--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে ফ্লেট ক্ৰেতাৰ সৈতে হোৱা প্ৰৱঞ্চনাৰ অভিযোগত প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু আন কেইবাজনো লোকক দোষমুক্ত কৰাৰ নিৰ্দেশ স্থগিত ৰাখিছে৷ 

পূৰ্বে ৰিয়েল ইষ্টেট ফাৰ্ম ৰুদ্ৰ বিল্ডৱেল ৰিয়েলটি প্ৰাইভেট লিমিটেডৰ ফ্লেটৰ গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ গোচৰত গৌতম গম্ভীৰক নিৰ্দোষী বুলি আদালতে ৰায়দান কৰিছিল ৷ পিছে আদালতে প্ৰদান কৰা এই ৰায়দানক স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে ৷ ন্যায়াধীশ মনোজ কুমাৰ ওহৰিৰ বিচাৰপীঠে দিয়ে এই স্থগিতাদেশৰ নিৰ্দেশ ৷

गौतम गंभीर को लगा बड़ा झटका, धोखाधड़ी केस में नए सिरे से होगी जांच - Gautam  Gambhir Fraud Case Delhi Court Set Aside Discharge

গৌতম গম্ভীৰৰ নাম ব্যৱহাৰ কৰি বিনিয়োগকাৰীৰ পৰা লৈছিল ধন

কোম্পানীটোৱে ফ্লেট ক্ৰেতাসকলৰ পৰা প্ৰৱঞ্চনাৰে ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে । অৰ্থনৈতিক অপৰাধ শাখাই ফ্লেটত বিনিয়োগকাৰীসকলৰ অভিযোগৰ ওপৰত গোচৰ ৰুজু কৰিছে । অভিযোগ কৰা হৈছে যে, কোম্পানীটোৱে গৌতম গম্ভীৰৰ নামত বিনিয়োগকাৰীসকলৰ পৰা ধন লয় যদিও ফ্লেটৰ মালিকীস্বত্ব প্ৰদান কৰা নাছিল ৷ ফ্লেটৰ ক্ৰেতাসকলে অভিযোগ কৰিছে যে, তেওঁলোকে ২০১১ চনত গাজিয়াবাদৰ ইন্দিৰাপুৰমত কোম্পানীটোৰ এটা ৰিয়েল ইষ্টেট প্ৰকল্পত ফ্লেট বুক কৰিছিল ৷ কিন্তু তেওঁলোকে ফ্লেটবোৰ পোৱা নাছিল । দিল্লী আৰক্ষীৰ অভিযোগপত্ৰত কোৱা হৈছে যে, কোম্পানীটোৱে ২০১৩ চনৰ ৬ জুনত ক্ৰেতাসকলক ফ্লেটবোৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো ২০১৪ চনলৈকে দিয়া নাছিল ৷ ১৫ এপ্ৰিল ২০১৫ ত কৰ্তৃপক্ষই প্ৰকল্পটোৰ অনুমোদন বাতিল কৰে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ