--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাৰ বিৰুদ্ধে অব্যাহত আছে কেন্দ্ৰীয় সংস্থাৰ অভিযান। কেন্দ্ৰ ৰাজ্যৰ সংঘাতত নতুম মাত্ৰা সংযোগ কৰি বিভিন্ন ৰাজ্যৰ শাসকীয় দলৰ নেতা-মন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন কেন্দ্ৰীয় সংস্থাই অভিযান অব্যাহত ৰাখিছে। মহাৰাষ্ট্ৰ এইক্ষেত্ৰত আছে শীৰ্ষত। ৰাজ্যখনৰ কেইবাজনো মন্ত্ৰী কাৰাবন্দী হৈ থকাৰ লগতে শাসকীয় দলৰ ভালেমান নেতা তথা তেওঁলোকৰ ঘনিষ্ঠৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ইডিৰ দৰে সংস্থাই। এইবাৰ শিৱসেনাৰ আন এগৰাকী নেতা তথা সাংসদলৈ চমন জাৰি কৰিছে ইডিয়ে। 

শিৱসেনাৰ সাংসদ ভাৱনা গাৱালীলৈ চমন জাৰি কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডি-এ। অহা ৫ মে’ত ইডিৰ তদন্তকাৰী বিষয়াৰ সন্মুখত তেওঁক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বে অৰ্থনৈতিক অপৰাধ সম্পৰ্কীয় বিষয়ৰ তদন্তকাৰী কেন্দ্ৰীয় সংস্থাটোৱে গাৱালীক তিনিবাৰকৈ চমন দিছিল যদিও তেওঁ ইডিৰ সন্মুখত হাজিৰ হ’ব পৰা নাছিল। ২০২১ চনৰ ২৪ নৱেম্বৰত শেষৰখন চমন জাৰি কৰা হৈছিল। উল্লেখ্য যে, ইডিয়ে গাৱালীৰ এগৰাকী ঘনিষ্ঠ ছয়িদ খানক ২০২১ চনৰ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল। 

নৱেম্বৰ মাহত দাখিল কৰা অভিযোগ নামাত গাৱালীয়ে পৰিচালনা কৰা এটা এনজিঅ’ৰ জৰিয়তে কোটি কোটি টকা অবৈধভাৱে সৰবৰাহ কৰাৰ তথ্য সন্নিৱিষ্ট কৰা হৈছিল। খান আৰু ‘মহিলা উৎকৰ্ষ প্ৰতিষ্ঠান’ নামৰ এনজিঅ’টোৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল। সাংসদ গাৱালীৰ মাতৃ আৰু খান এনজিঅ’টোৰ সঞ্চালক আছিল। এতিয়া এই গোচৰৰ তদন্ত অধিক প্ৰসাৰিত কৰি শিৱসেনাৰ নেত্ৰীগৰাকীকলৈ চমন জাৰি কৰা হৈছে।

এনে পৰম্পৰাই কেন্দ্ৰ আৰু ৰাজ্যৰ সংঘাতক যে অধিক তৰান্বিত কৰি তুলিব সেয়া নিশ্চিত হৈ পৰিছে। ইজনৰ পাছত সিজন নেতাক তদন্তৰ নামত হাৰাশাস্তি কৰাৰ ঘটনাই এতিয়া বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ