--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণ্ঠ আৰু গীতেৰে মানুহক নৃত্য কৰিবলৈ বাধ্য কৰোৱা নেহা কক্কৰে মনোৰঞ্জন জগতত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। বলীউডৰ বিখ্যাত কণ্ঠশিল্পী নেহা কক্কৰৰ আজি ৩৪ সংখ্যক জন্মদিন। আপুনি জানেনে নেহাৰ শৈশৱ কাল দাৰিদ্ৰ্যত পাৰ হৈছিল। বহু ৰিয়েলিটি শ্ব’তো নেহাই নিজৰ অতীতৰ কথা মনত পেলাই আৱেগিক হৈ পৰা দেখা যায়। নেহা কক্কৰ বহু ৰিয়েলিটি শ্ব’ত বিচাৰকৰ আসনত বহিছে। এনে অৱস্থাত যেতিয়াই কোনো প্ৰতিযোগীয়ে শ্ব’টোত নিজৰ অসুবিধাৰ কথা কয় তেতিয়াই নেহাই তেওঁৰ পুৰণি দিনবোৰ মনত পেলাই চকুলো টুকা দেখা যায়। 

এবাৰ ৰিয়েলিটি শ্ব’ ’ইণ্ডিয়ান আইডল’ৰ অডিচনত ল’ৰা এটা মঞ্চলৈ অহাৰ লগে লগে নেহাই চিনি পালে যে ল’ৰাটো তেওঁৰ পুৰণি ঘৰৰ মালিকৰ পুত্ৰ, যিজন মালিকৰ মৃত্যু হৈছে। ল’ৰাটোক দেখি নেহাই শ্ব’টোৰ তেওঁৰ সহ-বিচাৰক বিশাল দাদলানী আৰু অনু মালিকক কোৱা দেখা গ’ল – ’’মই আৰু চনু দিদীয়ে(চনু কক্কৰ, নেহাৰ বায়েক) যেতিয়া ভজন গাইছিলো তেতিয়া তেওঁৰ দেউতাকেও ভজন গাইছিল। তেওঁৰ এটা বেণ্ড আছিল আৰু আমি তেওঁৰ তাতে গান গাইছিলোঁ। সেই সময়ত আমি বৰ সৰু আছিলোঁ। আমি সেই সময়ত তেওঁৰ ঘৰত থাকিছিলোঁ’’

নেহা কক্কৰে আৰু লগতে কৈছিল যে- সেই সময়ত আমি বহুত দুখীয়া আছিলোঁ। এই ল’ৰাটোৰ দেউতাকে আমাক সেই সময়ত বহুত সহায় কৰিছিল। দেউতাক আৰু মাকে আমাক আহাৰ খুৱাইছিল। আমি কেইদিনমান তেওঁৰ ঘৰত আছিলোঁ৷ সেইজন মানুহক আৰু কেতিয়াও লগ কৰিব নোৱাৰিম বুলিও শোক প্ৰকাশ কৰে নেহাই। নেহাই ল’ৰাটোক দেউতাকৰ কথা মনত পেলাই গান গাবলৈ ক’লে। কিন্তু ল’ৰাটোৱে গান গাবলৈ আৰম্ভ কৰাৰ লগে লগে নেহা আৱেগিক হৈ উঠিল আৰু চকুলো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। নেহা কক্কৰৰ এই আৱেগিক কাহিনী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত