--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যুদ্ধ দীঘলীয়া হ'লে ইয়াত আমেৰিকা আৰু চীন-ৰাছিয়াৰ দৰে বৃহৎ শক্তিসমূহ চামিল হোৱাৰ সম্ভাৱনাও বৃদ্ধি

ডিজিটেল ডেস্ক : ইজৰাইল আৰু ইৰানৰ মাজৰ প্ৰচণ্ড যুদ্ধই আজি চতুর্থ দিনত প্ৰৱেশ কৰে। দুয়ো পক্ষৰ প্ৰচণ্ড আক্ৰমণ-প্রত্যাক্রমণে যুদ্ধক ভয়াবহ ৰূপ দিয়াৰ দিশলৈ লৈ গৈছে আৰু এই যুদ্ধ সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ আশংকা কৰা হৈছে।


যুদ্ধ দীঘলীয়া হ'লে ইয়াত আমেৰিকা আৰু চীন-ৰাছিয়াৰ দৰে বৃহৎ শক্তিসমূহ চামিল হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে। আমেৰিকাৰ যুঁজাৰু জাহাজ তথা বিমানৰ মধ্য প্রাচ্যলৈ গমন আৰু চীনৰ ইজৰাইলে সতর্কবাণীয়ে ইয়াকে ইংগিত কৰিছে। উল্লেখযোগ্য যে দেওবাৰে নিশা ইৰানে ইজৰাইলত ক্ষেপণাস্ত্ৰৰে প্ৰচণ্ড আক্রমণ কৰে। ইজৰাইলী এয়াৰ ডিফেন্স প্রণালীয়ে ইৰানৰ অধিকাংশ ক্ষেপণাস্ত্র আকাশতে ধ্বংস কৰিলেও অৱশিষ্ট ক্ষেপণাস্ত্রই দেশখনত ব্যাপক ক্ষতি সাধন কৰে।


চি এন এনে প্রকাশ কৰা মতে, দেওবাৰে নিশা ইৰানৰ আক্ৰমণত ইজৰাইলৰ তেল শোধনাগাৰ, আৰু পাৱাৰ গ্ৰিডৰ আংশিক ক্ষতিসাধন কৰে। ইজৰাইলৰ কেইবা ঠাইতো বিস্ফোৰণৰ শব্দ শুনাৰ লগতে আৱাসিক ভৱনতো ইৰানৰ ক্ষেপণাস্ত্র আক্রমণে ব্যাপক ক্ষতি সাধন কৰে। আনহাতে ইজৰাইলৰ আক্ৰমণত ইৰানৰ চোৰাংচোৱা মুৰব্বীজন নিহত হোৱা বুলি জনা গৈছে। ইজৰাইলত নিহতৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে। আনহাতে, ইৰানত নিহতৰ সংখ্যা ৪০৬জন হৈছেগৈ। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে প্রকাশ কৰা মতে, ইজৰাইলৰ আক্ৰমণত দেশখনৰ ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ডছ কপ'ছৰ (আই আৰ জি চি) চোৰাংচোৱা বিভাগৰ মুৰব্বী ব্রিগেডিয়াৰ জেনেৰেল মহম্মদ কাজমী আৰু তেওঁৰ সহযোগী হাছান মোহাকিক নিহত হৈছে। ৰিভলিউশ্যনেৰী গাৰ্ডৰ সৈতে জড়িত ইৰানৰ


চৰকাৰী সংবাদ প্রতিষ্ঠান তছনীম নিউজে প্রকাশ কৰা মতে, ইজৰাইলৰ আক্ৰমণত কালি নিশা দেশখনৰ তৃতীয়জন চোৰাংচোৱা বিষয়া মোহছিন বাঘেৰীও নিহত হয়। ইজৰাইলৰ আক্রমণে ইৰানৰ সামৰিক গাঁথনি থানবান কৰাৰ লগতে দেশখনৰ চোৰাংচোৱা তন্ত্রক বেয়াকৈ ক্ষতিগ্রস্ত কৰিছে। ইফালে, টাইম্‌ ইজৰাইলে সূত্ৰসমূহৰ উদ্ধৃতি দিয় কয় যে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আই ডি এফ) ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইক লক্ষ্য কৰি লোৱা নাই আৰু তেওঁক পাৰামাণৱিক কাৰ্যসূচী পৰিহাৰ কৰাৰ কাৰণে শেষ সুযোগ দিবলৈ বিচৰা হৈছে। আই ডি এফে কয় যে তেওঁলোকে ইৰানৰ অস্ত্ৰ নিৰ্মাণৰ শক্তি ধ্বংস কৰাৰ লক্ষ্যৰে ব্যাপক হাৰত আক্ৰমণ কৰে আৰু এই আক্রমণত আই আৰ জি চি, কুৰ্দছ ফ'ৰ্ট আৰু ইৰানী সেনাৰ আন্তঃগাঁথনিৰ ক্ষতি সাধন কৰে। ইৰানৰ অস্ত্ৰ নিৰ্মাণ কৰা কেইবাটাও কাৰখানাৰ ব্যাপক ক্ষতি সাধন কৰা বুলি আই ডি এফে দাবী কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো