--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণ্ঠ আৰু গীতেৰে মানুহক নৃত্য কৰিবলৈ বাধ্য কৰোৱা নেহা কক্কৰে মনোৰঞ্জন জগতত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। বলীউডৰ বিখ্যাত কণ্ঠশিল্পী নেহা কক্কৰৰ আজি ৩৪ সংখ্যক জন্মদিন। আপুনি জানেনে নেহাৰ শৈশৱ কাল দাৰিদ্ৰ্যত পাৰ হৈছিল। বহু ৰিয়েলিটি শ্ব’তো নেহাই নিজৰ অতীতৰ কথা মনত পেলাই আৱেগিক হৈ পৰা দেখা যায়। নেহা কক্কৰ বহু ৰিয়েলিটি শ্ব’ত বিচাৰকৰ আসনত বহিছে। এনে অৱস্থাত যেতিয়াই কোনো প্ৰতিযোগীয়ে শ্ব’টোত নিজৰ অসুবিধাৰ কথা কয় তেতিয়াই নেহাই তেওঁৰ পুৰণি দিনবোৰ মনত পেলাই চকুলো টুকা দেখা যায়। 

এবাৰ ৰিয়েলিটি শ্ব’ ’ইণ্ডিয়ান আইডল’ৰ অডিচনত ল’ৰা এটা মঞ্চলৈ অহাৰ লগে লগে নেহাই চিনি পালে যে ল’ৰাটো তেওঁৰ পুৰণি ঘৰৰ মালিকৰ পুত্ৰ, যিজন মালিকৰ মৃত্যু হৈছে। ল’ৰাটোক দেখি নেহাই শ্ব’টোৰ তেওঁৰ সহ-বিচাৰক বিশাল দাদলানী আৰু অনু মালিকক কোৱা দেখা গ’ল – ’’মই আৰু চনু দিদীয়ে(চনু কক্কৰ, নেহাৰ বায়েক) যেতিয়া ভজন গাইছিলো তেতিয়া তেওঁৰ দেউতাকেও ভজন গাইছিল। তেওঁৰ এটা বেণ্ড আছিল আৰু আমি তেওঁৰ তাতে গান গাইছিলোঁ। সেই সময়ত আমি বৰ সৰু আছিলোঁ। আমি সেই সময়ত তেওঁৰ ঘৰত থাকিছিলোঁ’’

নেহা কক্কৰে আৰু লগতে কৈছিল যে- সেই সময়ত আমি বহুত দুখীয়া আছিলোঁ। এই ল’ৰাটোৰ দেউতাকে আমাক সেই সময়ত বহুত সহায় কৰিছিল। দেউতাক আৰু মাকে আমাক আহাৰ খুৱাইছিল। আমি কেইদিনমান তেওঁৰ ঘৰত আছিলোঁ৷ সেইজন মানুহক আৰু কেতিয়াও লগ কৰিব নোৱাৰিম বুলিও শোক প্ৰকাশ কৰে নেহাই। নেহাই ল’ৰাটোক দেউতাকৰ কথা মনত পেলাই গান গাবলৈ ক’লে। কিন্তু ল’ৰাটোৱে গান গাবলৈ আৰম্ভ কৰাৰ লগে লগে নেহা আৱেগিক হৈ উঠিল আৰু চকুলো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। নেহা কক্কৰৰ এই আৱেগিক কাহিনী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ