--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শুকুৰবাৰে খালিস্তানবিৰোধী প্ৰতিবাদৰ সময়ত পঞ্জাবৰ পাটিয়ালাত সংঘটিত হোৱা সংঘৰ্ষৰ উত্তেজনা আজিও মাৰ যোৱা নাই। শিৱসেনাৰ স্থানীয় গোট এটাই উলিওৱা প্ৰতিবাদী সমদলৰ সময়ত শিখসকলৰ ‘নিহংগ’ গোটৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। মুকলিকৈ তৰোৱাল লৈ সংঘাতত লিপ্ত হোৱাৰ লগতে পৰস্পৰৰ প্ৰতি শিলাবৰ্ষণো কৰিছিল দুয়োটা গোটৰ লোকসকলে। তাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যখনত। শুকুৰবাৰে বিয়লিৰ পৰা আজি পুৱালৈকে সান্ধ্য আইন জাৰি কৰা হৈছিল পাটিয়ালাত। 

শনিবাৰে পৰিস্থিতিৰ অৱনতিৰ আশংকা কৰি ইণ্টাৰনেট সেৱা আৰু মেছেজ ছাৰ্ভিছো বাতিল কৰি দিছে প্ৰশাসনে। কেৱল এয়াই নহয় একাধিক আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। শনিবাৰে এই সংঘৰ্ষৰ পৰৱৰ্তী পৰিস্থিতি হৈছে এনেধৰণৰ---

১) এটা হিন্দু সংগঠনে পাটিয়ালা বন্ধৰ আহ্বান জনাইছে। তেওঁলোকে খালিস্তানৰ সমৰ্থকক গ্ৰেপ্তাৰৰো দাবী জনায়।
২) পাটিয়ালা বন্ধৰ আহ্বানৰ মাজতে পাটিয়ালাৰ এছএছপি নানক সিঙে অখিল ভাৰতীয় হিন্দু সুৰক্ষা সমিতিৰ মুৰব্বী গিৰি জী মহাৰাজক সাক্ষাৎ কৰে।
(৩) শুকুৰবাৰৰ সংঘাতৰ পাছত এতিয়ালৈ চাৰিটা গোচৰ ৰুজু কৰা হৈছে।
(৪) ১১ ঘণ্টীয়া কাৰ্ফিউৰ পাছত পাটিয়ালাত মোবাইল ইণ্টাৰনেট সেৱা বাতিল কৰা হৈছে। শনিবাৰে পুৱা ৯.৩০ বজৰা পৰা সন্ধিয়া ৬ বজালৈ ইণ্টাৰনেট সেৱা আৰু মোবাইল মেছেজ ছাৰ্ভিচ বাতিল কৰা হৈছে যাতে উৰাবাতৰি বিয়পোৱাত বাধা দিব পৰা যায়।
(৫) সংঘৰ্ষৰ এদিনৰ পাছতে পাটিয়ালাৰ আৰক্ষী মহাপৰিদৰ্শক ৰাকেশ আগৰৱালাক তেওঁৰ পদৰ পৰা অপসাৰিত কৰা হৈছে। পঞ্জাব চৰকাৰে লগতে পাটিয়ালাৰ এছএছপি আৰু এছপিকো বদলি কৰিছে। তাৰ ঠাইত নিযুক্তি দিয়া হৈছে ক্ৰমে মুখিন্দৰ সিং চিন্না, দীপক পাৰিক আৰু ৱাজিৰ সিঙক।

উল্লেখ্য যে, পঞ্জাবৰ পাটিয়ালাত শুকুৰবাৰে দুটা গোটৰ মাজত সংঘৰ্ষক লৈ সৃষ্টি হৈছিল তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। খালিস্তান বিৰোধী এক প্ৰতিবাদৰ সময়ত দুটা গোটৰ মাজত সূত্ৰপাত হয় সংঘৰ্ষৰ। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। সংঘৰ্ষত কমেও দুজন লোক আহত হৈছিল। পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এই ঘটনাক দুৰ্ভাগ্যজনৰ আখ্যা দিছে আৰু কোনো লোককে ৰাজ্যখনত অশান্তি সৃষ্টিৰ অনুমতি দিয়া নহ’ব বুলি সকীয়াই দিছে।

তেওঁ কয়, ‘পাটিয়ালত সংঘটিত হোৱা সংঘৰ্ষ অতি দুৰ্ভাগ্যজনক। মই আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কথা পাতিছোঁ আৰু অঞ্চলোলৈ শান্তি ঘূৰাই অনা হৈছে। আমি সমগ্ৰ পৰিস্থিতি গভীৰভাৱে নিৰীক্ষণ কৰি আছোঁ আৰু কোনো লোককে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত কৰিবলৈ দিয়া নহ’ব। পঞ্জাবৰ শান্তি আৰু সম্প্ৰীতি আমাৰ প্ৰধান লক্ষ্য।’

ইফালে জিলা প্ৰশাসনেও শান্তি-সম্প্ৰীতি অটুট থাকিবলৈ আহ্বান জনাইছে আৰু সংঘাতত লিপ্ত হোৱা লোকসকলক আলোচনাৰ জৰিয়তে তেওঁলোকৰ মতবিৰোধ দূৰ কৰাৰ আহ্বান জনাইছে। উল্লেখ্য যে, নিজকে শিৱসেনাৰ কৰ্মী বুলি চিনাকি দিয়া এটা গোটে উলিওৱা সমদলৰ সময়ত খালিস্তানৰ সমৰ্থক এটা শিখ গোটৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটিছিল। দুয়োটো গোটে তৰোৱাল উলিয়াই সংঘাত সৃষ্টি কৰাৰ লগতে পৰস্পৰলৈ শিলাবৰ্ষণো কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত