--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পদিনা স্বাস্থ্যৰ বাবে অতি উপকাৰী। পদিনা অধিকাংশ লোকৰ ঘৰতে পোৱা যায়। টুথপেষ্ট, চুইংগাম, মাউথ ফ্ৰেচনাৰ, কেণ্ডি, ইনহেলাৰ আদিত পদিনা ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতো পুদিনা ব্যৱহাৰ কৰা হয়। কিন্তু সকলো লোকৰ বাবে পুদিনা উপকাৰী নহয়।

কোনে কোনে পদিনা ব্যৱহাৰ কৰিব নালাগে জানি লওক

১. যিসকলৰ ছাল সংবেদনশীল, তেওঁলোকেও পদিনা খোৱাৰ পৰা বিৰত থাকিব লাগে।

২. যদি আপুনি যকৃতৰ ৰোগী, তেন্তে ভুলতে পদিনাৰ পিল বা পুদিনা নাখাব।

৩. পদিনা অত্যাধিক ব্যৱহাৰে আপোনাৰ ডিঙিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৪. পদিনা অত্যাধিক ব্যৱহাৰে বৃক্ক আৰু অন্ত্ৰৰো ক্ষতি কৰিব পাৰে।

৫. যদি আপুনি বৃক্কৰ ৰোগী, তেন্তে পুদিনা আপোনাৰ বাবে ভাল নহয়। পদিনাৰ পৰা দূৰত থকাটোয়েই আপোনাৰ বাবে মংগল।

৬. পদিনা বেছিকৈ খালে, ই শৰীৰত ৰক্ত শৰ্কৰা কমাই দিব পাৰে।

৭. পদিনা ৭-৮ বছৰৰ কম বয়সৰ শিশুৰ বাবে উপযুক্ত নহয়।

৮. গৰ্ভধাৰণৰ সময়ত অত্যাধিক পদিনা বা পদিনাৰ চাহ খোৱাৰ ফলত গৰ্ভপাত হোৱাৰ আশংকা বহুগুণে বৃদ্ধি হয়। সেয়েহে মহিলাসকলে গৰ্ভধাৰণৰ সময়ত পদিনা পৰিহাৰ কৰিব লাগে।

৯. গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স ৰোগত আক্ৰান্ত লোকসকলে পদিনা খোৱাৰ পৰা দূৰতে থাকিব লাগে।উল্লেখ্য, 'জিইআৰডি' অর্থাৎ গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স এবিধ হজম সম্বন্ধীয় ব্যাধি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত