--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘টেষ্টোষ্টেৰণ’- হৈছে পুৰুষৰ শৰীৰত পোৱা এক যৌন হৰমন। এই হৰমন যৌনকাৰ্য, হাড় আৰু পেশীৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। বয়স বৃদ্ধিৰ লগে লগে টেষ্টোষ্টেৰণৰ স্তৰো হ্ৰাস পাবলৈ আৰম্ভ কৰে। কিছুমান চিকিৎসাজনিত পাৰ্শ্বক্ৰিয়া আৰু অস্বাস্থ্যকৰ জীৱনশৈলীয়েও এই হৰমনক প্ৰভাৱিত কৰিব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, কিছুমান বিশেষ খাদ্যসামগ্ৰী গ্ৰহণ কৰিলে শৰীৰত টেষ্টোষ্টেৰণ উৎপাদন বৃদ্ধি হোৱাৰ লগতে বৃদ্ধি হয় যৌনশক্তি …
জানো আহক কি কি আছে এই খাদ্যৰ তালিকাত-


টুনা মাছ : টুনা মাছত অধিক পৰিমাণে ভিটামিন ডি পোৱা যায়। আৰু টুনা মাছ হৃদযন্ত্ৰৰ বাবেও উপকাৰী। ইয়াৰ উপৰি ছালমন, চাৰ্ডিন আৰু ছেল মাছেও টেষ্টোষ্টেৰণ বৃদ্ধি কৰে। আপুনি ইয়াক সপ্তাহত ২-৩ বাৰকৈ খাব পাৰে।
গাখীৰ : গাখীৰ হৈছে প্ৰ’টিন আৰু কেলচিয়ামৰ এক উৎস। হাড় শক্তিশালী কৰাৰ উপৰি পুৰুষসকলৰ টেষ্টোষ্টেৰণো বৃদ্ধি কৰে গাখীৰে।


কণী : কণীৰ কুহুমতো যথেষ্ট পৰিমাণে ভিটামিন ডি থাকে। অৱশ্যে, ই কিছু পৰিমাণে কলেষ্টেৰল বৃদ্ধিতো অৰিহনা যোগায় কৰে। কণীয়ে টেষ্টোষ্টেৰণৰ পৰিমাণ নিম্নগামী হোৱাত বাধা প্ৰদান কৰে।
বীন : পুৰুষৰ হৰমন সম্পৰ্কীয় সমস্যাই দেখা দিলে বীন খাব লাগে। বীন পুৰুষৰ বাবে বহুতো উপকাৰী খাদ্য।
আদা : অতীজৰেপৰা আদা খাদ্য বা ঔষধী দ্ৰব্য হিচাপে ব্যৱহাৰ হৈ আহিছে। ২০১২ বৰ্ষৰ এক গৱেষণা অনুসৰি, আদা গছৰ শিপাই পুৰুষৰ উৰ্বৰতা শক্তি উন্নত কৰে।
ডালিম : যৌনকাংক্ষা আৰু সক্ষমতা বৃদ্ধিত ভিটামিন আৰু এণ্টি অক্সিডেণ্টযুক্ত খাদ্যৰ বিশেষ ভূমিকা আছে। সেয়ে ডালিম শৰীৰৰ বাবে যথেষ্ট উপকাৰী। ইয়াৰ এণ্টি অক্সিডেণ্টবোৰ হৃদযন্ত্ৰৰ বাবেও অতি প্ৰয়োজনীয়। ডালিমে মনৰ চাপ হ্ৰাস কৰাতো সহায় কৰে। ফলত উন্নত হয় যৌনশক্তি ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ