--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৰতীয় ক্ৰীড়াবিদৰ শক্তিশালী প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে পেৰিছ পেৰা অলিম্পিক-২০২৪ ত৷ এই পৰ্য্যন্ত পেৰিছ পেৰা অলিম্পিকত তিনিটা স্বৰ্ণ পদক, পাঁচটা ৰূপৰ পদক আৰু সাতটা ব্ৰঞ্জৰ পদকসহ পোন্ধৰটা পদক ভাৰতৰ নাম কৰিবলৈ সক্ষম হৈছে ভৰতীয় ক্ৰীড়াবিদসকল৷

সোমবাৰে জেভেলিন থ্ৰ’ত পেৰা অলম্পিক ২০২৪ ৰ এফ ৬৪ শাখাৰ  ফাইনেলত ৭০.৫৯ মিটাৰ থ্ৰ’ৰে  সুমিত এন্টিলে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ পেৰালিম্পিকৰ জেভেলিন থ্ৰ’ৰ দুটাকৈ অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰে ভৰতীয় খেলুৱৈ গৰাকীয়ে৷
এচএইচ ৬ শাখাৰ মহিলা একক বেডমিণ্টন ইভেণ্টত নিথ্যা শ্রে শিৱনে ব্ৰঞ্জৰ পদক লাভ কৰে।পেৰিছ পেৰা অলিম্পিক এচএল ৩ শাখাৰ  পুৰুষৰ একক বেডমিণ্টনৰ ফাইনেলত জয়ী হৈ দ্বিতীয়টো স্বৰ্ণ পদক ভাৰতৰ নাম কৰে বেডমিণ্টন তাৰকা নিতেশ কুমাৰে।

এছ এল ৪ শাখা ছুহাছ যথিৰাজ আৰু থুলাছিমাথি মুৰুগেছানে এছ ইউ ৫ শাখাত ৰূপৰ পদক লাভ কৰিছে ইয়াৰ বিপৰীতে মনীষা ৰামাডোছে এছ ইউ ৫ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।উল্লখনীয় যে পেৰা আৰ্চাৰী মিক্সড টিম কম্পাউণ্ড ইভেণ্টত প্ৰবীণ ৰাকেশ কুমাৰৰ আৰু ধনুৰ্বিদ প্ৰডিজি শ্বীতল দেৱীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। পুৰুষৰ ডিস্কছ থ্ৰ’ এফ ৫৬ শাখাত ফাইনেলত যোগেশ কথুনিয়াই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰসংগ ক্ৰমে আজিৰ দুটা পৃথক ইভেণ্টৰ চূড়ান্ত প্ৰতিযোগিতাত ক্ৰমে মহিলাৰ শ্বট পুট এফ ৩৪ শাখাৰ আজি দুপৰীয়া ২:২৮ বজাত অনুষ্ঠিত হ’ব লগীয়া চূড়ান্ত খেলত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বি জাদৱে আৰু ৰাতি ১০.৩৮ বজাত অনুষ্ঠিত হ’ব লগীয়া টি-২০ শাখাৰ মহিলাৰ ৪০০ মিটাৰ ইভেণ্টৰ চূড়ান্ত খেলত ডি জিৱাঞ্জে ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩খন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহ ডেৰ মাহৰ পাছত পতাৰ আজব সিদ্ধান্ত
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ