--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই যুদ্ধত এতিয়ালৈকে ইৰাণৰ ২২৪ জন আৰু ইজৰাইলৰ ১৫ জন লোকৰ মৃত্যু হৈছে এই আক্ৰমণৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসনে নিৰাপত্তাজনিত কাৰণত এইসকল ছাত্ৰ-ছাত্ৰীক ৰামছাৰ চহৰলৈ স্থানান্তৰিত কৰিছে

ডিজিটেল ডেস্কঃ ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধ একেৰাহে চতুৰ্থ দিনতো বন্ধ হোৱা নাই। শেহতীয়াকৈ দুয়োখন দেশৰ মাজত হোৱা সংঘৰ্ষই যেন আন এক বৃহৎ আঞ্চলিক সংঘাতৰ ৰূপ লৈছে। এই যুদ্ধত এতিয়ালৈকে ইৰাণৰ ২২৪ জন আৰু ইজৰাইলৰ ১৫ জন লোকৰ মৃত্যু হৈছে। যুদ্ধত নিতৌ বৃদ্ধি পোৱা হিংসাই কেৱল বিশ্বজনীন চিন্তাৰ সৃষ্টি কৰাই নহয় ইৰাণত থকা ভাৰতীয়সকলৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিছে।


ইয়াৰ মাজতে ইৰাণত থকা ভাৰতীয় শিক্ষাৰ্থীৰ মাজত হাহাকাৰ লাগিছে । শতাধিক ভাৰতীয় শিক্ষাৰ্থীয়ে তেওঁলোকক শীঘ্ৰে স্থানান্তৰ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনাইছে । জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ বহু যুৱক-যুৱতীয়ে সমগ্ৰ ইৰাণৰ বিভিন্ন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে । তাৰ ভিতৰত আছে শ্বাহিদ বেহেস্তি বিশ্ববিদ্যালয়, ইৰাণ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয় আদি ।


বৰ্তমানৰ ভয়ংকৰ পৰিস্থিতিৰ কথা বৰ্ণনা কৰি তেহৰাণৰ শ্বাহিদ বেহেস্তি বিশ্ববিদ্যালয়ৰ এম বি বি এছৰ তৃতীয় বৰ্ষৰ ভাৰতীয় ছাত্ৰ ইমতিছালে কয়, "শুকুৰবাৰে পুৱতি নিশা ২:৩০ মান বজাত জোৰেৰে বিস্ফোৰণ হোৱাত মই সাৰ পাই বেছমেণ্টলৈ দৌৰি গৈছিলো । তেতিয়া পৰা মই শুব পৰা নাই । ইমতিছালে জনোৱা মতে তেওঁ অধ্যয়ন কৰি থকা বিশ্ববিদ্যালয়খনত ৩৫০ তকৈ অধিক ভাৰতীয় শিক্ষাৰ্থী আছে ।


ফোনযোগে সংবাদ মাধ্যমক তেওঁ কয়, "আমি আমাৰ এপাৰ্টমেণ্টৰ বেছমেণ্টৰ ভিতৰত আবদ্ধ হৈ আছো । আমি প্ৰতি নিশাই বিস্ফোৰণৰ শব্দ শুনিবলৈ পাওঁ । এটা বিস্ফোৰণ মাত্ৰ ৫ কিলোমিটাৰ দূৰতে হৈছিল । তিনিদিন ধৰি আমি শুব পৰা নাই ।" জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ হাণ্ডৱাৰাৰ বাসিন্দা ইমতিছালে লগতে কয় যে তেওঁৰ বিশ্ববিদ্যালয়খনে পাঠদান বন্ধ কৰি দিছে আৰু বোমা বিস্ফোৰণৰ বাবে শিক্ষাৰ্থীসকলো ওলাই যোৱা নাই ।


ভাৰত চৰকাৰে জনাইছে যে ইৰাণ চৰকাৰেও বিদেশী নাগৰিকক নিজৰ দেশলৈ নিৰাপদে পঠিয়াবলৈ সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ অধীনত আজাৰবাইজান, তুৰ্কমেনিস্তান আৰু আফগানিস্তানৰ মাজেৰে ভাৰতীয়সকলক নিৰাপদে উলিয়াই অনা হ’ব। ইয়াৰ বাবে সীমান্ত অঞ্চলত ভাৰতীয় দূতাবাস আৰু অন্যান্য সংস্থাসমূহ সক্ৰিয় কৰা হৈছে।


আহত দুই কাশ্মীৰী ছাত্ৰ


ইফালে এক চিন্তনীয় ঘটনাও পোহৰলৈ আহিছে। তেহৰাণৰ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ হোষ্টেলৰ সমীপত সংঘটিত হৈছে এক আক্ৰমণ, য’ত দুজন ভাৰতীয় ছাত্ৰ আহত হৈছে। দুয়োগৰাকী ছাত্ৰ-ছাত্ৰী কাশ্মীৰৰ। এই আক্ৰমণৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসনে নিৰাপত্তাজনিত কাৰণত এইসকল ছাত্ৰ-ছাত্ৰীক ৰামছাৰ চহৰলৈ স্থানান্তৰিত কৰিছে।ৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক