--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকা ছলমান খানে মানুহক সহায় কৰি বৰ ভালপায়। চলচ্চিত্ৰ জগতৰ আটাইতকৈ সহায়কাৰী ব্যক্তিৰ ভিতৰত গণ্য কৰা হয় ছলমান খানক। যদিও ছলমান খানে এতিয়া কোটি টকা উপাৰ্জন কৰে কিন্তু এটা সময়ত তেওঁৰো বহুত টকাৰ অভাৱ আছিল। শেহতীয়াকৈ এটা অনুষ্ঠানত ছলমান খানে প্ৰকাশ কৰিছে যে তেওঁৰ হাতত টকা নথকাৰ সময়ত চলচ্চিত্ৰ জগতৰ মানুহে তেওঁক কেনেকৈ মুকলিকৈ সহায় কৰিছিল।

কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনবোৰ স্মৰণ কৰি ছলমান খানে কয়, ‘‘এটা সময় আছিল যেতিয়া মোৰ হাতত ইমান টকা নাছিল। মোৰ হাতত মাত্ৰ এটা চাৰ্ট বা জিন্স কিনিব পৰাকৈ টকা আছিল। সেই সময়ত ষ্টোন-ৱাছ জিন্স আছিল নতুন ফেশ্বন। মই এখন জনপ্ৰিয় দোকানত বজাৰ কৰিবলৈ ওলাইছিলো য’ত দেখিলোঁ ষ্টোন ৱাছ ডেনিম জিন্স আৰু চাৰ্ট। মোৰ হাতত মাত্ৰ জিন্স কিনিবলৈ টকা আছিল, গতিকে চাৰ্টটো কিনিব পৰা নাছিলো। সেই সময়ত মোৰ লগত ষ্ট’ৰত আছিল সুনীল শ্বেট্টী, তেওঁ লক্ষ্য কৰিছিল যে মোৰ হাতত চাৰ্টটো কিনিবলৈ টকা নাই। সেয়ে সুনীলে সেই চাৰ্টটো কিনি মোক উপহাৰ দিছিল।’’ 

লগতে ছলমান খানে কৈছিল যে ‘‘সুনীলে দেখিলে যে এটা মানিবেগত মোৰ চকু পৰি আছে কিন্তু মই কিনিব পৰা নাই। ইয়াৰ পিছত সুনীলে মোক নিজৰ ঘৰলৈ লৈ গ’ল আৰু তেওঁ মোক একেটা মানিবেগে কিনি উপহাৰ দিছিলে। একেটা অনুষ্ঠানৰ সময়তে ছলমানে কয় যে ‘‘অভিনয় জগতত প্ৰৱেশ কৰা পিছৰ দিনবোৰ বৰ ভাল নাছিল। ‘মেইন প্যাৰ কিয়া’ৰ মুক্তি পোৱাৰ পিছৰ ৬ মাহ মোৰ কোনো কাম নাছিল। ইয়াৰ পিছত এজন দয়ালু মানুহ মোৰ জীৱনত প্ৰৱেশ কৰিলে। ভগৱানে ৰমেশ তৌৰাণীক পঠাইছিল। ৰমেশ তৌৰাণীৰ বাবে 'পাথ্থৰ কে ফুল' ছবিখন পালোঁ। 

ইয়াৰ পিছত ছলমান খানে প্ৰযোজক বনী কাপুৰকো ধন্যবাদ জনায়। ছলমানে কৈছিল, ‘‘ব’নিজীয়ে মোক গোটেই জীৱন সহায় কৰিছে। যেতিয়া মোৰ কেৰিয়াৰ এটা কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছিল, তেতিয়া বনী জীয়ে মোক ‘ৱাণ্টেড’ ছবিখন দিছিল যিয়ে মোক চিনেমালৈ ঘূৰি আহিবলৈ বাধ্য কৰাইছিল। ইয়াৰ পিছত ব’নী জীয়ে মোক ‘ন’ এণ্ট্ৰি’ ছবিখন দিলে। এনেদৰে তেওঁলোকে মোৰ বিপদৰ সময়ত বহু সহায় কৰিছে যি কথা মই আজীৱন মনত ৰাখিম।’’  
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ