--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যুদ্ধ দীঘলীয়া হ'লে ইয়াত আমেৰিকা আৰু চীন-ৰাছিয়াৰ দৰে বৃহৎ শক্তিসমূহ চামিল হোৱাৰ সম্ভাৱনাও বৃদ্ধি

ডিজিটেল ডেস্ক : ইজৰাইল আৰু ইৰানৰ মাজৰ প্ৰচণ্ড যুদ্ধই আজি চতুর্থ দিনত প্ৰৱেশ কৰে। দুয়ো পক্ষৰ প্ৰচণ্ড আক্ৰমণ-প্রত্যাক্রমণে যুদ্ধক ভয়াবহ ৰূপ দিয়াৰ দিশলৈ লৈ গৈছে আৰু এই যুদ্ধ সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ আশংকা কৰা হৈছে।


যুদ্ধ দীঘলীয়া হ'লে ইয়াত আমেৰিকা আৰু চীন-ৰাছিয়াৰ দৰে বৃহৎ শক্তিসমূহ চামিল হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে। আমেৰিকাৰ যুঁজাৰু জাহাজ তথা বিমানৰ মধ্য প্রাচ্যলৈ গমন আৰু চীনৰ ইজৰাইলে সতর্কবাণীয়ে ইয়াকে ইংগিত কৰিছে। উল্লেখযোগ্য যে দেওবাৰে নিশা ইৰানে ইজৰাইলত ক্ষেপণাস্ত্ৰৰে প্ৰচণ্ড আক্রমণ কৰে। ইজৰাইলী এয়াৰ ডিফেন্স প্রণালীয়ে ইৰানৰ অধিকাংশ ক্ষেপণাস্ত্র আকাশতে ধ্বংস কৰিলেও অৱশিষ্ট ক্ষেপণাস্ত্রই দেশখনত ব্যাপক ক্ষতি সাধন কৰে।


চি এন এনে প্রকাশ কৰা মতে, দেওবাৰে নিশা ইৰানৰ আক্ৰমণত ইজৰাইলৰ তেল শোধনাগাৰ, আৰু পাৱাৰ গ্ৰিডৰ আংশিক ক্ষতিসাধন কৰে। ইজৰাইলৰ কেইবা ঠাইতো বিস্ফোৰণৰ শব্দ শুনাৰ লগতে আৱাসিক ভৱনতো ইৰানৰ ক্ষেপণাস্ত্র আক্রমণে ব্যাপক ক্ষতি সাধন কৰে। আনহাতে ইজৰাইলৰ আক্ৰমণত ইৰানৰ চোৰাংচোৱা মুৰব্বীজন নিহত হোৱা বুলি জনা গৈছে। ইজৰাইলত নিহতৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে। আনহাতে, ইৰানত নিহতৰ সংখ্যা ৪০৬জন হৈছেগৈ। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে প্রকাশ কৰা মতে, ইজৰাইলৰ আক্ৰমণত দেশখনৰ ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ডছ কপ'ছৰ (আই আৰ জি চি) চোৰাংচোৱা বিভাগৰ মুৰব্বী ব্রিগেডিয়াৰ জেনেৰেল মহম্মদ কাজমী আৰু তেওঁৰ সহযোগী হাছান মোহাকিক নিহত হৈছে। ৰিভলিউশ্যনেৰী গাৰ্ডৰ সৈতে জড়িত ইৰানৰ


চৰকাৰী সংবাদ প্রতিষ্ঠান তছনীম নিউজে প্রকাশ কৰা মতে, ইজৰাইলৰ আক্ৰমণত কালি নিশা দেশখনৰ তৃতীয়জন চোৰাংচোৱা বিষয়া মোহছিন বাঘেৰীও নিহত হয়। ইজৰাইলৰ আক্রমণে ইৰানৰ সামৰিক গাঁথনি থানবান কৰাৰ লগতে দেশখনৰ চোৰাংচোৱা তন্ত্রক বেয়াকৈ ক্ষতিগ্রস্ত কৰিছে। ইফালে, টাইম্‌ ইজৰাইলে সূত্ৰসমূহৰ উদ্ধৃতি দিয় কয় যে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আই ডি এফ) ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইক লক্ষ্য কৰি লোৱা নাই আৰু তেওঁক পাৰামাণৱিক কাৰ্যসূচী পৰিহাৰ কৰাৰ কাৰণে শেষ সুযোগ দিবলৈ বিচৰা হৈছে। আই ডি এফে কয় যে তেওঁলোকে ইৰানৰ অস্ত্ৰ নিৰ্মাণৰ শক্তি ধ্বংস কৰাৰ লক্ষ্যৰে ব্যাপক হাৰত আক্ৰমণ কৰে আৰু এই আক্রমণত আই আৰ জি চি, কুৰ্দছ ফ'ৰ্ট আৰু ইৰানী সেনাৰ আন্তঃগাঁথনিৰ ক্ষতি সাধন কৰে। ইৰানৰ অস্ত্ৰ নিৰ্মাণ কৰা কেইবাটাও কাৰখানাৰ ব্যাপক ক্ষতি সাধন কৰা বুলি আই ডি এফে দাবী কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ