--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ পেৰালিম্পিক ২০২৪ত মহিলা এথলীট প্ৰীতি পালে মহিলাৰ ২০০ মিটাৰ দৌৰ (টি৩৫) প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে। এই পেৰালিম্পিকত প্ৰীতি পালৰ এয়া দ্বিতীয় ব্ৰঞ্জৰ পদক। ইয়াৰ পূৰ্বে তেওঁ ১০০ মিটাৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ লগে লগে পেৰিছ পেৰালিম্পিক ২০২৪ত ভাৰতৰ পদকৰ সংখ্যা এতিয়া ৭টা লৈ বৃদ্ধি পাইছে। ভাৰতে এতিয়ালৈকে এটা স্বৰ্ণ, দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।


যোৱা ৩০ আগষ্টত আৰ-২ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল (SH1) প্ৰতিযোগিতাত অৱনীয়ে স্বৰ্ণ পদক লাভ কৰে। পেৰালিম্পিক অভিলেখৰে স্বৰ্ণ পদক অৰ্জন কৰে অৱনীয়ে। একেখন ইভেণ্টতে ভাৰতৰ মোনা আগৰৱালাই ব্ৰঞ্জৰ পদক লাভ কৰে।

টকিঅ’ পেৰালিম্পিক গেমছত মনীষ নৰৱালে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। তাৰ পিছত পি-৪ মিক্সড ৫০ মিটাৰ পিষ্টল এছ এইচ-১ ইভেণ্টত সোণৰ পদক লাভ কৰে। ফাইনেলত মুঠ ২৩৪.৯ পইণ্ট লাভ কৰে মনীষ নৰৱালে।লগতে দক্ষিণ কোৰিয়াৰ জন জংডুৱে ২৩৭.৪ পইণ্ট লাভ কৰি এই ইভেণ্টৰ স্বৰ্ণ পদক লাভ কৰে।

পেৰিছ পেৰালিম্পিক ২০২৪ৰ তৃতীয় দিনা অৰ্থাৎ ৩১ আগষ্টত মহিলা শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছে পঞ্চম পদক লাভ কৰে। এইটো আছিল ব্ৰঞ্জৰ পদক। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল (SH1)ত ব্ৰঞ্জৰ পদক লাভ কৰে ৰুবিনাই। ফাইনেলত ২১১.১ নম্বৰ লাভ কৰে। এনেদৰে পেৰিছ পেৰালিম্পিক ২০২৪ত এতিয়ালৈকে ভাৰতৰ পদকৰ সংখ্যা পাঁচটা হৈছেগৈ। ইয়াৰ ভিতৰত আছে এটা স্বৰ্ণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক।

২৪ বছৰীয়া নিশাদ কুমাৰে পেৰালিম্পিকত হাই জাম্প (পুৰুষ শাখা) টি ৪৭ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিছে। আমেৰিকাৰ ৰ’ডেৰিক টাউনচেণ্ডৰ পিছতে নিশাদে দ্বিতীয় স্থান লাভ কৰে। টাউনচেণ্ডে স্বৰ্ণ পদক দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ