--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি নিউয়ৰ্কত অনুষ্ঠিত হৈ আছে ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ-২০২৪৷ চাৰিখন গ্ৰেণ্ড স্লাম টুৰ্নামেণ্টৰ অন্যতম এখন হৈছে ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ৷ কেইবাটাও শিতানত অনুষ্ঠিত ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপত ভৰতৰ হৈ পুৰুষৰ একক আৰু দ্বৈত শাখাত সুমিত নাগাল, পুৰুষ দ্বৈত শাখাত ৰোহন বোপান্না, ইউকি ভামব্ৰি, এন শ্ৰীৰাম বালাজীয়ে অংশ গ্ৰহণ কৰিছে৷

ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ-২০২৪ত শেহতীয়াকৈ ৰোহন বোপান্না আৰু তেওঁৰ সংগী মেথিউ এবডেন  তৃতীয় ৰাউণ্ডত আৰ্জেণ্টিনাৰ মেক্সিমো গনজালেজ আৰু আন্দ্ৰেছ মল্টেনিৰ যুটিৰ হাতত ১-৬, ৫-৭ ব্যৱধানত পৰাস্ত হৈ পুৰুষৰ দ্বৈত শাখা পৰা বাহিৰ হৈছে। অৱশ্যে এই শখাৰ পৰা বাহিৰ হ’লেও এতিয়াও সমাপ্ত হোৱা নাই ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ-২০২৪ ত ৰোহন বোপান্নাৰ যাত্ৰা৷ ইণ্ডোনেছিয়াৰ সহযোগী আলডিলা ছুটজিয়াডিৰ সৈতে মিক্সড ডাবলছ ইভেণ্টত অংশগ্ৰহণ কৰিছে ৰোহন বোপানাই। উল্লেখনীয় যে মিক্সড ডাবলছ ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত মেথিউ এবডেন আৰু তেওঁৰ সংগী বাৰ্বৰা ক্ৰেজচিকোভাৰ সন্মুখীন হ’ব বোপান্না আৰু তেওঁৰ সহযোগী। 

ইতিমধ্যে ডেভিছ কাপৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে ৰোহন বোপান্নাই ৷২০২৫ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’ব লগীয়া অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখলৰ বাবে ৰোহন বোপান্নাৰ প্ৰত্যাৱৰ্তন লক্ষণীয় হ’ব৷পুৰুষৰ দ্বৈত শাখাত প্ৰতিযোগিতাখনৰ বিভিন্ন পৰ্যায়ত ইউকি ভামব্ৰি আৰু এন শ্ৰীৰাম বালাজীয়ে পৰাজয়বৰণ কৰা লগতে সুমিত নাগালে একক শাখাৰ প্ৰথম শৃংখলাতে পৰাজয়বৰণ  কৰা পাছতে ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ-২০২৪ ৰ যাত্ৰা সমাপ্তি ঘটে এই তিনি ক্ৰীড়াবিদৰ৷ ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ-২০২৪ত এতিয়াও অব্যাহত আছে বোপান্নাৰ যাত্ৰা৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ