--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গৰম মানে ফলৰ বতৰ, বজাৰলৈ গলেই বহু ধৰণৰ ফল আমি দেখিবলৈ পাওঁ। জেঠ মাহৰ আৰম্ভণিতে পকা আম, লিচি, কঁঠাল, তৰমুজ আদি বহুতো ফল পোৱা যায়। অৱশ্যে এই সময়ত বজাৰত জাভা আপেলো দেখা যায়। জাভা আপেল বগা আৰু ৰঙা উভয় ধৰণৰ পোৱা যায়। অৱশ্যে বহুতে এই ফল খাবলৈ অনিহা প্ৰকাশ কৰে। অৱশ্যে ইয়াৰ কেইবাটাও স্বাস্থ্যসন্মত উপকাৰিতা আছে। যিটো আমি বহুতেই নাজানো।

 বিশেষজ্ঞসকলৰ মতে, জাভা আপেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। তদুপৰি ইয়াত ভিটামিন-‘চি’ থাকে। প্ৰতি ১০০ গ্ৰাম জাভা আপেলত ২২ মাইক্ৰগ্ৰাম ভিটামিন-‘চি’ পোৱা যায়। যিয়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। প্ৰতি ১০০ গ্ৰাম জাভা আপেলত ২৯ মিলিগ্ৰাম কেলছিয়াম থাকে। যিটো হাড় বা দাঁতৰ বাবে অতি প্ৰয়োজনীয়। শৰীৰত কেলছিয়ামৰ অভাৱ পূৰণ কৰিবলৈ জাভা আপেল অতি উপকাৰী।

 ১. ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে-

বিশেষজ্ঞৰ মতে, জাভা আপেলত আছে জাম্বোচিন। যিয়ে আমাৰ তেজত থকা ষ্টাৰচৰ পৰা চেনি তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই কাৰণে ডায়েবেটিছ ৰোগীয়েও জাভা আপেল খাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। জাভা আপেলত অধিক পৰিমাণে আঁহ থাকে যিয়ে খাদ্য হজম কৰাত সহায় কৰে। লগতে কোষ্ঠকাঠিন্যৰ সমস্যাও হ্ৰাস কৰে।

 ২. কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে-

ৰোগ নিৰাময়ত জাভা আপেলৰ বহুতো ঔষধি গুণ আছে। ইয়াত ভিটামিন-‘এ’ আৰু ‘চি’ থাকে। তদুপৰি ইয়াত প্ৰচুৰ পৰিমাণে সক্ৰিয় যৌগ থাকে। যিয়ে প্ৰষ্টেট আৰু স্তন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। জাভা আপেল খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। পেটৰ সমস্যাৰ বাবেও জাভা আপেল অতি উত্তম।

 ৩. হাড় মজবুত কৰাত সহায় কৰে-

শৰীৰত কেলছিয়ামৰ অভাৱ পূৰণ কৰিবলৈ জাভা আপেল খাব পাৰে। প্ৰতি ১০০ গ্ৰাম আপেলত প্ৰায় ২৯ মিলিগ্ৰাম কেলছিয়াম থাকে। হাড়ৰ স্বাস্থ্যৰ বাবে এই কেলছিয়াম অতি প্ৰয়োজনীয়। কিন্তু কিছুমান ফলমূলে বহু ৰোগ প্ৰতিৰোধৰ কাম কৰে। বিশেষজ্ঞসকলৰ মতে বতৰৰ ফলবোৰে আমাক বহু ৰোগৰ পৰা ৰক্ষা কৰে।

 ৪. হাইড্ৰেটেড কৰি ৰাখে আৰু পেটফুলা ৰোধ কৰে-

বিশেষজ্ঞসকলৰ মতে প্ৰতি ১০০ গ্ৰাম জাভা আপেলত ৯৩ গ্ৰাম পানী থাকে। যিয়ে শৰীৰত আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে। ইয়াত পৰ্যাপ্ত পৰিমাণৰ ডায়েটেৰী ফাইবাৰ থাকে, যিটো পেটফুলা আৰু ডায়েৰিয়া প্ৰতিৰোধ কৰাত বিশেষভাৱে ফলপ্ৰসূ। তদুপৰি আমাৰ বহুতৰে চকুৰ সমস্যা আছে। এই ফল চকুৰ বাবেও উপকাৰী কাৰণ ইয়াত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন পোৱা যায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ