--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকা ছলমান খানে মানুহক সহায় কৰি বৰ ভালপায়। চলচ্চিত্ৰ জগতৰ আটাইতকৈ সহায়কাৰী ব্যক্তিৰ ভিতৰত গণ্য কৰা হয় ছলমান খানক। যদিও ছলমান খানে এতিয়া কোটি টকা উপাৰ্জন কৰে কিন্তু এটা সময়ত তেওঁৰো বহুত টকাৰ অভাৱ আছিল। শেহতীয়াকৈ এটা অনুষ্ঠানত ছলমান খানে প্ৰকাশ কৰিছে যে তেওঁৰ হাতত টকা নথকাৰ সময়ত চলচ্চিত্ৰ জগতৰ মানুহে তেওঁক কেনেকৈ মুকলিকৈ সহায় কৰিছিল।

কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনবোৰ স্মৰণ কৰি ছলমান খানে কয়, ‘‘এটা সময় আছিল যেতিয়া মোৰ হাতত ইমান টকা নাছিল। মোৰ হাতত মাত্ৰ এটা চাৰ্ট বা জিন্স কিনিব পৰাকৈ টকা আছিল। সেই সময়ত ষ্টোন-ৱাছ জিন্স আছিল নতুন ফেশ্বন। মই এখন জনপ্ৰিয় দোকানত বজাৰ কৰিবলৈ ওলাইছিলো য’ত দেখিলোঁ ষ্টোন ৱাছ ডেনিম জিন্স আৰু চাৰ্ট। মোৰ হাতত মাত্ৰ জিন্স কিনিবলৈ টকা আছিল, গতিকে চাৰ্টটো কিনিব পৰা নাছিলো। সেই সময়ত মোৰ লগত ষ্ট’ৰত আছিল সুনীল শ্বেট্টী, তেওঁ লক্ষ্য কৰিছিল যে মোৰ হাতত চাৰ্টটো কিনিবলৈ টকা নাই। সেয়ে সুনীলে সেই চাৰ্টটো কিনি মোক উপহাৰ দিছিল।’’ 

লগতে ছলমান খানে কৈছিল যে ‘‘সুনীলে দেখিলে যে এটা মানিবেগত মোৰ চকু পৰি আছে কিন্তু মই কিনিব পৰা নাই। ইয়াৰ পিছত সুনীলে মোক নিজৰ ঘৰলৈ লৈ গ’ল আৰু তেওঁ মোক একেটা মানিবেগে কিনি উপহাৰ দিছিলে। একেটা অনুষ্ঠানৰ সময়তে ছলমানে কয় যে ‘‘অভিনয় জগতত প্ৰৱেশ কৰা পিছৰ দিনবোৰ বৰ ভাল নাছিল। ‘মেইন প্যাৰ কিয়া’ৰ মুক্তি পোৱাৰ পিছৰ ৬ মাহ মোৰ কোনো কাম নাছিল। ইয়াৰ পিছত এজন দয়ালু মানুহ মোৰ জীৱনত প্ৰৱেশ কৰিলে। ভগৱানে ৰমেশ তৌৰাণীক পঠাইছিল। ৰমেশ তৌৰাণীৰ বাবে 'পাথ্থৰ কে ফুল' ছবিখন পালোঁ। 

ইয়াৰ পিছত ছলমান খানে প্ৰযোজক বনী কাপুৰকো ধন্যবাদ জনায়। ছলমানে কৈছিল, ‘‘ব’নিজীয়ে মোক গোটেই জীৱন সহায় কৰিছে। যেতিয়া মোৰ কেৰিয়াৰ এটা কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছিল, তেতিয়া বনী জীয়ে মোক ‘ৱাণ্টেড’ ছবিখন দিছিল যিয়ে মোক চিনেমালৈ ঘূৰি আহিবলৈ বাধ্য কৰাইছিল। ইয়াৰ পিছত ব’নী জীয়ে মোক ‘ন’ এণ্ট্ৰি’ ছবিখন দিলে। এনেদৰে তেওঁলোকে মোৰ বিপদৰ সময়ত বহু সহায় কৰিছে যি কথা মই আজীৱন মনত ৰাখিম।’’  
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান