--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শুকুৰবাৰে খালিস্তানবিৰোধী প্ৰতিবাদৰ সময়ত পঞ্জাবৰ পাটিয়ালাত সংঘটিত হোৱা সংঘৰ্ষৰ উত্তেজনা আজিও মাৰ যোৱা নাই। শিৱসেনাৰ স্থানীয় গোট এটাই উলিওৱা প্ৰতিবাদী সমদলৰ সময়ত শিখসকলৰ ‘নিহংগ’ গোটৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। মুকলিকৈ তৰোৱাল লৈ সংঘাতত লিপ্ত হোৱাৰ লগতে পৰস্পৰৰ প্ৰতি শিলাবৰ্ষণো কৰিছিল দুয়োটা গোটৰ লোকসকলে। তাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যখনত। শুকুৰবাৰে বিয়লিৰ পৰা আজি পুৱালৈকে সান্ধ্য আইন জাৰি কৰা হৈছিল পাটিয়ালাত। 

শনিবাৰে পৰিস্থিতিৰ অৱনতিৰ আশংকা কৰি ইণ্টাৰনেট সেৱা আৰু মেছেজ ছাৰ্ভিছো বাতিল কৰি দিছে প্ৰশাসনে। কেৱল এয়াই নহয় একাধিক আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। শনিবাৰে এই সংঘৰ্ষৰ পৰৱৰ্তী পৰিস্থিতি হৈছে এনেধৰণৰ---

১) এটা হিন্দু সংগঠনে পাটিয়ালা বন্ধৰ আহ্বান জনাইছে। তেওঁলোকে খালিস্তানৰ সমৰ্থকক গ্ৰেপ্তাৰৰো দাবী জনায়।
২) পাটিয়ালা বন্ধৰ আহ্বানৰ মাজতে পাটিয়ালাৰ এছএছপি নানক সিঙে অখিল ভাৰতীয় হিন্দু সুৰক্ষা সমিতিৰ মুৰব্বী গিৰি জী মহাৰাজক সাক্ষাৎ কৰে।
(৩) শুকুৰবাৰৰ সংঘাতৰ পাছত এতিয়ালৈ চাৰিটা গোচৰ ৰুজু কৰা হৈছে।
(৪) ১১ ঘণ্টীয়া কাৰ্ফিউৰ পাছত পাটিয়ালাত মোবাইল ইণ্টাৰনেট সেৱা বাতিল কৰা হৈছে। শনিবাৰে পুৱা ৯.৩০ বজৰা পৰা সন্ধিয়া ৬ বজালৈ ইণ্টাৰনেট সেৱা আৰু মোবাইল মেছেজ ছাৰ্ভিচ বাতিল কৰা হৈছে যাতে উৰাবাতৰি বিয়পোৱাত বাধা দিব পৰা যায়।
(৫) সংঘৰ্ষৰ এদিনৰ পাছতে পাটিয়ালাৰ আৰক্ষী মহাপৰিদৰ্শক ৰাকেশ আগৰৱালাক তেওঁৰ পদৰ পৰা অপসাৰিত কৰা হৈছে। পঞ্জাব চৰকাৰে লগতে পাটিয়ালাৰ এছএছপি আৰু এছপিকো বদলি কৰিছে। তাৰ ঠাইত নিযুক্তি দিয়া হৈছে ক্ৰমে মুখিন্দৰ সিং চিন্না, দীপক পাৰিক আৰু ৱাজিৰ সিঙক।

উল্লেখ্য যে, পঞ্জাবৰ পাটিয়ালাত শুকুৰবাৰে দুটা গোটৰ মাজত সংঘৰ্ষক লৈ সৃষ্টি হৈছিল তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। খালিস্তান বিৰোধী এক প্ৰতিবাদৰ সময়ত দুটা গোটৰ মাজত সূত্ৰপাত হয় সংঘৰ্ষৰ। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। সংঘৰ্ষত কমেও দুজন লোক আহত হৈছিল। পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এই ঘটনাক দুৰ্ভাগ্যজনৰ আখ্যা দিছে আৰু কোনো লোককে ৰাজ্যখনত অশান্তি সৃষ্টিৰ অনুমতি দিয়া নহ’ব বুলি সকীয়াই দিছে।

তেওঁ কয়, ‘পাটিয়ালত সংঘটিত হোৱা সংঘৰ্ষ অতি দুৰ্ভাগ্যজনক। মই আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কথা পাতিছোঁ আৰু অঞ্চলোলৈ শান্তি ঘূৰাই অনা হৈছে। আমি সমগ্ৰ পৰিস্থিতি গভীৰভাৱে নিৰীক্ষণ কৰি আছোঁ আৰু কোনো লোককে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত কৰিবলৈ দিয়া নহ’ব। পঞ্জাবৰ শান্তি আৰু সম্প্ৰীতি আমাৰ প্ৰধান লক্ষ্য।’

ইফালে জিলা প্ৰশাসনেও শান্তি-সম্প্ৰীতি অটুট থাকিবলৈ আহ্বান জনাইছে আৰু সংঘাতত লিপ্ত হোৱা লোকসকলক আলোচনাৰ জৰিয়তে তেওঁলোকৰ মতবিৰোধ দূৰ কৰাৰ আহ্বান জনাইছে। উল্লেখ্য যে, নিজকে শিৱসেনাৰ কৰ্মী বুলি চিনাকি দিয়া এটা গোটে উলিওৱা সমদলৰ সময়ত খালিস্তানৰ সমৰ্থক এটা শিখ গোটৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটিছিল। দুয়োটো গোটে তৰোৱাল উলিয়াই সংঘাত সৃষ্টি কৰাৰ লগতে পৰস্পৰলৈ শিলাবৰ্ষণো কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ