--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে ফ্লেট ক্ৰেতাৰ সৈতে হোৱা প্ৰৱঞ্চনাৰ অভিযোগত প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু আন কেইবাজনো লোকক দোষমুক্ত কৰাৰ নিৰ্দেশ স্থগিত ৰাখিছে৷ 

পূৰ্বে ৰিয়েল ইষ্টেট ফাৰ্ম ৰুদ্ৰ বিল্ডৱেল ৰিয়েলটি প্ৰাইভেট লিমিটেডৰ ফ্লেটৰ গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ গোচৰত গৌতম গম্ভীৰক নিৰ্দোষী বুলি আদালতে ৰায়দান কৰিছিল ৷ পিছে আদালতে প্ৰদান কৰা এই ৰায়দানক স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে ৷ ন্যায়াধীশ মনোজ কুমাৰ ওহৰিৰ বিচাৰপীঠে দিয়ে এই স্থগিতাদেশৰ নিৰ্দেশ ৷

गौतम गंभीर को लगा बड़ा झटका, धोखाधड़ी केस में नए सिरे से होगी जांच - Gautam  Gambhir Fraud Case Delhi Court Set Aside Discharge

গৌতম গম্ভীৰৰ নাম ব্যৱহাৰ কৰি বিনিয়োগকাৰীৰ পৰা লৈছিল ধন

কোম্পানীটোৱে ফ্লেট ক্ৰেতাসকলৰ পৰা প্ৰৱঞ্চনাৰে ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে । অৰ্থনৈতিক অপৰাধ শাখাই ফ্লেটত বিনিয়োগকাৰীসকলৰ অভিযোগৰ ওপৰত গোচৰ ৰুজু কৰিছে । অভিযোগ কৰা হৈছে যে, কোম্পানীটোৱে গৌতম গম্ভীৰৰ নামত বিনিয়োগকাৰীসকলৰ পৰা ধন লয় যদিও ফ্লেটৰ মালিকীস্বত্ব প্ৰদান কৰা নাছিল ৷ ফ্লেটৰ ক্ৰেতাসকলে অভিযোগ কৰিছে যে, তেওঁলোকে ২০১১ চনত গাজিয়াবাদৰ ইন্দিৰাপুৰমত কোম্পানীটোৰ এটা ৰিয়েল ইষ্টেট প্ৰকল্পত ফ্লেট বুক কৰিছিল ৷ কিন্তু তেওঁলোকে ফ্লেটবোৰ পোৱা নাছিল । দিল্লী আৰক্ষীৰ অভিযোগপত্ৰত কোৱা হৈছে যে, কোম্পানীটোৱে ২০১৩ চনৰ ৬ জুনত ক্ৰেতাসকলক ফ্লেটবোৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো ২০১৪ চনলৈকে দিয়া নাছিল ৷ ১৫ এপ্ৰিল ২০১৫ ত কৰ্তৃপক্ষই প্ৰকল্পটোৰ অনুমোদন বাতিল কৰে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post