--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি নিউয়ৰ্কত অনুষ্ঠিত হৈ আছে ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ-২০২৪৷ চাৰিখন গ্ৰেণ্ড স্লাম টুৰ্নামেণ্টৰ অন্যতম এখন হৈছে ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ৷ কেইবাটাও শিতানত অনুষ্ঠিত ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপত ভৰতৰ হৈ পুৰুষৰ একক আৰু দ্বৈত শাখাত সুমিত নাগাল, পুৰুষ দ্বৈত শাখাত ৰোহন বোপান্না, ইউকি ভামব্ৰি, এন শ্ৰীৰাম বালাজীয়ে অংশ গ্ৰহণ কৰিছে৷

ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ-২০২৪ত শেহতীয়াকৈ ৰোহন বোপান্না আৰু তেওঁৰ সংগী মেথিউ এবডেন  তৃতীয় ৰাউণ্ডত আৰ্জেণ্টিনাৰ মেক্সিমো গনজালেজ আৰু আন্দ্ৰেছ মল্টেনিৰ যুটিৰ হাতত ১-৬, ৫-৭ ব্যৱধানত পৰাস্ত হৈ পুৰুষৰ দ্বৈত শাখা পৰা বাহিৰ হৈছে। অৱশ্যে এই শখাৰ পৰা বাহিৰ হ’লেও এতিয়াও সমাপ্ত হোৱা নাই ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ-২০২৪ ত ৰোহন বোপান্নাৰ যাত্ৰা৷ ইণ্ডোনেছিয়াৰ সহযোগী আলডিলা ছুটজিয়াডিৰ সৈতে মিক্সড ডাবলছ ইভেণ্টত অংশগ্ৰহণ কৰিছে ৰোহন বোপানাই। উল্লেখনীয় যে মিক্সড ডাবলছ ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত মেথিউ এবডেন আৰু তেওঁৰ সংগী বাৰ্বৰা ক্ৰেজচিকোভাৰ সন্মুখীন হ’ব বোপান্না আৰু তেওঁৰ সহযোগী। 

ইতিমধ্যে ডেভিছ কাপৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে ৰোহন বোপান্নাই ৷২০২৫ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’ব লগীয়া অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখলৰ বাবে ৰোহন বোপান্নাৰ প্ৰত্যাৱৰ্তন লক্ষণীয় হ’ব৷পুৰুষৰ দ্বৈত শাখাত প্ৰতিযোগিতাখনৰ বিভিন্ন পৰ্যায়ত ইউকি ভামব্ৰি আৰু এন শ্ৰীৰাম বালাজীয়ে পৰাজয়বৰণ কৰা লগতে সুমিত নাগালে একক শাখাৰ প্ৰথম শৃংখলাতে পৰাজয়বৰণ  কৰা পাছতে ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ-২০২৪ ৰ যাত্ৰা সমাপ্তি ঘটে এই তিনি ক্ৰীড়াবিদৰ৷ ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ-২০২৪ত এতিয়াও অব্যাহত আছে বোপান্নাৰ যাত্ৰা৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩খন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহ ডেৰ মাহৰ পাছত পতাৰ আজব সিদ্ধান্ত
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ