--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাপানক ২-০ত পৰাস্ত কৰি মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। এতিয়া ভাৰতীয় দলে ফাইনেলত মুখামুখি হ’ব চীনৰ বিৰুদ্ধে, যিটো দলে প্ৰথমখন ছেমি ফাইনেলত মালয়েছিয়াক ৩-১ত পৰাস্ত কৰে। 

india beats japan 2 0 semifinal will face china in final bihar womens asian champions trophy rajgir Champions Trophy: भारत ने जापान को हराकर फाइनल में बनाई जगह, हॉकी मुकाबले में 2-0 से दर्ज की शानदार जीत

এই চেম্পিয়নছ ট্ৰ’ফীৰ ভাৰত বনাম চীনৰ ফাইনেল খেলখন বিহাৰৰ ৰাজগীৰত ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব । জাপানৰ বিৰুদ্ধে ছেমি ফাইনেলৰ ৰোমাঞ্চকৰ খেলখনত নৱনীত কৌৰ আৰু লালৰেমছিয়ামীয়ে শেষ কোৱাৰ্টাৰত নিজৰ সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতীয় দলৰ জয় নিশ্চিত কৰে।


এই ছেমি ফাইনেল মেচখন ইমানেই ৰোমাঞ্চকৰ আছিল যে ১৫ মিনিটৰ প্ৰথম তিনিটা কোৱাৰ্টাৰত দলৰ একো বিশেষ প্ৰদৰ্শন নাছিল যদিও শেষৰ ১৫ মিনিটত জাপানৰ দলটোৰ অৱস্থা বেয়া কৰিলে ভাৰতীয় দলে। শেষৰ কোৱাৰ্টাৰ আৰম্ভ হোৱাৰ মাত্ৰ ২ মিনিট পিছতে ভাৰতে পেনাল্টি ষ্ট্ৰ’ক লাভ কৰে, যিটো নৱনীত কৌৰে গ’ললৈ ৰূপান্তৰিত কৰি ভাৰতীয় দলে ১-০ গ’লত অগ্ৰগতি লাভ কৰে। খেলখন শেষ হ’বলৈ মাত্ৰ ৪ মিনিট বাকী আছিল, ৫৬ মিনিটত লালৰেমচিয়ামীয়ে জাপানী গ’লৰক্ষকক ডজ কৰি এটা গ’ল দি ভাৰতক ২-০ গ’লত অগ্ৰগতি প্ৰদান কৰে।


এতিয়া মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতে চীনৰ বিৰুদ্ধে খেলিব। এই সংঘৰ্ষ অহা ২০ নৱেম্বৰত বিহাৰৰ ৰাজগীৰত সংঘটিত হ’ব। এফালে জাপানক ২-০ গ’লত পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে চীনে মালয়েছিয়াক ৩-১ গ’লত পৰাস্ত কৰি খিতাপৰ সংঘৰ্ষত প্ৰৱেশ কৰে।

মহিলা হকী এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত ভাৰতীয় দলটোৱে পঞ্চমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে আৰু ভাৰতীয় দলটোৱে বৰ্তমানলৈকে তিনিবাৰকৈ এই খিতাপ দখল কৰিছে। ২০২৩ চনত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলে ফাইনেলত জাপানক ৪-০ গ’লত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। যোৱা তিনিবাৰ তৃতীয় স্থানতে সন্তুষ্ট হ’বলগীয়া হৈছিল কিন্তু এইবাৰ অৱশেষত ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ পালে চীনে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী