--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • এই যুদ্ধত এতিয়ালৈকে ইৰাণৰ ২২৪ জন আৰু ইজৰাইলৰ ১৫ জন লোকৰ মৃত্যু হৈছে এই আক্ৰমণৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসনে নিৰাপত্তাজনিত কাৰণত এইসকল ছাত্ৰ-ছাত্ৰীক ৰামছাৰ চহৰলৈ স্থানান্তৰিত কৰিছে

ডিজিটেল ডেস্কঃ ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধ একেৰাহে চতুৰ্থ দিনতো বন্ধ হোৱা নাই। শেহতীয়াকৈ দুয়োখন দেশৰ মাজত হোৱা সংঘৰ্ষই যেন আন এক বৃহৎ আঞ্চলিক সংঘাতৰ ৰূপ লৈছে। এই যুদ্ধত এতিয়ালৈকে ইৰাণৰ ২২৪ জন আৰু ইজৰাইলৰ ১৫ জন লোকৰ মৃত্যু হৈছে। যুদ্ধত নিতৌ বৃদ্ধি পোৱা হিংসাই কেৱল বিশ্বজনীন চিন্তাৰ সৃষ্টি কৰাই নহয় ইৰাণত থকা ভাৰতীয়সকলৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিছে।


ইয়াৰ মাজতে ইৰাণত থকা ভাৰতীয় শিক্ষাৰ্থীৰ মাজত হাহাকাৰ লাগিছে । শতাধিক ভাৰতীয় শিক্ষাৰ্থীয়ে তেওঁলোকক শীঘ্ৰে স্থানান্তৰ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনাইছে । জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ বহু যুৱক-যুৱতীয়ে সমগ্ৰ ইৰাণৰ বিভিন্ন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে । তাৰ ভিতৰত আছে শ্বাহিদ বেহেস্তি বিশ্ববিদ্যালয়, ইৰাণ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয় আদি ।


বৰ্তমানৰ ভয়ংকৰ পৰিস্থিতিৰ কথা বৰ্ণনা কৰি তেহৰাণৰ শ্বাহিদ বেহেস্তি বিশ্ববিদ্যালয়ৰ এম বি বি এছৰ তৃতীয় বৰ্ষৰ ভাৰতীয় ছাত্ৰ ইমতিছালে কয়, "শুকুৰবাৰে পুৱতি নিশা ২:৩০ মান বজাত জোৰেৰে বিস্ফোৰণ হোৱাত মই সাৰ পাই বেছমেণ্টলৈ দৌৰি গৈছিলো । তেতিয়া পৰা মই শুব পৰা নাই । ইমতিছালে জনোৱা মতে তেওঁ অধ্যয়ন কৰি থকা বিশ্ববিদ্যালয়খনত ৩৫০ তকৈ অধিক ভাৰতীয় শিক্ষাৰ্থী আছে ।


ফোনযোগে সংবাদ মাধ্যমক তেওঁ কয়, "আমি আমাৰ এপাৰ্টমেণ্টৰ বেছমেণ্টৰ ভিতৰত আবদ্ধ হৈ আছো । আমি প্ৰতি নিশাই বিস্ফোৰণৰ শব্দ শুনিবলৈ পাওঁ । এটা বিস্ফোৰণ মাত্ৰ ৫ কিলোমিটাৰ দূৰতে হৈছিল । তিনিদিন ধৰি আমি শুব পৰা নাই ।" জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ হাণ্ডৱাৰাৰ বাসিন্দা ইমতিছালে লগতে কয় যে তেওঁৰ বিশ্ববিদ্যালয়খনে পাঠদান বন্ধ কৰি দিছে আৰু বোমা বিস্ফোৰণৰ বাবে শিক্ষাৰ্থীসকলো ওলাই যোৱা নাই ।


ভাৰত চৰকাৰে জনাইছে যে ইৰাণ চৰকাৰেও বিদেশী নাগৰিকক নিজৰ দেশলৈ নিৰাপদে পঠিয়াবলৈ সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ অধীনত আজাৰবাইজান, তুৰ্কমেনিস্তান আৰু আফগানিস্তানৰ মাজেৰে ভাৰতীয়সকলক নিৰাপদে উলিয়াই অনা হ’ব। ইয়াৰ বাবে সীমান্ত অঞ্চলত ভাৰতীয় দূতাবাস আৰু অন্যান্য সংস্থাসমূহ সক্ৰিয় কৰা হৈছে।


আহত দুই কাশ্মীৰী ছাত্ৰ


ইফালে এক চিন্তনীয় ঘটনাও পোহৰলৈ আহিছে। তেহৰাণৰ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ হোষ্টেলৰ সমীপত সংঘটিত হৈছে এক আক্ৰমণ, য’ত দুজন ভাৰতীয় ছাত্ৰ আহত হৈছে। দুয়োগৰাকী ছাত্ৰ-ছাত্ৰী কাশ্মীৰৰ। এই আক্ৰমণৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসনে নিৰাপত্তাজনিত কাৰণত এইসকল ছাত্ৰ-ছাত্ৰীক ৰামছাৰ চহৰলৈ স্থানান্তৰিত কৰিছে।ৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement