--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গৰম মানে ফলৰ বতৰ, বজাৰলৈ গ’লেই বহু ধৰণৰ ফল আমি দেখিবলৈ পাওঁ। জেঠ মাহৰ আৰম্ভণিতে পকা আম, লিচি, কঁঠাল, তৰমুজ আদি বহুতো ফল পোৱা যায়। অৱশ্যে এই সময়ত বজাৰত জাভা আপেলো দেখা যায়। জাভা আপেল বগা আৰু ৰঙা উভয় ধৰণৰ পোৱা যায়। অৱশ্যে বহুতে এই ফল খাবলৈ অনিহা প্ৰকাশ কৰে। অৱশ্যে ইয়াৰ কেইবাটাও স্বাস্থ্যসন্মত উপকাৰিতা আছে। যিটো আমি বহুতেই নাজানো।

 বিশেষজ্ঞসকলৰ মতে, জাভা আপেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। তদুপৰি ইয়াত ভিটামিন-‘চি’ থাকে। প্ৰতি ১০০ গ্ৰাম জাভা আপেলত ২২ মাইক্ৰ’গ্ৰাম ভিটামিন-‘চি’ পোৱা যায়। যিয়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। প্ৰতি ১০০ গ্ৰাম জাভা আপেলত ২৯ মিলিগ্ৰাম কেলছিয়াম থাকে। যিটো হাড় বা দাঁতৰ বাবে অতি প্ৰয়োজনীয়। শৰীৰত কেলছিয়ামৰ অভাৱ পূৰণ কৰিবলৈ জাভা আপেল অতি উপকাৰী।

 ১. ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে-

বিশেষজ্ঞৰ মতে, জাভা আপেলত আছে জাম্বোচিন। যিয়ে আমাৰ তেজত থকা ষ্টাৰচৰ পৰা চেনি তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই কাৰণে ডায়েবেটিছ ৰোগীয়েও জাভা আপেল খাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। জাভা আপেলত অধিক পৰিমাণে আঁহ থাকে যিয়ে খাদ্য হজম কৰাত সহায় কৰে। লগতে কোষ্ঠকাঠিন্যৰ সমস্যাও হ্ৰাস কৰে।

 ২. কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে-

ৰোগ নিৰাময়ত জাভা আপেলৰ বহুতো ঔষধি গুণ আছে। ইয়াত ভিটামিন-‘এ’ আৰু ‘চি’ থাকে। তদুপৰি ইয়াত প্ৰচুৰ পৰিমাণে সক্ৰিয় যৌগ থাকে। যিয়ে প্ৰষ্টেট আৰু স্তন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। জাভা আপেল খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। পেটৰ সমস্যাৰ বাবেও জাভা আপেল অতি উত্তম।

 ৩. হাড় মজবুত কৰাত সহায় কৰে-

শৰীৰত কেলছিয়ামৰ অভাৱ পূৰণ কৰিবলৈ জাভা আপেল খাব পাৰে। প্ৰতি ১০০ গ্ৰাম আপেলত প্ৰায় ২৯ মিলিগ্ৰাম কেলছিয়াম থাকে। হাড়ৰ স্বাস্থ্যৰ বাবে এই কেলছিয়াম অতি প্ৰয়োজনীয়। কিন্তু কিছুমান ফলমূলে বহু ৰোগ প্ৰতিৰোধৰ কাম কৰে। বিশেষজ্ঞসকলৰ মতে বতৰৰ ফলবোৰে আমাক বহু ৰোগৰ পৰা ৰক্ষা কৰে।

 ৪. হাইড্ৰেটেড কৰি ৰাখে আৰু পেটফুলা ৰোধ কৰে-

বিশেষজ্ঞসকলৰ মতে প্ৰতি ১০০ গ্ৰাম জাভা আপেলত ৯৩ গ্ৰাম পানী থাকে। যিয়ে শৰীৰত আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে। ইয়াত পৰ্যাপ্ত পৰিমাণৰ ডায়েটেৰী ফাইবাৰ থাকে, যিটো পেটফুলা আৰু ডায়েৰিয়া প্ৰতিৰোধ কৰাত বিশেষভাৱে ফলপ্ৰসূ। তদুপৰি আমাৰ বহুতৰে চকুৰ সমস্যা আছে। এই ফল চকুৰ বাবেও উপকাৰী কাৰণ ইয়াত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন পোৱা যায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ