--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাপানক ২-০ত পৰাস্ত কৰি মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। এতিয়া ভাৰতীয় দলে ফাইনেলত মুখামুখি হ’ব চীনৰ বিৰুদ্ধে, যিটো দলে প্ৰথমখন ছেমি ফাইনেলত মালয়েছিয়াক ৩-১ত পৰাস্ত কৰে। 

india beats japan 2 0 semifinal will face china in final bihar womens asian champions trophy rajgir Champions Trophy: भारत ने जापान को हराकर फाइनल में बनाई जगह, हॉकी मुकाबले में 2-0 से दर्ज की शानदार जीत

এই চেম্পিয়নছ ট্ৰ’ফীৰ ভাৰত বনাম চীনৰ ফাইনেল খেলখন বিহাৰৰ ৰাজগীৰত ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব । জাপানৰ বিৰুদ্ধে ছেমি ফাইনেলৰ ৰোমাঞ্চকৰ খেলখনত নৱনীত কৌৰ আৰু লালৰেমছিয়ামীয়ে শেষ কোৱাৰ্টাৰত নিজৰ সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতীয় দলৰ জয় নিশ্চিত কৰে।


এই ছেমি ফাইনেল মেচখন ইমানেই ৰোমাঞ্চকৰ আছিল যে ১৫ মিনিটৰ প্ৰথম তিনিটা কোৱাৰ্টাৰত দলৰ একো বিশেষ প্ৰদৰ্শন নাছিল যদিও শেষৰ ১৫ মিনিটত জাপানৰ দলটোৰ অৱস্থা বেয়া কৰিলে ভাৰতীয় দলে। শেষৰ কোৱাৰ্টাৰ আৰম্ভ হোৱাৰ মাত্ৰ ২ মিনিট পিছতে ভাৰতে পেনাল্টি ষ্ট্ৰ’ক লাভ কৰে, যিটো নৱনীত কৌৰে গ’ললৈ ৰূপান্তৰিত কৰি ভাৰতীয় দলে ১-০ গ’লত অগ্ৰগতি লাভ কৰে। খেলখন শেষ হ’বলৈ মাত্ৰ ৪ মিনিট বাকী আছিল, ৫৬ মিনিটত লালৰেমচিয়ামীয়ে জাপানী গ’লৰক্ষকক ডজ কৰি এটা গ’ল দি ভাৰতক ২-০ গ’লত অগ্ৰগতি প্ৰদান কৰে।


এতিয়া মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতে চীনৰ বিৰুদ্ধে খেলিব। এই সংঘৰ্ষ অহা ২০ নৱেম্বৰত বিহাৰৰ ৰাজগীৰত সংঘটিত হ’ব। এফালে জাপানক ২-০ গ’লত পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে চীনে মালয়েছিয়াক ৩-১ গ’লত পৰাস্ত কৰি খিতাপৰ সংঘৰ্ষত প্ৰৱেশ কৰে।

মহিলা হকী এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত ভাৰতীয় দলটোৱে পঞ্চমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে আৰু ভাৰতীয় দলটোৱে বৰ্তমানলৈকে তিনিবাৰকৈ এই খিতাপ দখল কৰিছে। ২০২৩ চনত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলে ফাইনেলত জাপানক ৪-০ গ’লত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। যোৱা তিনিবাৰ তৃতীয় স্থানতে সন্তুষ্ট হ’বলগীয়া হৈছিল কিন্তু এইবাৰ অৱশেষত ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ পালে চীনে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ