--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি আপোনাৰ গাঁঠিবোৰত হঠাতে বিষ অনুভৱ কৰে নেকি? ই ইউৰিক এচিডৰ মাত্ৰা অধিক হোৱাৰ লক্ষণ হ’ব পাৰে। ইউৰিক এচিড হৈছে পিউৰিনৰ বিভাজনৰ সময়ত শৰীৰৰ পৰা নিৰ্গত হোৱা পেলনীয়া পদাৰ্থ। কিছুমান বস্তুত পিউৰিন অতি বেছি পৰিমাণে থাকে। পিউৰিন সমৃদ্ধ বস্তু সেৱন কৰিলে ই গাঁঠিত জমা হয় আৰু ইয়াৰ ফলত গাঁঠিত তীব্ৰ বিষ হয়। এই অৱস্থাক হাইপাৰ ইউৰিচেমিয়া বুলি জনা যায়, যাৰ ফলত গাউট আৰু কিডনীত পাথৰ হ’ব পাৰে।

তেজত ইউৰিক এচিডৰ স্বাভাৱিক মাত্ৰা ৩.৫ৰ পৰা ৭.২ মিলিগ্ৰাম/ডেচিলিটাৰৰ ভিতৰত হ’ব লাগে। ইউৰিক এচিড কমোৱাৰ বাবেও ঔষধ পোৱা যায় যদিও প্ৰাকৃতিক উপায় ব্যৱহাৰ কৰি খাদ্য আৰু জীৱনশৈলী সলনি কৰি ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়। আমি আপোনালোকক এনে কিছুমান পানীয়ৰ বিষয়ে ক'ম, যিবোৰ পান কৰি শৰীৰত ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়, আহকচোন সেইবোৰৰ বিষয়ে জানো-

ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰিবলৈ উত্তম পানীয়-

নেমুৰ পানী- দিনটো আৰম্ভ কৰিবলৈ নেমুৰ ৰস উপকাৰী, যিয়ে পুষ্টি প্ৰদান কৰে। এই পানীয়ই ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ভিটামিন চি সমৃদ্ধ নেমু আৰু ইয়াৰ প্ৰাকৃতিক চাইট্ৰিক এচিডে অতিৰিক্ত ইউৰিক এচিড ভাঙি নাইকিয়া কৰাত সহায় কৰিব পাৰে।

হালধিৰ গাখীৰ- হালধিৰ গাখীৰে আপোনাক সকাহ দিব পাৰে। হালধিৰ গাখীৰে প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। ইয়াৰ কাৰণ হ’ল ইয়াত উপস্থিত থকা শক্তিশালী জৈৱ সক্ৰিয় যৌগ কাৰকুমিন।

তিয়ঁহৰ ৰস- তিয়ঁহৰ ৰসে শৰীৰক পুষ্টি আৰু হাইড্ৰেট কৰে। তিয়ঁহত ৯০% পানী থাকে, যিয়ে ইউৰিক এচিডকে ধৰি বিষাক্ত পদাৰ্থবোৰ উলিয়াই পেলোৱাত সহায় কৰে। লগতে ইয়াত পিউৰিনৰ পৰিমাণ অতি কম।

তৰমুজৰ ৰস- তৰমুজৰ ৰসে গ্ৰীষ্মকালত সতেজ হোৱাই নহয়, উচ্চ ইউৰিক এচিড কমোৱাতো সহায় কৰে। এই ফলবিধত পানী প্ৰচুৰ পৰিমাণে থাকে, যিয়ে বৃক্কক অতিৰিক্ত ইউৰিক এচিড অধিক কাৰ্যক্ষমভাৱে উলিয়াই আনিবলৈ সহায় কৰে। ইয়াত পিউৰিনৰ পৰিমাণ বহুত কম।

আদাৰ চাহ – ইয়াৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে যিয়ে ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে। গৰম পানীত সতেজ আদাৰ টুকুৰা উতলাই তাত কিছু মৌ দি খালে সকাহ পাব।

গ্ৰীণ টি – গ্ৰীণ টিত প্ৰচুৰ এন্টিঅক্সিডেন্ট থাকে যিয়ে শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াক সমৰ্থন কৰে আৰু অতিৰিক্ত ইউৰিক এচিডৰ পৰা মুক্তি দিয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ