--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘টেষ্টোষ্টেৰণ’- হৈছে পুৰুষৰ শৰীৰত পোৱা এক যৌন হৰমন। এই হৰমন যৌনকাৰ্য, হাড় আৰু পেশীৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। বয়স বৃদ্ধিৰ লগে লগে টেষ্টোষ্টেৰণৰ স্তৰো হ্ৰাস পাবলৈ আৰম্ভ কৰে। কিছুমান চিকিৎসাজনিত পাৰ্শ্বক্ৰিয়া আৰু অস্বাস্থ্যকৰ জীৱনশৈলীয়েও এই হৰমনক প্ৰভাৱিত কৰিব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, কিছুমান বিশেষ খাদ্যসামগ্ৰী গ্ৰহণ কৰিলে শৰীৰত টেষ্টোষ্টেৰণ উৎপাদন বৃদ্ধি হোৱাৰ লগতে বৃদ্ধি হয় যৌনশক্তি …
জানো আহক কি কি আছে এই খাদ্যৰ তালিকাত-


টুনা মাছ : টুনা মাছত অধিক পৰিমাণে ভিটামিন ডি পোৱা যায়। আৰু টুনা মাছ হৃদযন্ত্ৰৰ বাবেও উপকাৰী। ইয়াৰ উপৰি ছালমন, চাৰ্ডিন আৰু ছেল মাছেও টেষ্টোষ্টেৰণ বৃদ্ধি কৰে। আপুনি ইয়াক সপ্তাহত ২-৩ বাৰকৈ খাব পাৰে।
গাখীৰ : গাখীৰ হৈছে প্ৰ’টিন আৰু কেলচিয়ামৰ এক উৎস। হাড় শক্তিশালী কৰাৰ উপৰি পুৰুষসকলৰ টেষ্টোষ্টেৰণো বৃদ্ধি কৰে গাখীৰে।


কণী : কণীৰ কুহুমতো যথেষ্ট পৰিমাণে ভিটামিন ডি থাকে। অৱশ্যে, ই কিছু পৰিমাণে কলেষ্টেৰল বৃদ্ধিতো অৰিহনা যোগায় কৰে। কণীয়ে টেষ্টোষ্টেৰণৰ পৰিমাণ নিম্নগামী হোৱাত বাধা প্ৰদান কৰে।
বীন : পুৰুষৰ হৰমন সম্পৰ্কীয় সমস্যাই দেখা দিলে বীন খাব লাগে। বীন পুৰুষৰ বাবে বহুতো উপকাৰী খাদ্য।
আদা : অতীজৰেপৰা আদা খাদ্য বা ঔষধী দ্ৰব্য হিচাপে ব্যৱহাৰ হৈ আহিছে। ২০১২ বৰ্ষৰ এক গৱেষণা অনুসৰি, আদা গছৰ শিপাই পুৰুষৰ উৰ্বৰতা শক্তি উন্নত কৰে।
ডালিম : যৌনকাংক্ষা আৰু সক্ষমতা বৃদ্ধিত ভিটামিন আৰু এণ্টি অক্সিডেণ্টযুক্ত খাদ্যৰ বিশেষ ভূমিকা আছে। সেয়ে ডালিম শৰীৰৰ বাবে যথেষ্ট উপকাৰী। ইয়াৰ এণ্টি অক্সিডেণ্টবোৰ হৃদযন্ত্ৰৰ বাবেও অতি প্ৰয়োজনীয়। ডালিমে মনৰ চাপ হ্ৰাস কৰাতো সহায় কৰে। ফলত উন্নত হয় যৌনশক্তি ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত