--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাৰ বিৰুদ্ধে অব্যাহত আছে কেন্দ্ৰীয় সংস্থাৰ অভিযান। কেন্দ্ৰ ৰাজ্যৰ সংঘাতত নতুম মাত্ৰা সংযোগ কৰি বিভিন্ন ৰাজ্যৰ শাসকীয় দলৰ নেতা-মন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন কেন্দ্ৰীয় সংস্থাই অভিযান অব্যাহত ৰাখিছে। মহাৰাষ্ট্ৰ এইক্ষেত্ৰত আছে শীৰ্ষত। ৰাজ্যখনৰ কেইবাজনো মন্ত্ৰী কাৰাবন্দী হৈ থকাৰ লগতে শাসকীয় দলৰ ভালেমান নেতা তথা তেওঁলোকৰ ঘনিষ্ঠৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ইডিৰ দৰে সংস্থাই। এইবাৰ শিৱসেনাৰ আন এগৰাকী নেতা তথা সাংসদলৈ চমন জাৰি কৰিছে ইডিয়ে। 

শিৱসেনাৰ সাংসদ ভাৱনা গাৱালীলৈ চমন জাৰি কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডি-এ। অহা ৫ মে’ত ইডিৰ তদন্তকাৰী বিষয়াৰ সন্মুখত তেওঁক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বে অৰ্থনৈতিক অপৰাধ সম্পৰ্কীয় বিষয়ৰ তদন্তকাৰী কেন্দ্ৰীয় সংস্থাটোৱে গাৱালীক তিনিবাৰকৈ চমন দিছিল যদিও তেওঁ ইডিৰ সন্মুখত হাজিৰ হ’ব পৰা নাছিল। ২০২১ চনৰ ২৪ নৱেম্বৰত শেষৰখন চমন জাৰি কৰা হৈছিল। উল্লেখ্য যে, ইডিয়ে গাৱালীৰ এগৰাকী ঘনিষ্ঠ ছয়িদ খানক ২০২১ চনৰ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল। 

নৱেম্বৰ মাহত দাখিল কৰা অভিযোগ নামাত গাৱালীয়ে পৰিচালনা কৰা এটা এনজিঅ’ৰ জৰিয়তে কোটি কোটি টকা অবৈধভাৱে সৰবৰাহ কৰাৰ তথ্য সন্নিৱিষ্ট কৰা হৈছিল। খান আৰু ‘মহিলা উৎকৰ্ষ প্ৰতিষ্ঠান’ নামৰ এনজিঅ’টোৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল। সাংসদ গাৱালীৰ মাতৃ আৰু খান এনজিঅ’টোৰ সঞ্চালক আছিল। এতিয়া এই গোচৰৰ তদন্ত অধিক প্ৰসাৰিত কৰি শিৱসেনাৰ নেত্ৰীগৰাকীকলৈ চমন জাৰি কৰা হৈছে।

এনে পৰম্পৰাই কেন্দ্ৰ আৰু ৰাজ্যৰ সংঘাতক যে অধিক তৰান্বিত কৰি তুলিব সেয়া নিশ্চিত হৈ পৰিছে। ইজনৰ পাছত সিজন নেতাক তদন্তৰ নামত হাৰাশাস্তি কৰাৰ ঘটনাই এতিয়া বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ