--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত গুড়ে প্ৰাচীন কালৰে পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমীয়া সমাজত খাদ্যসামগ্ৰী হিচাপে গুড় প্ৰয়োগৰ এক পুৰণি পৰম্পৰা আছে। লাল চাহ এবাতিৰ সৈতে মানুহে গুড় খোৱাৰ লগতে বিভিন্ন ধৰণৰ জা-জলপান,পিঠা-পনা আদিত ইয়াৰ প্ৰয়োগ ঘটাই খাদ্যসামগ্ৰীৰ সোৱাদ বৃদ্ধি কৰি আহিছে।

গুড় কফনাশক, ৰক্তবৰ্ধক, শক্তিবৰ্ধক, ৰুচিবৰ্ধক। গুড় ভিটামিন আৰু খনিজ বস্তুৰে ভৰপূৰ। গুড়ত প্ৰধানকৈ আইৰণ, কেলচিয়াম, ফছফৰাচ, মেগনেছিয়াম, পটাচিয়াম, ছডিয়াম আদি পোৱা যায়। গুড় উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয়।  দেশীয়ভাৱে প্ৰস্তুত কৰা বিশুদ্ধ গুড় অলপ ডাঠ ৰঙৰ হয়। মানুহৰ জীৱন উন্নত কৰাত গুড়ৰ বিশেষ ভূমিকা আছে। আহকচোন জানো গুড়ৰ উপকাৰিতাৰ বিষয়ে।

গুড়ৰ গুণাগুণ

১)গুড়ত চুক্ৰজ আৰু গ্লুকজ পোৱা যায়,যি শৰীৰ সঞ্চালিত কৰিবলৈ আৱশ্যকীয় খনিজ পদাৰ্থ তথা খাদ্যপ্ৰাণৰ এক ভাল উৎস। 

২)চেলেনিয়ামৰ লগতে এণ্টি অক্সিডেণ্ট হিচাপেও গুড়ৰ এক বিশেষ ভূমিকা আছে ।

৩)গুড়ত মেগনেছিয়াম যথেষ্ট পৰিমাণে পোৱা যায়,যি শৰীৰৰ মাংসপেশী,স্নায়ু আৰু ৰক্তবাহিকাবিলাকৰ অৱসাদ দূৰ কৰে ।

৪)নিয়মীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত অকণমান গুড় খাব পাৰিলে শৰীৰৰ পাচন প্ৰক্ৰিয়া উন্নত হয় ।

৫)ৰক্তহীনতা ৰোগত ভুক্তভোগী ব্যক্তিসকলৰ বাবে গুড় বিশেষভাৱে উপকাৰী। ই শৰীৰত কমি যোৱা হিমগ্লবিমৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে ।

৬)গুড়ে কাহ, হাপানী, অজীৰ্ণ, মাইগ্ৰেন তথা ইয়াৰ দৰে অনেক স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈ সহায় কৰে।
 ৭)শাৰীৰিক দূৰ্বলতাৰ সময়ত ই সোনকালে শক্তি প্ৰদান কৰে ।

৮)স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈ ই শক্তি প্ৰদান কৰে। 

৯)ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদ মতে গুড় হাঁ‌ওফাওঁ‌ আৰু গলৰ বাবে অত্যন্ত লাভদায়ক।

১০)গুড়ত ফছফৰাচ থাকে বাবে কফৰ প্ৰভাৱত থকাসকলৰ কাৰণে গুড় অতি উপকাৰী।

১১)গুড়ত আইৰণ থাকে আৰু সেইকাৰণে গুড় এনিমিয়া ৰোগ নিৰাময়ত সহায়ক।

১২)বিভিন্ন খাদ্যৰ কুপ্ৰভাৱত শৰীৰত জমা হোৱা বিষাক্ত দ্ৰব্যবোৰ বাহিৰ কৰাত গুড়ে সহায় কৰে।

১৩)আয়ুৰ্বেদ মতে কফৰ দোষৰ বাবেই শৰীৰত মেদ জমা হয়। গতিকে মেদ হ্ৰাস কৰিবলৈ চেনিৰ সলনি গুড় খোৱাৰ অভ্যাস কৰিলে সুফল পোৱা যায়। 

১৪)গুড়ত কেলচিয়াম থাকে বাবে গুড় খালে হাড় মজবুত হয়।

১৫)গুড়ে তেজ পৰিষ্কাৰ কৰি কলেষ্টৰেল নিয়ন্ত্ৰণত সহায় কৰে। উচ্চ ৰক্তচাপ, হাৰ্টৰ ৰোগীৰ বাবে চেনিৰ সলনি গুড় খোৱাটো লাভজনক।

খাটি গুড় কেনেকৈ চিনিব?

গুড় কুঁহিয়াৰৰ পৰা প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয় আৰু ইয়াৰ প্ৰস্তুতকৰণ প্ৰণালীত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ নঘটে, যাৰ দ্বাৰা ই নিজৰ মূল গুণ নেহেৰুৱায় আৰু খনিজ লৱণৰ দৰে পোষক পদাৰ্থৰে সংযুক্ত হৈ থাকে। অৱশ্যে গুড়ো আজিকালি কিছুমান অসাধু লোকে ভেজাল কৰে সেয়ে গুড় ক্ৰয় কৰাৰ সময়ত ইয়াৰ বিশুদ্ধতাৰ ওপৰত লক্ষ্য ৰখা উচিত।

খাটি গুড় দেখাত তামবৰণীয়া বা চকলেট বৰণৰ হয়। দেখাত অলপ অপৰিষ্কাৰ যেন লাগে। খাটি গুড় অলপ টান হয় আৰু বহুদিন ৰাখি থলেও সহজতে গলি নাযায়। আনহাতে ভেজাল গুড় দেখাত পৰিষ্কাৰ হয়, অলপ পাতলীয়া বৰণৰ হয় আৰু সহজে গলি যায়। গতিকে, বজাৰত গুড় কিনোতে সদায় এই কথাখিনিৰ ওপৰত গুৰুত্ব দিব লাগে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
ইতিহাস হ'ল জুবিন
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
'নিউয়র্ক টাইমছ'ৰ বিৰুদ্ধে ট্রাম্পৰ মানহানিৰ গোচৰ
জীৱনদায়িনী ঔষধ অধিক দামত বিক্ৰী কৰিলে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব চৰকাৰে
অৰুণাচলত নতুন প্ৰজাতিৰ অৰ্কিড আৱিষ্কাৰ
চুলি দ্ৰুতভাৱে গজাব বিচাৰে নেকি? এই প্ৰটিনযুক্ত খাদ্যসমূহ আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক
গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘোচ লোৱাৰ অভিযোগত লাট মণ্ডলক গ্ৰেপ্তাৰ
৭২ বছৰীয়া দৰা, ২৭ বছৰীয়া কইনা; জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ ইউক্ৰেইনৰ বাসিন্দা
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?