--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় কৰ্ণী সেনাই লৰেন্স বিষ্ণয়ৰ এনকাউণ্টাৰৰ বাবে ১,১১,১১,১১১ টকা পুৰস্কাৰ ঘোষণা কৰিছে। কৰ্ণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজ শ্বেখাৱটে এটা ভিডিঅ’ৰ জৰিয়তে এই কথা ঘোষণা কৰিছে। এই ভিডিঅ'টো ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে। আচলতে কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গোগামেদিক হত্যা কৰা লৰেন্স বিষ্ণয়ৰ দলটোৱেই আছিল। আনহাতে শেহতীয়াকৈ মুম্বাইত এনচিপি নেতা বাবা ছিদ্দিকীক হত্যা কৰাৰ দায়িত্বও লৈছিল লৰেন্স বিষ্ণয়ৰ দলটোৱে। ইয়াৰ পিছতে লৰেন্স বিষ্ণয়ৰ নাম ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।



ৰাষ্ট্ৰীয় কৰ্ণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজ শ্বেখাৱটে এটা ঘোষণা কৰিছে। আচলতে তেওঁ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছে য’ত তেওঁ ঘোষণা কৰিছে যে লৰেন্স বিষ্ণয়ক এনকাউন্টাৰ কৰা আৰক্ষীক ক্ষত্ৰীয় কৰ্ণী সেনাৰ তৰফৰ পৰা ১ কোটিতকৈ অধিক মূল্য পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব।

আচলতে ২০২৩ চনৰ ৫ ডিচেম্বৰত জয়পুৰত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গোগামেদিক অজ্ঞাত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। হত্যাকাণ্ডৰ পিছতে লৰেন্স বিষ্ণয় গেঙে এই হত্যাকাণ্ডৰ দায়িত্ব ল’লে। ইয়াৰ পিছত কৰ্ণী সেনা আৰু বিষ্ণয় গেঙৰ মাজত বিবাদ আৰু বাঢ়িল। আচলতে লৰেন্স বিষ্ণয় গেং কেৱল দেশতে সক্ৰিয় নহয়, এই গেঙে বহিঃৰাজ্যতো এনে হত্যাকাণ্ড সংঘটিত কৰিছে। বলীউডৰ তাৰকা ছলমান খানৰ ঘৰৰ বাহিৰতো বিষ্ণয় গেঙে গুলীচালনা কৰিছিল।


ছ’চিয়েল মিডিয়াৰ ভিডিঅ’টোত কৰ্ণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজ শ্বেখাৱটে কয় যে ‘অমৰ শ্বহীদ সুখদেৱ সিং গোগামেদিক হত্যা কৰিছিল লৰেন্স বিষ্ণয়য়ে। লৰেন্স বিষ্ণয়ৰ এনকাউন্টাৰ কৰিব পৰা আৰক্ষীক কৰ্ণী সেনাই দিব ১ কোটি ১১ লাখ ১১ হাজাৰ ১১১ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ