--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় কৰ্ণী সেনাই লৰেন্স বিষ্ণয়ৰ এনকাউণ্টাৰৰ বাবে ১,১১,১১,১১১ টকা পুৰস্কাৰ ঘোষণা কৰিছে। কৰ্ণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজ শ্বেখাৱটে এটা ভিডিঅ’ৰ জৰিয়তে এই কথা ঘোষণা কৰিছে। এই ভিডিঅ'টো ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে। আচলতে কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গোগামেদিক হত্যা কৰা লৰেন্স বিষ্ণয়ৰ দলটোৱেই আছিল। আনহাতে শেহতীয়াকৈ মুম্বাইত এনচিপি নেতা বাবা ছিদ্দিকীক হত্যা কৰাৰ দায়িত্বও লৈছিল লৰেন্স বিষ্ণয়ৰ দলটোৱে। ইয়াৰ পিছতে লৰেন্স বিষ্ণয়ৰ নাম ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।



ৰাষ্ট্ৰীয় কৰ্ণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজ শ্বেখাৱটে এটা ঘোষণা কৰিছে। আচলতে তেওঁ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছে য’ত তেওঁ ঘোষণা কৰিছে যে লৰেন্স বিষ্ণয়ক এনকাউন্টাৰ কৰা আৰক্ষীক ক্ষত্ৰীয় কৰ্ণী সেনাৰ তৰফৰ পৰা ১ কোটিতকৈ অধিক মূল্য পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব।

আচলতে ২০২৩ চনৰ ৫ ডিচেম্বৰত জয়পুৰত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গোগামেদিক অজ্ঞাত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। হত্যাকাণ্ডৰ পিছতে লৰেন্স বিষ্ণয় গেঙে এই হত্যাকাণ্ডৰ দায়িত্ব ল’লে। ইয়াৰ পিছত কৰ্ণী সেনা আৰু বিষ্ণয় গেঙৰ মাজত বিবাদ আৰু বাঢ়িল। আচলতে লৰেন্স বিষ্ণয় গেং কেৱল দেশতে সক্ৰিয় নহয়, এই গেঙে বহিঃৰাজ্যতো এনে হত্যাকাণ্ড সংঘটিত কৰিছে। বলীউডৰ তাৰকা ছলমান খানৰ ঘৰৰ বাহিৰতো বিষ্ণয় গেঙে গুলীচালনা কৰিছিল।


ছ’চিয়েল মিডিয়াৰ ভিডিঅ’টোত কৰ্ণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজ শ্বেখাৱটে কয় যে ‘অমৰ শ্বহীদ সুখদেৱ সিং গোগামেদিক হত্যা কৰিছিল লৰেন্স বিষ্ণয়য়ে। লৰেন্স বিষ্ণয়ৰ এনকাউন্টাৰ কৰিব পৰা আৰক্ষীক কৰ্ণী সেনাই দিব ১ কোটি ১১ লাখ ১১ হাজাৰ ১১১ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post