--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত গুড়ে প্ৰাচীন কালৰে পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমীয়া সমাজত খাদ্যসামগ্ৰী হিচাপে গুড় প্ৰয়োগৰ এক পুৰণি পৰম্পৰা আছে। লাল চাহ এবাতিৰ সৈতে মানুহে গুড় খোৱাৰ লগতে বিভিন্ন ধৰণৰ জা-জলপান,পিঠা-পনা আদিত ইয়াৰ প্ৰয়োগ ঘটাই খাদ্যসামগ্ৰীৰ সোৱাদ বৃদ্ধি কৰি আহিছে।

গুড় কফনাশক, ৰক্তবৰ্ধক, শক্তিবৰ্ধক, ৰুচিবৰ্ধক। গুড় ভিটামিন আৰু খনিজ বস্তুৰে ভৰপূৰ। গুড়ত প্ৰধানকৈ আইৰণ, কেলচিয়াম, ফছফৰাচ, মেগনেছিয়াম, পটাচিয়াম, ছডিয়াম আদি পোৱা যায়। গুড় উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয়।  দেশীয়ভাৱে প্ৰস্তুত কৰা বিশুদ্ধ গুড় অলপ ডাঠ ৰঙৰ হয়। মানুহৰ জীৱন উন্নত কৰাত গুড়ৰ বিশেষ ভূমিকা আছে। আহকচোন জানো গুড়ৰ উপকাৰিতাৰ বিষয়ে।

গুড়ৰ গুণাগুণ

১)গুড়ত চুক্ৰজ আৰু গ্লুকজ পোৱা যায়,যি শৰীৰ সঞ্চালিত কৰিবলৈ আৱশ্যকীয় খনিজ পদাৰ্থ তথা খাদ্যপ্ৰাণৰ এক ভাল উৎস। 

২)চেলেনিয়ামৰ লগতে এণ্টি অক্সিডেণ্ট হিচাপেও গুড়ৰ এক বিশেষ ভূমিকা আছে ।

৩)গুড়ত মেগনেছিয়াম যথেষ্ট পৰিমাণে পোৱা যায়,যি শৰীৰৰ মাংসপেশী,স্নায়ু আৰু ৰক্তবাহিকাবিলাকৰ অৱসাদ দূৰ কৰে ।

৪)নিয়মীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত অকণমান গুড় খাব পাৰিলে শৰীৰৰ পাচন প্ৰক্ৰিয়া উন্নত হয় ।

৫)ৰক্তহীনতা ৰোগত ভুক্তভোগী ব্যক্তিসকলৰ বাবে গুড় বিশেষভাৱে উপকাৰী। ই শৰীৰত কমি যোৱা হিমগ্লবিমৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে ।

৬)গুড়ে কাহ, হাপানী, অজীৰ্ণ, মাইগ্ৰেন তথা ইয়াৰ দৰে অনেক স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈ সহায় কৰে।
 ৭)শাৰীৰিক দূৰ্বলতাৰ সময়ত ই সোনকালে শক্তি প্ৰদান কৰে ।

৮)স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈ ই শক্তি প্ৰদান কৰে। 

৯)ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদ মতে গুড় হাঁ‌ওফাওঁ‌ আৰু গলৰ বাবে অত্যন্ত লাভদায়ক।

১০)গুড়ত ফছফৰাচ থাকে বাবে কফৰ প্ৰভাৱত থকাসকলৰ কাৰণে গুড় অতি উপকাৰী।

১১)গুড়ত আইৰণ থাকে আৰু সেইকাৰণে গুড় এনিমিয়া ৰোগ নিৰাময়ত সহায়ক।

১২)বিভিন্ন খাদ্যৰ কুপ্ৰভাৱত শৰীৰত জমা হোৱা বিষাক্ত দ্ৰব্যবোৰ বাহিৰ কৰাত গুড়ে সহায় কৰে।

১৩)আয়ুৰ্বেদ মতে কফৰ দোষৰ বাবেই শৰীৰত মেদ জমা হয়। গতিকে মেদ হ্ৰাস কৰিবলৈ চেনিৰ সলনি গুড় খোৱাৰ অভ্যাস কৰিলে সুফল পোৱা যায়। 

১৪)গুড়ত কেলচিয়াম থাকে বাবে গুড় খালে হাড় মজবুত হয়।

১৫)গুড়ে তেজ পৰিষ্কাৰ কৰি কলেষ্টৰেল নিয়ন্ত্ৰণত সহায় কৰে। উচ্চ ৰক্তচাপ, হাৰ্টৰ ৰোগীৰ বাবে চেনিৰ সলনি গুড় খোৱাটো লাভজনক।

খাটি গুড় কেনেকৈ চিনিব?

গুড় কুঁহিয়াৰৰ পৰা প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয় আৰু ইয়াৰ প্ৰস্তুতকৰণ প্ৰণালীত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ নঘটে, যাৰ দ্বাৰা ই নিজৰ মূল গুণ নেহেৰুৱায় আৰু খনিজ লৱণৰ দৰে পোষক পদাৰ্থৰে সংযুক্ত হৈ থাকে। অৱশ্যে গুড়ো আজিকালি কিছুমান অসাধু লোকে ভেজাল কৰে সেয়ে গুড় ক্ৰয় কৰাৰ সময়ত ইয়াৰ বিশুদ্ধতাৰ ওপৰত লক্ষ্য ৰখা উচিত।

খাটি গুড় দেখাত তামবৰণীয়া বা চকলেট বৰণৰ হয়। দেখাত অলপ অপৰিষ্কাৰ যেন লাগে। খাটি গুড় অলপ টান হয় আৰু বহুদিন ৰাখি থলেও সহজতে গলি নাযায়। আনহাতে ভেজাল গুড় দেখাত পৰিষ্কাৰ হয়, অলপ পাতলীয়া বৰণৰ হয় আৰু সহজে গলি যায়। গতিকে, বজাৰত গুড় কিনোতে সদায় এই কথাখিনিৰ ওপৰত গুৰুত্ব দিব লাগে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ