--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ পেৰালিম্পিক ২০২৪ত মহিলা এথলীট প্ৰীতি পালে মহিলাৰ ২০০ মিটাৰ দৌৰ (টি৩৫) প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে। এই পেৰালিম্পিকত প্ৰীতি পালৰ এয়া দ্বিতীয় ব্ৰঞ্জৰ পদক। ইয়াৰ পূৰ্বে তেওঁ ১০০ মিটাৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ লগে লগে পেৰিছ পেৰালিম্পিক ২০২৪ত ভাৰতৰ পদকৰ সংখ্যা এতিয়া ৭টা লৈ বৃদ্ধি পাইছে। ভাৰতে এতিয়ালৈকে এটা স্বৰ্ণ, দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।


যোৱা ৩০ আগষ্টত আৰ-২ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল (SH1) প্ৰতিযোগিতাত অৱনীয়ে স্বৰ্ণ পদক লাভ কৰে। পেৰালিম্পিক অভিলেখৰে স্বৰ্ণ পদক অৰ্জন কৰে অৱনীয়ে। একেখন ইভেণ্টতে ভাৰতৰ মোনা আগৰৱালাই ব্ৰঞ্জৰ পদক লাভ কৰে।

টকিঅ’ পেৰালিম্পিক গেমছত মনীষ নৰৱালে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। তাৰ পিছত পি-৪ মিক্সড ৫০ মিটাৰ পিষ্টল এছ এইচ-১ ইভেণ্টত সোণৰ পদক লাভ কৰে। ফাইনেলত মুঠ ২৩৪.৯ পইণ্ট লাভ কৰে মনীষ নৰৱালে।লগতে দক্ষিণ কোৰিয়াৰ জন জংডুৱে ২৩৭.৪ পইণ্ট লাভ কৰি এই ইভেণ্টৰ স্বৰ্ণ পদক লাভ কৰে।

পেৰিছ পেৰালিম্পিক ২০২৪ৰ তৃতীয় দিনা অৰ্থাৎ ৩১ আগষ্টত মহিলা শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছে পঞ্চম পদক লাভ কৰে। এইটো আছিল ব্ৰঞ্জৰ পদক। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল (SH1)ত ব্ৰঞ্জৰ পদক লাভ কৰে ৰুবিনাই। ফাইনেলত ২১১.১ নম্বৰ লাভ কৰে। এনেদৰে পেৰিছ পেৰালিম্পিক ২০২৪ত এতিয়ালৈকে ভাৰতৰ পদকৰ সংখ্যা পাঁচটা হৈছেগৈ। ইয়াৰ ভিতৰত আছে এটা স্বৰ্ণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক।

২৪ বছৰীয়া নিশাদ কুমাৰে পেৰালিম্পিকত হাই জাম্প (পুৰুষ শাখা) টি ৪৭ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিছে। আমেৰিকাৰ ৰ’ডেৰিক টাউনচেণ্ডৰ পিছতে নিশাদে দ্বিতীয় স্থান লাভ কৰে। টাউনচেণ্ডে স্বৰ্ণ পদক দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post