৰ পাছত যেন এই প্ৰেমৰ ৰং ম্লান পৰিল যাৰবাবে তেওঁলোক দুয়ো পৃথক হোৱাৰ সিদ্ধান্ত লয়। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ